শুম্ভ আৰু নিশুম্ভশুম্ভ আৰু নিশুম্ভ হৈছে হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত দুটা অসুৰ। এই বিষয়ে দেৱী মাহাত্ম্যত উল্লেখ আছে। তেওঁলোকৰ কিংবদন্তীত, তেওঁলোকক কৌশিকী দেৱীয়ে হত্যা কৰিছিল। কিংবদন্তিদেৱী মাহাত্ম্যৰ পঞ্চম অধ্যায়ত শুম্ভ আৰু নিশুম্ভৰ কাহিনী আৰম্ভ হয়। দুৰ্গাই বৰ্ণনা কৰে যে- কেনেকৈ দুজন অসুৰ ভাতৃয়ে নিজকে কঠোৰ তপস্যা আৰু শুদ্ধিকৰণৰ আচাৰ-নীতিৰ মাজেৰে ত্ৰিজগত জয় কৰিবলৈ চেষ্টা কৰিছিল যাতে কোনো মানৱ-দেৱ বা অসুৰে সেইবোৰ ধ্বংস কৰিব নোৱাৰে। [1] শুম্ভ আৰু নিশুম্ভই পবিত্ৰ স্থান পূষ্কৰলৈ যাত্ৰা কৰি তাতেই দহ হাজাৰ বছৰ প্ৰাৰ্থনাত মগ্ন হৈ থাকিল। সৃষ্টিৰ দেৱতা ব্ৰহ্মাই দুয়োভাতৃৰ তপস্যা দেখি, তেওঁলোকে বিচৰা বৰদান দি সন্তুষ্ট হ’ল। [2] শুম্ভৰ সেৱাত নিয়োজিত দুজন অসুৰ চণ্ড আৰু মুণ্ড (এওঁলোকৰ আসুৰিক গুণ কম বুলি জনা যায়) দেৱী দুৰ্গাৰ মুখামুখি হৈছিল আৰু তেওঁৰ সৌন্দৰ্যত অভিভূত হৈছিল। তেওঁলোকে শুম্ভৰ ওচৰত এই দেৱীৰ বৰ্ণনা কৰিছিল আৰু দেৱীৰ ৰূপত মোহিত হৈ শুম্ভই দুৰ্গাক অধিকাৰ কৰিবলৈ বিচাৰিছিল। শুম্ভই অসুৰ সুগ্ৰীৱক পাৰ্বতীৰ দৰবাৰলৈ পঠিয়াইছিল, কিন্তু তেওঁ সুগ্ৰীৱৰ আগমন নাকচ কৰিছিল। তেতিয়া অসুৰ ভাতৃদ্বয়ে সিদ্ধান্ত লৈছিল যে যদি পাৰ্বতী স্বেচ্ছাই নাহে, তেন্তে তেওঁলোকে তেওঁক অপহৰণ কৰিব লাগিব। প্ৰথমে, অসুৰ ধুম্ৰলোচন আৰু তেওঁৰ ষাঠি হাজাৰ অসুৰৰ সৈন্যক পাৰ্বতীক অপহৰণ কৰিবলৈ পঠোৱা হৈছিল। দুৰ্গাৰ পৰা সৃষ্টিহোৱা বিভিন্ন দেৱীৰ ৰূপসমূহে সমগ্ৰ এই অসুৰৰ সৈন্যবাহিনীক হত্যা কৰিছিল। ইয়াৰ পিছত অসুৰ চণ্ড আৰু মুণ্ডক নিয়োজিত কৰা হৈছিল, কিন্তু দেৱীয়ে দুয়োকে ধ্বংস কৰিছিল।[3] ৰক্তবীজক পৰৱৰ্তী সময়ত পঠোৱা হৈছিল, আৰু কালী দেৱীয়ে তেওঁক হত্যা কৰিছিল। মৃত্যুএই সংঘৰ্ষৰ পিছত, শুম্ভ আৰু নিশুম্ভৰ ওচৰত পাৰ্বতীয়ে পোনপটীয়াকৈ যুঁজ দিয়াৰ বাহিৰে কোনো বিকল্প নাছিল। যদিও ব্ৰহ্মাৰ আশীৰ্বাদে ভাতৃদ্বয়ক মানুহ আৰু ৰাক্ষসৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল, কিন্তু দেৱীৰ বিৰুদ্ধে এনে কোনো সুৰক্ষা কৱচ নাছিল। পাৰ্বতীৰ সিংহক আক্ৰমণ কৰাৰ পিছত প্ৰথমেই নিশুম্ভৰ মৃত্যু হয়।[4] ভাতৃৰ মৃত্যু দেখি, শুম্বই খঙত পাৰ্বতীক অনুসৰণ কৰিছিল, কিন্তু অৱশেষত দেৱীৰ ত্ৰিশূলৰ দ্বাৰা নিশুম্ভ দুটা খণ্ডত বিভক্ত হৈ পৰিছিল। শুম্ভ আৰু নিশুম্ভৰ মৃত্যুৰ লগে লগে, ত্ৰিজগত তেওঁলোকৰ সাধাৰণ অৱস্থালৈ ঘূৰি আহিছিল।[5] জনপ্ৰিয় সংস্কৃতিতজন ষ্ট্ৰেটন হাউলী আৰু ডোনা মেৰী ৱুলফৰ দৰে কোনো কোনোৱে শুম্ভ আৰু নিশুম্ভক অহংকাৰ আৰু গৌৰৱৰ প্ৰতীক হিচাপে দেখে যিটো অৱশেষত পাৰ্বতীৰ নম্ৰতা আৰু প্ৰজ্ঞাৰ দ্বাৰা পৰাজিত হয়।[6] শশী থাৰুৰৰ ব্যংগাত্মক উপন্যাস ''দ্য গ্ৰেট ইণ্ডিয়ান নভেল''ত, শুম্ভ আৰু নিশুম্ভৰ কাহিনীটো প্ৰলোভনৰ বিপদৰ বিৰুদ্ধে সতৰ্কবাণী হিচাপে আৰু পাঁচজন পাণ্ডৱৰ মাজৰ সম্পৰ্কৰ পতনৰ ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে।[7] শুম্ভ-নিশুম্ভ নামৰ এখন কানাড়া চলচ্চিত্ৰৱো আছে আৰু ইয়াত অসুৰ আৰু পাৰ্বতীৰ কাহিনী কোৱা হৈছে। লগতে চাওকতথ্যসূত্ৰসমূহ
বাহ্যিক সংযোগসমূহ |
Portal di Ensiklopedia Dunia