শুক্ৰ গ্ৰহ
শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এই পাৰ্থিৱ গ্ৰহটোক অনেক সময়ত পৃথিৱীৰ "ভনী গ্ৰহ" বুলি আখ্যায়িত কৰা হয়, কাৰণ পৃথিৱী আৰু শুক্ৰৰ মাজত গাঠনিক উপাদান আৰু আচাৰ আচৰণ বহুতো সাদৃশ্য আছে। এই গ্ৰহটো আগতে যেতিয়া পৃথিৱীৰ আকাশত দেখা গৈছিল তেতিয়া তাক "লুছিফাৰ" বা "চয়তান" নামেৰে নামকৰণ কৰিছিল। নামশুক্ৰ গ্ৰহৰ লেটিন নামকৰণ কৰা হৈছে ৰোমান প্ৰেমৰ দেৱী ভেনাছ (Venus, লেটিনত: উয়েনুস্, ইংৰাজীত: ভীনাস্) নামানুসাৰে। পৌৰাণিক কাহিনীতে ভেনাছ (শুক্ৰ) ভালকানৰ স্ত্ৰী আৰু দেৱপুত্ৰ কিউপিড আৰু দৈনিয়্যাছেৰ মাতৃ। বৰ্তমানত শুক্ৰৰ বিশেষণ হিচাপে ইংৰাজীত ভেনুছইয়ান (Venusian) শব্দটি ব্যৱহৃত হয়। কিন্তু ইয়াৰ লেটিন বিশেষণ হৈছে উয়েনেৰেয়াল্ (Venereal), ইংৰাজী উচ্চাৰণত ভেনিৰিয়্যাল্ যিটো আধুনিক ইংৰাজী ভাষাত যৌনৰোগ বোধক শব্দ হিচাপে ব্যৱহৃত হয়। এই বাবে ভেনিৰিয়্যাল শব্দটো ইয়াৰ বিশেষণ হিচাপে ইয়াত ব্যৱহাৰ নহয়। অনেক জ্যোতিৰ্বিজ্ঞানীয়ে এই গ্ৰহৰ নামৰ বিশেষণ হিচাপে "সিথাৰিয়ান" (Cytherean) শব্দটি ব্যৱহাৰ কৰে যিটো "গ্ৰীক পুৰাণ"ত উল্লিখিত দেৱী "আফ্ৰোদিতি"ৰ অন্য নাম সিথাৰিয়াৰ পৰা আহিছে। ইয়াৰ বাদেও আৰু অনেক বিশেষণ হৈছে: ভেনাৰিয়ান (Venerean, Venarian), ভেনাৰান (Veneran) ইত্যাদি। চৈনিক, জাপানী, কোৰিয়া আৰু ভিয়েতনামিজ সংস্কৃতত এই গ্ৰহৰ নাম ধাতব তৰা (金星) বোলা হয় যিটো পৃথিৱী সৃষ্টিকাৰী পাঁচটি মৌলিক উপাদানৰ নামৰ পৰা উচ্চাৰিত। বহিঃসংযোগ
|
Portal di Ensiklopedia Dunia