প্লুটো
প্লুটো (সৰু গ্ৰহ পদবী: ১৩৪৩৪০ প্লুটো; প্ৰতীক: [3] এবং [4]) হৈছে কুইপাৰ বেল্টৰ এটা বাওনা গ্ৰহ। কুইপাৰ বেল্টৰ হৈছে নেপচুনৰ কক্ষপথৰ বাহিৰৰ বহু গ্ৰহাণুপুঞ্জৰ এক সমষ্টি বা আঙঠি। এইটো আৱিষ্কাৰ হোৱা প্ৰথম আৰু আটাইতকৈ ডাঙৰ কুইপাৰ বেল্ট বস্তু আছিল। প্লুটোক ১৯৩০ খৃষ্টাব্দৰ ২৩ জানুৱাৰীত বিজ্ঞানী ক্লাইড ডব্লিউ টমবাউয়ে এই গ্ৰহাণুক আৱিষ্কাৰ কৰিছিল। ১৯৩০ চনত প্লুটো আৱিষ্কাৰ হোৱাৰ পিছত, ইয়াক সূৰ্যৰ পৰা নৱম গ্ৰহ বুলি ঘোষণা কৰা হয়। ১৯৯০-ৰ দশকৰ আৰম্ভণিতে, কুইপাৰ বেল্ট আৰু বাওনা গ্ৰহ এৰিছকে ধৰি একে আকাৰৰ কেইবাটাও বস্তু আৱিষ্কাৰ হোৱাৰ পিছত গ্ৰহ হিচাপে ইয়াৰ স্থিতি ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল। ইয়াৰ ফলত ২০০৬ চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘই (আই.এ.ইউ.) আনুষ্ঠানিকভাৱে "গ্ৰহ" শব্দটোৰ সংজ্ঞা নিৰ্ধাৰণ কৰে - প্লুটোক বাদ দিয়ে আৰু ইয়াক বাওনা গ্ৰহ হিচাপে শ্ৰেণীবদ্ধ কৰে। প্লুটো হৈছে সূৰ্যক পোনপটীয়াকৈ প্ৰদক্ষিণ কৰা নৱম সৰ্ববৃহৎ আৰু দশম সৰ্বাবৃহত জ্ঞাত বস্তু। ই আয়তন অনুসৰি আটাইতকৈ ডাঙৰ জ্ঞাত ট্ৰেন্স-নেপ্সুনিয়ান অবজেক্ট (দুৰত্ব হিচাপে সূৰ্যৰ পৰা নেপচুন গ্ৰহৰ পিচত থকা বস্তু) কিন্তু এৰিছতকৈ সৰু। অন্যান্য কুইপাৰ বেল্ট বস্তুৰ দৰে, প্লুটো মুখ্যতঃ বৰফ আৰু শিলেৰে নিৰ্মিত আৰু তুলনামূলকভাৱে সৰু – চন্দ্ৰৰ ভৰৰ এক-ষষ্ঠাংশ আৰু ইয়াৰ আয়তনৰ এক-তৃতীয়াংশ। ইয়াৰ এক মধ্যমীয়া বৃত্তকাৰ আৰু হেলনীয়া কক্ষপথ আছে য'ত ই সূৰ্যৰ পৰা ৩০ ৰ পৰা ৪৯ জ্যোতিৰ্বৈজ্ঞানিক একক বা এ.ইউ. (৪.৪-৭.৪ বিলিয়ন কিমি)ৰ ভিতৰত থাকে। ইয়াৰ অৰ্থ হৈছে যে প্লুটো সময়ে সময়ে নেপচুনতকৈ সূৰ্যৰ ওচৰলৈ আহে, কিন্তু নেপচুনৰ সৈতে এক স্থিৰ কক্ষীয় অনুৰণ কৰা বাবে ইহঁত দুটাৰ মাজত সংঘৰ্ষ নহয়। সূৰ্যৰ পোহৰে ইয়াৰ গড় দূৰত্বত (৩৯.৫ এ.ইউ.) প্লুটো পাবলৈ ৫.৫ ঘণ্টা সময় লয়। প্লুটোত পাঁচটা জ্ঞাত উপগ্ৰহ আছে : চেৰন (আটাইতকৈ ডাঙৰ, যাৰ ব্যাস প্লুটোৰ আধাতকৈ বেছি), ষ্টাইক্স, নিক্স, কেৰ্বেৰোচ আৰু হাইড্ৰা। প্লুটো আৰু চেৰনক কেতিয়াবা বাইনাৰী প্ৰণালী বুলি গণ্য কৰা হয় কিয়নো তেওঁলোকৰ কক্ষপথৰ বেৰিচেণ্টাৰ (barycentre) কোনো এটাৰে কক্ষপথৰ ভিতৰত নপৰে। নিউ হৰাইজনছ মহাকাশযানে ১৪ জুলাই, ২০১৫ তাৰিখে প্লুটোৰ কাষেৰে পাৰ হৈ (ফ্লাইবাই) গৈছিল, যি এনে কৰা প্ৰথম আৰু আজিলৈকে একমাত্ৰ মহাকাশযান হিচাপে পৰিগণিত হৈছে। ইয়াৰ সংক্ষিপ্ত ফ্লাইবাইৰ সময়ত, নিউ হৰাইজনছে প্লুটো আৰু ইয়াৰ উপগ্ৰহৰ বিতং জোখ আৰু পৰ্যৱেক্ষণ কৰিছিল। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জ্যোতিৰ্বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে চেৰনৰ উত্তৰ মেৰুৰ ৰঙা-মুগা টুপীটো থোলিন (tholin), জৈৱিক মেক্ৰোমলিকিউলৰ দ্বাৰা গঠিত যি জীৱনৰ উদ্ভৱৰ উপাদান হ'ব পাৰে, আৰু ই প্লুটোৰ বায়ুমণ্ডলৰ পৰা নিৰ্গত মিথেন, নাইট্ৰজেন আৰু অন্যান্য গেছৰ পৰা উৎপন্ন হৈ ১৯,০০০ কিমি (১২,০০০ মাইল) দূৰৰ কক্ষপথত থকা উপগ্ৰহটোলৈ স্থানান্তৰিত হয়। প্লুটো গ্ৰহটোক সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ সময় লাগে [পৃথিৱীৰ তুলনাত] ২৪৮ বছৰ। সূৰ্য ৰ পৰা প্লুটোৰ গড় দূৰত্ব প্ৰায় ৬০০ কোটি কিলোমিটাৰ। কক্ষপথত প্লুটোৰ গতি মাত্ৰ ৪.৭ কিলোমিটাৰ। ইয়াৰ ব্যাস প্ৰায় ৩০০০ কিলোমিটাৰ। প্লুটোত প্ৰচুৰ পৰিমাণে মিথেন গেছ আছে। কিছুসংখ্যক বিজ্ঞানীয়ে মতপোষণ কৰে যে প্লুটো গ্ৰহটো এসময়ত নেপচুনৰ এটা উপগ্ৰহ আছিল। আৱিষ্কাৰ১৮৪০ ৰ দশকত, উৰবাইন লে ভেৰিয়াৰে ইউৰেনাছৰ কক্ষপথত বিচলিততা বিশ্লেষণ কৰাৰ পিছত তেতিয়াৰ আৱিষ্কৃত গ্ৰহ নেপচুনৰ অৱস্থানৰ পূৰ্বানুমান কৰিবলৈ নিউটনীয় বলবিজ্ঞান ব্যৱহাৰ কৰিছিল। উনবিংশ শতিকাৰ শেষৰ ফালে নেপচুনৰ পৰৱৰ্তী পৰ্যৱেক্ষণৰ ফলত জ্যোতিৰ্বিজ্ঞানীসকলে অনুমান কৰিছিল যে নেপচুনৰ উপৰিও আন এটা গ্ৰহৰ দ্বাৰা ইউৰেনাছৰ কক্ষপথ বিচলিত হৈ আছে। ১৯০৬ চনত এৰিজোনাৰ ফ্লেগষ্টাফত লৱেল অবজাৰ্ভেটৰী প্ৰতিষ্ঠা কৰা এজন ধনী বষ্টনিয়ান পাৰ্চিভাল লৱেলে ১৮৯৪ চনত এটা সম্ভাৱ্য নৱম গ্ৰহৰ সন্ধানত এক বিস্তৃত প্ৰকল্প আৰম্ভ কৰিছিল, যাক তেওঁ "প্লেনেট এক্স" বুলি অভিহিত কৰিছিল। ১৯০৯ চনৰ ভিতৰত, লৱেল আৰু উইলিয়াম এইচ. পিকাৰিংয়ে এনে এটা গ্ৰহৰ বাবে কেইবাটাও সম্ভাব্য মহাকাশীয় স্থানাংকৰ পৰামৰ্শ দিছিল। লৱেল আৰু তেওঁৰ পৰ্যৱেক্ষণালয়ে ১৯১৬ চনত তেওঁৰ মৃত্যুলৈকে সন্ধান চলাইছিল, কিন্তু সফল হোৱা নাছিল। লৱেলে অজানিতে তেওঁৰ পৰ্যৱেক্ষণাবোৰত ১৯১৫ চনৰ ১৯ মাৰ্চ আৰু ৭ এপ্ৰিলত প্লুটোৰ দুটা ক্ষীণ ছবি বন্দী কৰিছিল, কিন্তু সেইবোৰ কি আছিল তাৰ বাবে তেওঁলোকে চিনাক্ত কৰিব পৰা নাছিল। আন চৈধ্যটা জ্ঞাত পুনৰুদ্ধাৰ পৰ্যৱেক্ষণ আছে, যাৰ ভিতৰত আগষ্ট ২০, ১৯০৯ তাৰিখে য়াৰ্কেছ অবজাৰ্ভেটৰীয়ে কৰা পৰ্যৱেক্ষণটো আটাইতকৈ পুৰণি। পাৰ্চিভালৰ বিধৱা পত্নী কন্সটেন্স লৱেলে তেওঁৰ স্বামীৰ উত্তৰাধিকাৰীক লৈ লৱেল অবজাৰ্ভেটৰীৰ সৈতে দহ বছৰীয়া আইনী যুঁজত লিপ্ত হৈছিল আৰু ফলত ১৯২৯ চনলৈকে “প্লেনেট এক্সৰ” সন্ধান পুনৰ আৰম্ভ হোৱা নাছিল। অৱজাৰ্ভেটৰী ডাইৰেক্টৰ ভেষ্টো মেলভিন স্লিফাৰে প্লেনেট এক্স ৰ সন্ধানৰ কাম 23 বছৰীয়া ক্লাইড টমবাউগক দিছিল, যি স্লিফাৰৰ পিছতে পৰ্যৱেক্ষণালয়ত উপস্থিত হৈছিল, তেওঁ স্লিফাৰৰ জ্যোতিৰ্বৈজ্ঞানিক অংকনৰ নমুনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। টমবাউগৰ কাম আছিল ৰাতিৰ আকাশক প্ৰণালীবদ্ধভাৱে যোৰাত ফটোগ্ৰাফৰ কৰা, তাৰ পিছত প্ৰতিটোযোৰ পৰীক্ষা কৰা আৰু কোনো বস্তুৰ অৱস্থান সলনি হৈছে নে নাই নিৰ্ধাৰণ কৰা। ব্লিঙ্ক কম্পেৰেতৰ ব্যৱহাৰ কৰি, তেওঁ ফটোগ্ৰাফৰ মাজত অৱস্থান বা অবয়ব সলনি কৰা যিকোনো বস্তুৰ চলাচলৰ ভ্ৰম সৃষ্টি কৰিবলৈ প্ৰতিখন প্লেটৰ দৃশ্যবোৰ অগা-পিছা কৰি মিলাই চাইছিল। ১৯৩০ চনৰ ১৮ ফেব্ৰুৱাৰীত, প্ৰায় এবছৰ অনুসন্ধান কৰাৰ পিছত, টমবাগে ২৩ আৰু ২৯ জানুৱাৰীত লোৱা ফটোগ্ৰাফিক প্লেটত এটা সম্ভাৱ্য চলন্ত বস্তু আৱিষ্কাৰ কৰে। ২১ জানুৱাৰীত তোলা এক কম মানদণ্ডৰ আলোকচিত্ৰই চলাচলটো নিশ্চিত কৰাত সহায় কৰিছিল। অৱজাৰ্ভেটৰীয়ে অধিক নিশ্চিত আলোকচিত্ৰ পোৱাৰ পিছত, ১৯৩০ চনৰ ১৩ মাৰ্চত হাৰ্ভাৰ্ড কলেজ অবজাৰ্ভেটৰীলৈ আৱিষ্কাৰৰ বাতৰি টেলিগ্ৰাফ কৰা হৈছিল। প্লুটোৱে আৱিষ্কাৰ হোৱাৰ পিছত এতিয়াও সূৰ্যৰ সম্পূৰ্ণ কক্ষপথ সম্পূৰ্ণ কৰিব পৰা নাই, কিয়নো এটা প্লুটোনিয়ান বছৰ ২৪৭.৬৮ বছৰ দীঘল। উপগ্ৰহপ্লুটো'ৰ পাঁচটা প্ৰাকৃতিক উপগ্ৰহ আছে :-
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|