লেখক-সাংবাদিকৰ গাইড
লেখক-সাংবাদিকৰ গাইড(ইংৰাজী: Lekhok-Sambadikor Guide) হৈছে শান্তনু কৌশিক বৰুৱা আৰু শাংকব কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া গ্ৰন্থ। ১৯৯৮ চনত গ্ৰন্থখন উত্তৰ-পূব গ্ৰন্থমেলাত প্ৰথম প্ৰকাশ হৈছিল যদিও কিতাপখনৰ পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ কথা চিন্তা কৰি লেখকদ্বয়ে সঞ্জীৱন প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰ মাহত দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে।[1] এই সংস্কৰণত মুঠ ৩৪ টা অধ্যায় আছে। প্ৰায় ৩০৩ পৃষ্ঠাৰ কিতাপখনৰ বৰ্ণসংস্থাপন আৰু অংগসজ্জাৰ কাম কৰিছে বীৰকুছি,নাৰেংগীৰ কামৰূপ ছিণ্ডিকেটে। প্ৰচ্ছদ প্ৰস্তুত কৰিছে প্ৰাচুৰ্য প্ৰীতম শইকীয়াই। নিজ পিতৃলৈ কিতাপখন অৰ্পণ কৰি লেখকদ্বয়ে লিখিছে, "লিখা-মেলাৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ সন্মুখীন হ'লেই যিজন মানুহৰ কাষ চাপিছিলোঁ, যিজন মানুহক আমি আজিও 'চলন্ত বিশ্বকোষ'ৰূপে বিবেচনা কৰোঁ আৰু যিজন মানুহৰ অভাৱ আজি আমি জীৱন-জীৱিকাৰ প্ৰতি ক্ষেত্ৰতে সৰ্বাধিক অনুভৱ কৰিছোঁ, সেইজন আমাৰ দেউতা, অধ্যাপক তৰুণ চন্দ্ৰ বৰুৱাৰ প্ৰতি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা অৰ্পণ কৰিলোঁ।"[1] বিৱৰণকিতাপখনৰ প্ৰথম সংস্কৰণৰ পাতনি লিখিছে দৈনিক জনমভূমিৰ সম্পাদক হেমন্ত বৰ্মনে, ১৯৯৮ চনৰ ১ অক্টোবৰত। তেওঁ লিখিছে, "তথ্য সৰবৰাহেই সাংবাদিকৰ কাম হ'লেও সাংবাদিকে ইয়াক যান্ত্ৰিকভাৱে গ্ৰহণ কৰিলে ভুল কৰা হ'ব। নিৰ্ভুল তথ্যৰ লগতে পোনপটীয়া মেদহীন ভাষা, নিৰ্ভুল বানান, নিখুঁত বিশ্লেষণ আদিৰ কথাও জড়িত।" লগতে তেওঁ ভাৰতত সাংবাদিকতাৰ কম চৰ্চাৰ কথা উল্লেখ কৰি এই বিষয়ত গ্ৰন্থৰ অভাৱৰ কথা উনুকিয়ায় আৰু সাংবাদিকৰ দৈনন্দিন কামত আহি পৰা আহুকলীয়া পৰিস্থিতি নিবাৰণৰ বাবে লেখক-সাংবাদিকৰ গাইড কিতাপখনৰ নাম লয়। পাতনিত এইবুলিও উল্লেখ আছে, "নতুন এই কিতাপখনে লেখক-সাংবাদিকৰ বহু প্ৰয়োজনীয় দিশত আলোকপাত কৰিছে।… অসমীয়াত এনে কিতাপৰ অভাৱ বহুদিনীয়া।" তেখেতৰ মতে, অসমৰ দৈনিক কাকতৰ সম্পাদনাৰ লগত জড়িত ভ্ৰাতৃদ্বয়ৰ একমাত্ৰ উদাহৰণ হৈছে শান্তনু কৌশিক বৰুৱা আৰু শাংকব কৌশিক বৰুৱা তেওঁলোকৰ এই লেখক-সাংবাদিকৰ গাইড কিতাপখনেই অসমীয়া ভাষাত এনেধৰণৰ প্ৰথম কিতাপ।[1] প্ৰথম সংস্কৰণৰ 'সৰু ডেউকাৰে উৰাৰ চেষ্টা' শীৰ্ষক নিবেদনত লেখকদ্বয়ে সাংবাদিকতাৰ লগত জড়িত বিভিন্ন সমস্যাৰ কথা ব্যক্ত কৰি লিখিছে,"এই ভুল-ভ্ৰান্তিবোৰ সম্পৰ্কত যিবোৰ কিতাপ-পত্ৰত আলোচনা হোৱা দেখিছোঁ সেইবোৰৰ সৰহভাগেই ইমান বেছি তাত্ত্বিক আৰু জটিল যে সেইবোৰৰ মৰ্মত প্ৰৱেশ কৰি নিজৰ ভুল-ভ্ৰান্তিবোৰ চিনাক্ত কৰি সেইবোৰ সংশোধন কৰা আমাৰ দৰে লোকৰ বাবে প্ৰায়ে অসুবিধাজনক হৈ পৰে। সেয়ে এনে ভুল-ভ্ৰান্তিসমূহৰ সম্পৰ্কত কিছু চমু, সৰল, কিন্তু ব্যৱহাৰিক আলোচনাৰ প্ৰয়োজন আমি অনুভৱ কৰিছিলোঁ। পাছত দেখিলোঁ এই প্ৰয়োজনসমূহ আমাৰ অকলশৰীয়া নহয়,অসমীয়া ভাষাত লিখা-মেলা কৰা বা কৰিব খোজা বহুতৰে প্ৰয়োজন। কিন্তু এই প্ৰয়োজনসমূহ পূৰণ কৰাৰ উপায়টো কি? শেষত এদিন দুঃসাহস কৰি ভাবিয়েই পেলালোঁ, এই প্ৰয়োজনসমূহ পূৰাব পৰাকৈ এখন কিতাপ জানো আমি যুগুত কৰিব নোৱাৰোঁ?" দ্বিতীয় সংস্কৰণৰ প্ৰসংগত তেওঁলোকে এইদৰে ব্যক্ত কৰিছে,"এই সংস্কৰণত আমি গল্প, কবিতা, উপন্যাস আদি সৃষ্টিশীল লেখাৰ কৌশল সম্পৰ্কত কেইটামান অধ্যায় সন্নিৱিষ্ট কৰিছোঁ। কেউটা অধ্যায় এই সংকলনৰ বাবে যুগুতাই দিছে সংশ্লিষ্ট বিষয়ত বিশেষ বুৎপত্তি থকা কেইজনমান বিশিষ্ট লেখকে।" সেই লেখকসকল হৈছে, সৰ্বশ্ৰী প্ৰভাত গোস্বামী, ৰঞ্জু হাজৰিকা,উৎপল দত্ত,অভিজিত শৰ্মা বৰুৱা আৰু দেৱজ্যোতি বৰা।[1] দ্বিতীয় সংস্কৰণত সন্নিৱিষ্ট আছে মুঠ ৩৪ টা অধ্যায়। সেইসমূহ হ'ল[1] -
সংকলকদ্বয়ৰ চমু পৰিচয়প্ৰধান প্ৰবন্ধ: শান্তনু কৌশিক বৰুৱা
শান্তনু কৌশিক বৰুৱা হৈছে অসমৰ এজন লেখক, সাংবাদিক। শাংকব কৌশিক বৰুৱা দৈনিক জনমভূমি কাকতৰ ডেস্ক ইনচাৰ্জ আৰু সেই কাকতৰে দেওবৰীয়া আলোচনী বসুন্ধৰাৰ সম্পাদক। তথ্যৰ উৎস |
Portal di Ensiklopedia Dunia