লুইচ গ্লিক
লুইচ এলিজাবেথ গ্লিক (ইংৰাজী: Louise Elisabeth Glück; /ɡlɪk/; জন্ম: ২২ এপ্ৰিল, ১৯৪৩) এগৰাকী আমেৰিকান কবি আৰু লেখক। ২০২০ চনত তেওঁক "তেওঁৰ নিৰ্ভুল কাব্যিক কণ্ঠস্বৰ যি সাধাৰণ সৌন্দৰ্যৰে ব্যক্তিগত অস্তিত্বক সাৰ্বজনীন ৰূপ দিয়ে" বাবে সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।[1] তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো মুখ্য সাহিত্যিক বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য বঁটা সমূহ হল ৰাষ্ট্ৰীয় মানৱতা পদক, কবিতাৰ বাবে পুলিৎজাৰ বঁটা, ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা, ৰাষ্ট্ৰীয় কিতাপ সমালোচক বৃত্ত বঁটা আৰু বলিনজেন বঁটা। তেওঁ ২০০৩ চনৰ পৰা ২০০৪ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ কবি লৰিয়েট আছিল। গ্লিকক প্ৰায়ে এগৰাকী আত্মজীৱনীমূলক কবি হিচাপে বৰ্ণনা কৰা হয়। তেওঁৰ লিখনিসমূহৰ আৱেগিক তীব্ৰতাৰ বাবে আৰু কল্পকাহিনী, ইতিহাস, প্ৰকৃতিৰ সহায়েৰে আধুনিক জীৱনত ব্যক্তিগত অভিজ্ঞতাৰে ধ্যান কৰাৰ বাবে বিখ্যাত। গ্লিক নিউয়ৰ্ক চহৰত জন্ম গ্ৰহণ কৰিছিল আৰু নিউয়ৰ্কৰ লং আইলেণ্ডত ডাঙৰ-দীঘল হৈছিল। তেওঁ উচ্চ মাধ্যমিকত থাকোঁতে এনৰেস্কয়া নাৰ্ভচা ৰোগতত ভুগিবলৈ আৰম্ভ কৰে আৰু পিছত ৰোগটোক অতিক্ৰম কৰে। তেওঁ চাৰা লৰেন্স কলেজ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও কোনো ডিগ্ৰী লাভ কৰা নাছিল। লেখক হোৱাৰ উপৰিও তেওঁ কেইবাটাও প্ৰতিষ্ঠানত কবিতাৰ শিক্ষকতাৰ লগত জড়িত আছিল। তেওঁৰ লেখাবোৰৰ জৰিয়তে গ্লিকে মনস্তাত্বিক আঘাত, ইচ্ছা আৰু প্ৰকৃতিৰ পোহৰৰ দিশবোৰৰ ওপৰত গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে। এই বিস্তৃত বিষয়বোৰ অন্বেষণ কৰোঁতে তেওঁৰ কবিতাসমূহত দুখ আৰু সামাজিক বিচ্ছিন্নতাৰ অমায়িক অভিব্যক্তিৰ বাবে জনা যায়। পণ্ডিতসকলে তেওঁৰ কবিতাত আত্মজীৱনী আৰু শাস্ত্ৰীয় কল্পকাহিনীৰ মাজত সম্পৰ্ক নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। বৰ্তমান তেওঁ য়েল বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক আৰু আৱাসিক ৰজেনক্ৰাঞ্জ লেখিকা। তেওঁ মেছাচুচেটছৰ কেম্ব্ৰিজত বাস কৰে।[2] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia