মালবিকা চাৰুক্কাই
মালবিকা চাৰুক্কাই (ইংৰাজী: Malavika Sarukkai) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্য শিল্পী আৰু নৃত্য পৰিচালক। তেখেতৰ নৃত্যৰ মূল বিচৰণ ক্ষেত্ৰ হৈছে ভাৰতনাট্যম।[1][2][3] তেখেতে ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[4]২০০৩ চনত তেখেতক ভাৰত চৰকাৰে দেশৰ চতুৰ্থটো সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানীত কৰে।[5] জীৱনী১৯৫৯ চনত মালবিকা চাৰুক্কাইৰ জন্ম হয়। তেখেতেৰ জন্মস্থান আছিল ভাৰতৰ দক্ষিণ ভাৰতীয় ৰাজ্য তামিলনাডু।[6] ভাৰত নাট্যমৰ শিক্ষা তেখেতে আৰম্ভ কৰে মাত্ৰ সাত বছৰ বয়সতেই। তেখেতে তাঞ্জভুৰ বিদ্যালয়ৰ কল্যাণসুন্দৰম পিল্লাইৰ অধীনত শিক্ষা গ্ৰহণ কৰে। তেখেতৰ আনজন গুৰু আছিল ভাজুভুৰ বিদ্যালয়ৰ ৰাজাৰত্নাম।[7][8][9] মালবিকা চাৰুক্কাইয়ে 'অভিনয়া'ৰ শিক্ষাও গ্ৰহণ কৰে। কালানিধী নাৰায়ণনৰ অধীনত তেখেতে উক্ত শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে ওড়িছী শিক্ষা গ্ৰহণ কৰে প্ৰখ্যাত গুৰু কেলুচৰণ মহাপাত্ৰ আৰু ৰমনী ৰঞ্জন জেনাৰ অধীনত।[7][8][9]১২ বছৰ বয়সত মহাৰাষ্ট্ৰৰ মুম্বাইত মালবিকাই নৃত্য-অভিষক ঘটায়।[7][10] তেখেতে ভাৰতৰ বহুঠাইতে নৃত্য পৰিৱেশন কৰে।[11][12] দেশৰ বাহিৰলৈকো তেখেত নৃত্য পৰিৱেশন কৰিবলৈ একাধিকবাৰ ৰাওনা হৈছে।[13][14] বিদেশৰ 'লিংকন চেণ্টাৰ ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ', নিউ ইয়ৰ্ক তাৰে ভিতৰত অন্যতম।[15]জন এফ. কেনেডী ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ[16] আৰু চিকাগোতো তেখেতে নৃত্যানুষ্ঠান সম্পন্ন হৈছে।[17] তেখেতৰ কৰ্ম আৰু জীৱনক সাঙুৰি এখন বিশেষ তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। নাম হৈছে 'সমৰ্পণম'। এইখনৰ নিৰ্মাণত উদ্যোগ লৈছিল ভাৰত চৰকাৰে।[7][8][13] বিবিচি/ডব্লিউনেটৰ জৰিয়তে সম্প্ৰচাৰিত হৈ থকা 'Dancing' নামৰ এখনি দূৰদৰ্শনৰ তথ্যচিত্ৰতো তেখেতৰ কৰ্মৰাজিক উপস্থাপন কৰা হৈছে। উল্লেখনীয় যে, এইখন তথ্যচিত্ৰৰ দৈৰ্ঘ্য নঘণ্টা।[7][8][10] মুম্বাইত থকা 'নেশ্যনেল চেণ্টাৰ ফ'ৰ দ্য পাৰফৰ্মিং আৰ্টছ'ত প্ৰদৰ্শিত হোৱা এখন বিশেষ তথ্যচিত্ৰ 'The Unseen Sequence – Exploring Bharatanatyam Through the Art of Malavika Sarukkai'তো মালবিকাৰ কৰ্মৰাজি আৰু বিশিষ্টতাক দেখুওৱা হৈছে।[10] বঁটা আৰু স্বীকৃতি২০০২ চনত ভাৰত চৰকাৰে মালবিকা চাৰুক্কাইক সংগীত নাটক একাডেমী বঁটাৰে সন্মানীত কৰে।[4][7] তামিলনাডুৰ চৰকাৰৰ পৰা মালবিকাই 'কালাইমামণি' উপাধি লাভ কৰে। ইয়াৰ লগতে 'মৃণালিনী চাৰাভাই বঁটা'ৰ দৰে অইন একাধিক গুৰুত্বপূৰ্ণ সন্মানেৰেও তেখেতক স্বীকৃতি প্ৰদান কৰা হৈছে।[13] নৃত্যচূড়ামণি উপাধি, সংস্কৃতি বঁটা আৰু হৰিদাস সন্মিলনী বঁটা হৈছে এইসমূহৰ ভিতৰত অন্যতম।[2][7] ২০০৩ চনত ভাৰত চৰকাৰে তেখেতক পুনৰবাৰ সন্মানীত কৰে। দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে তেখেতলৈ সন্মান যঁচা হয়।[2][5][7] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia