মহাযানৰ মহত্বপূৰ্ণ চৰিত্ৰ মৈত্ৰেয়ক দৰ্শোৱা এখন ছবি, নালন্দাৰ অষ্টসাহস্ৰিকা প্ৰজ্ঞাপাৰমিতা সূত্ৰত।জাপানৰ টকিঅ'ৰ শ্বিশ্বইনত পাঁচ তথাগতৰ মূৰ্তি। মহাযানৰ এটি সূকীয়া বিশ্বাস হ'ল যে বৰ্তমানে অনেক বুদ্ধই একে সময়তে ধৰ্ম প্ৰচাৰ কৰি আছে।
মহাযান একাধিক বৌদ্ধ পৰম্পৰা, লেখ, দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা এক সংজ্ঞা। মহাযানৰ বিকাশ ভাৰতত হৈছিল, খ্ৰীষ্টপূৰ্ব ১০০ৰ পাছত। মহাযান আৰু থেৰবাদ বৌদ্ধ ধৰ্মত অস্তিত্বত থকা দুই মুখ্য পৰম্পৰা।[1] মহাযানে আগৰ বৌদ্ধ শিক্ষাৰ লগতে তলুনামূলকভাৱে নতুন লেখ, যেনে মহাযান সূত্ৰসমূহক মান্যতা প্ৰদান কৰে। এই নতুন লেখসমূহত বোধিসত্ত্ব মাৰ্গ আৰু প্ৰজ্ঞাপাৰমিতা আদিক গুৰুত্ব প্ৰদান কৰা হৈছে।[2]বজ্ৰযান বা মন্ত্ৰ পৰম্পৰা মহাযানৰেই উপ-পৰম্পৰা বুলিব পৰা যায়, য'ত সোণকালে বুদ্ধত্ব লাভ কৰিবলৈ তান্ত্ৰিক পদ্ধতি অৱলম্বন কৰা হয়।[3]
বিশ্বাস
মহাযানে বোধিসত্ত্ব মাৰ্গকো বুজাব পাৰে, য'ত সম্পূৰ্ণৰূপে জাগ্ৰত বুদ্ধ (সম্যক সংবুদ্ধ) হোৱাৰ চেষ্টা কৰা হয়, সকলো সংবেদনশীল জীৱৰ ভালৰ বাবে। সেয়ে মহাযানক বোধিসত্ত্বযানো বোলা হয়।[4][note 1] মহাযানত বোধিসত্ত্ব মাৰ্গেৰে বুদ্ধত্ব লাভ কৰাক সকলোৰে বাবে খোলা জ্ঞান কৰা হয়, আৰু অৰ্হতক অসম্পূৰ্ণ জ্ঞান কৰা হয়।[5] থেৰবাদত নোপোৱা অনেক বুদ্ধই মহাযানত স্থান পায় (যেনে অমিতাভ আৰু বৈৰোচন)।[6] মহাযান বৌদ্ধ দৰ্শনত কেইবাটাও অনন্য তত্ত্বও আগবঢ়োৱা হয়, যেনে মাধ্যমকশূণ্যতা, বিজ্ঞানবাদ তত্ত্ব আৰু বুদ্ধ-প্ৰকৃতি)।
↑Williams, Paul, Mahayana Buddhism: The Doctrinal Foundations, Routledge, 2008, p. 21.
↑Woodhead, Linda; Partridge, Christopher Hugh; Kawanami, Hiroko, eds (2016). Religions in the modern world : traditions and transformations (Third সম্পাদনা). প্ৰকাশক Abingdon, Oxon: Routledge. ISBN978-0415858809. OCLC916409066.
↑Woodhead, Linda; Partridge, Christopher Hugh; Kawanami, Hiroko, eds (2016). Religions in the modern world : traditions and transformations (Third সম্পাদনা). প্ৰকাশক Abingdon, Oxon: Routledge. ISBN978-0415858809. OCLC916409066.
Schopen, G. "The inscription on the Kusan image of Amitabha and the character of the early Mahayana in India", Journal of the International Association of Buddhist Studies 10, 1990