মলীকা পোখৰাজ
মলীকা পোখৰাজ (উৰ্দু: ملكہ پکھراج) – ১৯১২ - ২০০৪) পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী আছিল। তেওঁ সচৰাচৰ 'মলীকা', যাৰ অৰ্থ ৰাণী, নামেৰে পৰিচিত আছিল। তেখেত হাফিজ জলন্ধৰীৰ নাজম গীত, অভি ত' মেঁ জৱান হুঁ (মই এতিয়াও তৰুণ)-ত কন্ঠদান কৰাৰ বাবে অত্যন্ত জনপ্ৰিয়তা লাভ কৰিছিল, যিটো কেৱল পাকিস্তানতে নহয় ভাৰততো জনপ্ৰিয় হৈছিল।[1] তেওঁৰ আন জনপ্ৰিয় গীতৰ মাজত ল' ফিৰ বচন্ত আই, কুলি কুতুবৰ পিয়া বাচ পিয়ালা পিয়া জায়ে না, আৰু ফয়েজ আহমেদ ফয়েজৰ মেৰে কাতিল মেৰে দিলদাৰ মেৰে পাচ ৰহো আদি উল্লেখযোগ্য। প্ৰাথমিক জীৱনমলীকা পোখৰাজ 'হামিৰপুৰ সিদ্ধাৰত' পেচাদাৰ কণ্ঠশিল্পীসকলৰ এখন কণ্ঠশিল্পী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।[2] আখনূৰ অঞ্চলত আধ্যাত্মবাদী দেউতা ৰতি ৰাম 'মাজজুব' জন্মৰ সময়ত তেওঁক "মলীকা" নাম দিছিল আৰু তেওঁৰ মাহীৰ দ্বাৰা তেওঁৰ নাম ৰখা হৈছে 'পোখৰাজ' (হালধীয়া নীলা) যিয়ে নিজে এগৰাকী পেচাদাৰ কণ্ঠশিল্পী-নৃত্যশিল্পী আছিল।[3][4] মলীকা পোখৰাজ কিংবদন্তি কণ্ঠশিল্পী ওস্তাদ বাদে গোলাম আলী খানৰ পিতৃ ওস্তাদ আলী বক্স কাছুৰিৰ পৰা ঐতিহ্যবাহী সংগীত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। পাৰ্ফমিং পেচান বছৰ বয়সত, তেখেত জম্মুলৈ হৈছিল আৰু মহাৰজা হৰি সিংহৰ ৰাজ্যাভিষেক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল, যিয়ে তেওঁৰ কণ্ঠত ইমানেই মুগ্ধ হৈছিল যে তেখেত তেওঁক তাৰ দৰবাৰত ৰাজ গায়ক হিচাপে নিয়োগ কৰিছিল।[5] তেখেত তাতে আৰু ন বছৰ গায়ক হিচাপে আছিল।[4] তেখেত ১৯৪০-ৰ দশকত ভাৰতৰ খ্যাতিমান পেচাদাৰ কণ্ঠশিল্পীৰ মাজত আছিল আৰু ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত পাকিস্তানৰ লাহোৰলৈ গুচি যায়। যত তেখেত লাহোৰৰ সুৰকাৰ কালে খানৰ লগত তেওঁ ৰেডিঅ' পাকিস্তানৰ ৰেডিঅ' পৰিৱেশনৰ দ্বাৰা আৰু অধিক জনপ্ৰিয় হৈ উঠিছিল। তেওঁৰ কণ্ঠস্বৰ 'পাহাৰীয়া লোকসংগীত' (পাহাৰী গীত)ৰ বাবে আটাইতকৈ উপযুক্ত আছিল। ১৯৮০ চনত, তেখেত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা 'প্ৰাউড অফ পাৰফৰ্মেঞ্চ বঁটা' লাভ কৰিছিল। ১৯৭৭ চনত, যেতিয়া অল ইণ্ডিয়া ৰেডিঅৰ (তেখেত ১৯৪৭-ৰ দেশ বিভাজনৰ আগলৈকে গাইছিল) সুবৰ্ণ জয়ন্তী উদযাপন কৰিছিল, তেতিয়া তেওঁক ভাৰতত আমন্ত্ৰণ জনোৱা হৈছিল আৰু 'কিংবদন্তিৰ কণ্ঠস্বৰ' বঁটাৰে ভূষিত কৰা হৈছিল।[6] মলীকা পোখৰাজ “ছং ছুং ট্ৰু ” উপন্যাসতো তেওঁৰ স্মৃতি ৰিক’ৰ্ড কৰিছিল। মৃত্যুমলীকা পোখৰাজ ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখত পাকিস্তানৰ লাহোৰত মৃত্যুৱৰণ কৰে। তেওঁৰ শৱ সৎকাৰ যাত্ৰা পশ্চিম কনাল পাৰত তেওঁৰ বাসভৱনৰ পৰা আৰম্ভ হৈছিল আৰু তেওঁৰ ডাঙৰ পুতেক এই অনুষ্ঠানটো ঘৰতেই অনুষ্ঠিত কৰিছিল। তেওঁক লাহোৰৰ শাহ জামাল কবৰস্থানত দাফন কৰোঁৱা হৈছিল।[7] ব্যক্তিগত জীৱনমলীকা পোখৰাজৰ পঞ্জাবৰ এগৰাকী কনিষ্ঠ চৰকাৰী অধিকাৰক ছাব্বিৰ হুচেইনৰ লগত বিবাহ হৈছিল আৰু তেওঁলকৰ পাকিস্তানৰ কণ্ঠশিল্পী তহিৰা চৈয়দ সহ ছগৰাকী সন্তান আছে।[8][9] তথ্যউৎস
|
Portal di Ensiklopedia Dunia