ভৱাইভৱাই (ইংৰাজী: Bhavai) হ’ল পশ্চিম ভাৰতৰ গুজৰাটৰ এবিধ জনপ্ৰিয় লোকনাট্য। ইয়াক বেশ বা স্বং নামেৰেও জনা যায়।[1] বুৎপত্তিভৱাই শব্দ সংস্কৃত ভাষাৰ ভৱৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ প্ৰকাশ বা আবেগ। ই হিন্দু দেৱী দুৰ্গাৰ সৈতেও জড়িত। ভৱ মানে মহাবিশ্ব আৰু আই মানে মাতৃ। সেইবাবে ইয়াক মহাবিশ্বৰ মাতৃ দুৰ্গাৰ প্ৰতি উৎসৰ্গীকৃত এক শিল্পৰূপেও বিবেচনা কৰা হয়। ভবাই বেশ বা স্বং নামেও পৰিচিত, যাৰ আক্ষৰিক অৰ্থ সাজ-সজ্জা।[1][2] ইতিহাস৪ৰ্থ শতাব্দীত ভৱাইৰ উদ্ভৱ হৈছিল বুলি ধাৰণা কৰা হয়। ঐতিহ্যগতভাৱে অসৈত ঠাকুৰক ভৱাইৰ উদ্ভাৱক ৰূপে কৃতিত্ব দিয়া হয়।[3][4] লোককথাচতুৰ্দশ শতাব্দীত উঞ্জৰ প্ৰমুখ হেমা পেটেলৰ কন্যা গঙ্গাক এজন মুছলমান চুবেদাৰে অপহৰণ কৰিছিল। তেওঁলোকৰ পৰিয়ালৰ পুৰোহিত অসৈত ঠাকুৰে হেমা পেটেলৰ কন্যাক উদ্ধাৰ কৰিবলৈ চুবেদাৰৰ ওচৰলৈ যায় আৰু গঙ্গাক তেওঁৰে জীয়েক বুলি পৰিচয় দিয়ে। এই কথাৰ সত্যতা প্ৰমাণ কৰিবলৈ অসৈত ঠাকুৰক গঙ্গাৰ সৈতে একেলগে খাবলৈ দিয়ে। ব্ৰাহ্মণসকলে সাধাৰণতে তেওঁলোকতকৈ নিম্নবৰ্ণৰ লোকৰ সৈতে একেলগে ভোজন নকৰে। কিন্তু যদিও গঙ্গা পেটেল সম্প্ৰদায়ৰ ছোৱালী, তেওঁক বচোৱাৰ স্বাৰ্থত অসৈত ঠাকুৰে একেলগে ভোজন কৰে। উভতি অহাৰ পিছত ঠাকুৰক অন্যান্য ব্ৰাহ্মণসকলে সমাজচ্যুত কৰে। তেতিয়াই তেওঁ জীৱন-ধাৰণৰ উদ্দেশ্যে নাটক পৰিবেশন কৰা আৰম্ভ কৰিলে, যি এক নিৰ্দিষ্ট শৈলীত বিকশিক হৈছিল। কৃতজ্ঞতাৰ চিন স্বৰূপে হেমা পেটেলেও তেওঁ এটুকুৰা মাটি আৰু আৰ্থিক সাহায্য আগবঢ়ায় আৰু এনেকৈয়ে গ্ৰামাঞ্চলত ভৱাইৰ শিল্পীসকলৰ অভিনয়ৰ পৃষ্ঠপোষকতাৰ সূচনা হোৱা বুলি গণ্য কৰা হয়।[3] অসৈত ঠাকুৰে প্ৰায় ৩৬০খন নাটক বা বেশ লিখিছিল বুলি ধাৰণা কৰা হয়। কিন্তু এতিয়ালৈকে মাত্ৰ ৬০খনহে তেওঁৰ নামত পোৱা গৈছে। তেওঁৰ এখন নাটক সেয়া ১৩৬০ খ্ৰীষ্টাব্দ ৰচনা কৰা বুলি উল্লেখ কৰিছে।[3] বিষয়-বস্তুভৱাইত নাপিত, চুৰি-কটাৰী ধৰাওঁতা, ডকাইত, খাৰু বিক্ৰেতা, চোৰ, দৰ্জি, ফকিৰ আৰু সাধুসহ সমাজৰ সকলো শ্ৰেণীৰ মানুহকে চিত্ৰিত কৰা হৈছে। এখন বেশ আছে, য’ত এগৰাকী বনিয়া নাৰী আৰু এজন মুছলমান থানেদাৰৰ মাজত ব্যৰ্থ প্ৰেমৰ কাহিনী চিত্ৰিত কৰা হৈছে। জাচমা ওড়ান নামৰ বেশ বা নাটকখনৰ শেষত এজন মুছলমান ফকিৰ উপস্থিত হয়, যাক ৰাইজে জাচমাক পুনৰ্জীৱিত কৰিবলৈ অনুৰোধ জনায়।[1][3] যি কোনো ভৱাইতে কৌতুকৰসে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আনকি পৌৰাণিক চৰিত্ৰবোৰৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। এই বৈশিষ্ট্যবোৰৰ বাবেই ভৱাইক ভাৰতৰ পৰম্পৰাগত শিল্পকলাবোৰৰ ভিতৰত অনন্য কৰি তুলিছে।[1][3] ভৱাই দলৰ প্ৰধানজনক নায়ক বোলা হয়। তেওঁ প্ৰথমে অভিনয় ক্ষেত্ৰখন চিহ্নিত কৰে আৰু জোঁৰ বা মাটিক চাকিত কুমকুম লগায়, যিটো দেৱী অম্বাৰ প্ৰতীক। তাৰপিছত দেৱীৰ প্ৰশংসাত প্ৰাৰ্থনা সঙ্গীত গায়। কাহী এখনেৰে মুখ ঢাকি এজন অভিনেতাই প্ৰবেশ কৰে; তেওঁ গণেশৰ প্ৰতীক। পৰৱৰ্তী সময়ত ক্ৰমে কালী আৰু ব্ৰাহ্মণে প্ৰবেশ কৰে। নাটক অন্ত নোহোৱালৈকে নায়ক মঞ্চত উপৱিস্ত থাকে। তেওঁ ভাষ্য আৰু হস্ত-সঞ্চালনেৰে নাটকখন পৰিচালনা কৰে। ইয়াক প্ৰচুৰ গীত আছে। মহিলা চৰিত্ৰবোৰো পুৰুষে ৰূপায়ণ কৰে।[1][3] ভৱাইৰ ভাষা হিন্দী, উৰ্দু আৰু মাৰোৱাৰীৰ সংমিশ্ৰণ। ঊনবিংশ শতাব্দীত প্ৰথম বেশ প্ৰকাশিত হয়। অনুশীলন আৰু মৌখিক পৰম্পৰাৰে পূৰ্বপুৰুষৰ ভৱাই চলি আহিছে। ভৱাই ৰাজস্থানত ভৱাই নৃত্য হিচাপে প্ৰচলিত হৈ আহিছে।[1][3] গেলাৰী
তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia