ভীমবৰ দেউৰী
ভীমবৰ দেউৰী (১৯০৩-১৯৪৭) অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে। অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।[1] মাত্ৰ ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰা ভীমবৰ দেউৰীক "জননেতা" বুলি অভিহিত কৰা হয়। জন্ম আৰু শিক্ষা১৯০৩ চনৰ ১৬ মে’ত শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলৰ বৰগাঁৱত ভীমবৰ দেউৰীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গদাৰাম দেউৰী আৰু মাতৃৰ নাম আছিল বাজং দেউৰী। দেউতাক দেউৰী জনগোষ্ঠীৰ বৰগঞা খেলৰ পুৰণি শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ পূজাৰী বৰদেউৰী বংশৰ আছিল।[2] ১৯০৮ চনত বৰগাঁও প্ৰাথমিক বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। সৰুৰে পৰাই পঢ়াশুনাত মেধাৱী হোৱা হেতুকে ১৯১৩ চনত ভীমবৰ দেউৰীয়ে শিৱসাগৰ মহকুমাৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিল।[3] পিছলৈ শিৱসাগৰ এম.ভি স্কুলৰ পৰা মাহে চাৰি টকীয়া জলপানি লাভ কৰি কৃতিত্বৰে পাছ কৰে আৰু শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়তো শিক্ষা গ্ৰহণ কৰে। ১৯২৫ ত তেখেতে কটন কলেজত নামভৰ্ত্তি কৰিছিল। ১৯২৫ত দিয়া এনট্ৰেন্স পৰীক্ষাত তেওঁ পাঁচটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ১৫ টকাৰ এটি বৃত্তিও লাভ কৰিছিল। ১৯২৭ত তেওঁ আই এ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দৰ্শনত অনাৰ্ছ লৈ কটন কলেজত বি.এ পঢ়িবৰ বাবে নামভৰ্ত্তি কৰে। কটন কলেজত পঢ়া কালতে বৰ্ণ হিন্দু ছাত্ৰসকলে জনগোষ্ঠীয় ছাত্ৰসকলক আন এটা মেছত খোৱা-মেলা কৰিবলৈ দিয়া বৈষম্যমূলক ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল। সমগ্ৰ দেউৰী জনগোষ্ঠী আৰু পানীদিহিং অঞ্চলৰ লোকৰ মাজত ভীমবৰ দেউৰীয়েই প্ৰথম স্নাতক।[2] এম.এ পাঠ্যক্ৰমৰ বাবে কলকাতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্ত্তি কৰিছিল যদিও আৰ্থিক সমস্যাৰ বাবে এম.এ পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে। সেই একে সময়তে তেওঁ আইন কলেজতো নামভৰ্ত্তি কৰিছিল আৰু ১৯৩১ চনত বি.এল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। কৰ্মজীৱন১৯৩২ চনত অসম অসামৰিক সেৱাৰ পৰীক্ষাত ঊত্তীৰ্ণ হৈ তেওঁ অতিৰিক্ত সহায়ক আয়ুক্ত পদৰ বাবে নিৰ্বাচিত হয়। কিন্তু পিছপৰা জনগোষ্ঠীসমূহ চৰকাৰী চাকৰিৰ বাবে তালিকাভুক্ত নোহোৱা বাবে তেওঁ চাকৰিৰ পৰা বঞ্চিত হয়। সেইবাবে চাকৰিৰ বাসনা এৰি ডিব্ৰুগড় আদালতত ওকালতি জীৱন আৰম্ভ কৰিছিল। নিজৰ ওকালতি জীৱনৰ লগতে ভীমবৰ দেউৰীয়ে বিভিন্ন জনহিতকৰমূলক কামো কৰি গৈছিল। তেখেতে উপলব্ধি কৰিছিল যে অসমৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠী (বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, কাৰ্বি, মৰাণ, মটক, সোণোৱাল কছাৰী আদি) বোৰক একত্ৰিত কৰি সকলোৰে উন্নতিৰ ব্যৱস্থা কৰিলেহে সমগ্ৰ অসমৰ উন্নতিয়ে পূৰ্ণতা পাব। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত অসমৰ সকলো জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত কৰে। এই সন্মিলনক “Assam Backward plains Tribal League” (ইয়াক চমুকৈ Tribal league নামেৰেও জনা যায়) নামেৰে জনা যায়। অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য। যাদৱচন্দ্ৰ খাখলাৰী ইয়াৰ সভাপতি আৰু ভীমবৰ দেউৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। এই লীগৰ সাধাৰণ সম্পাদকৰুপে ভীমবৰ দেউৰীয়ে একেৰাহে ১৩ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰিছিল। এই লীগৰ তাগিদাৰ প্ৰতি সহাঁৰি জনায়েই ভাৰত চৰকাৰে অসম বিধানসভাৰ ১০৮খন আসনৰ ৫খন আসন জনজাতিসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰে। ‘ট্ৰাইবেল লীগ’ৰ প্ৰচেষ্টাত তেতিয়ালৈ তালিকা বৰ্হিভূত হৈ থকা দেউৰী জনগোষ্ঠীৰ দৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহকো অনগ্ৰসৰ ভৈয়ামৰ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[2] ১৯৩৫ চনত "ডিব্ৰগড় ঊকীল সন্থা" স্থাপন কৰাতো তেওঁ সক্ৰিয় ভূমিকা লৈছিল। ১৯৩৯ চনত ট্ৰাইবেল লীগৰ বিধায়কসকলৰ অনুৰোধত আৰু প্ৰদেশ কংগ্ৰেছ দলৰ সৰ্বসন্মতি ক্ৰমে অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক অসম বিধান পৰিষদৰ সদস্য (member of legislative council) পদৰ বাবে মনোনীত কৰে। সমগ্ৰ অসমৰ জনগোষ্ঠীয় প্ৰতিনিধিৰ ৰাজনৈতিক দলেহে ৰাজ্যখনৰ উন্নতি আনিব পাৰিব বুলি ১৯৪৫ চনত তেওঁ আন জনগোষ্ঠীয় নেতাৰে মিলি শ্বিলঙৰ এক অভিবেশনত ‘আচাম ট্ৰাইবচ্ এণ্ড্ ৰেচেচ্ ফেডাৰেশ্যন’ৰ (Assam Tribes Sud Reces Federetion) জন্ম দিয়ে। এই অধিৱেশনত ভাৰতৰ পৰা পৃথক কৰি এক সাৰ্বভৌম স্বাধীন অসম দেশ সৃষ্টি কৰা প্ৰস্তাৱ লোৱা হৈছিল।[2] ১৯৪৬ চনত তেওঁ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰুপে কাৰ্যনিৰ্বাহ কৰিছিল। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিব খোজা প্ৰস্তাৱৰ তেওঁ ঘোৰ বিৰোধিতা কৰিছিল। ৰূপনাথ ব্ৰহ্ম, কাৰ্ক চন্দ্ৰ দলে, যাদৱ চন্দ্ৰ খাখলাৰী, খৰচিং তেৰাং আদিৰ সৈতে মিলি তেওঁ মহম্মদ আলী জিন্না, লৰ্ড ৱাভেল আদিক সাক্ষাৎ কৰি এই বিষয়ে যুক্তি প্ৰদৰ্শন কৰিছিল। বৈবাহিক জীৱনপ্ৰথিতযশা বড়ো সাহিত্যিক ৰূপনাথ ব্ৰহ্মৰ জীয়ৰী কমলাৱতী বহ্মৰ লগত ১৯৪০ চনত ভীমবৰ দেউৰীৰ বিবাহ সম্পন্ন হয়। মৃত্যু১৯৪৬ চনত গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হৈ থাকোঁতেই ভীমবৰ দেউৰী যক্ষ্মা ৰোগত আক্ৰান্ত হয়। পিছলৈ তেওঁ মন্ত্ৰীসভাৰ মন্ত্ৰীপদৰ পৰা ইস্তফা দি চিকিৎসাৰ বাবে মাদ্ৰাজৰ আৰোগ্যভৰম ছেনিটোৰিয়াম চিকিৎসালয়ত ভৰ্ত্তি হয়। এই চিকিৎসালয়তেই ১৯৪৭ চনৰ ৩০ নৱেম্বৰ দেওবাৰে ভীমবৰ দেউৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ঐতিহ্যভীমবৰ দেউৰীৰ স্মৃৰি ৰক্ষাৰ্থে প্ৰতিবছৰে অসম চৰকাৰে ৰাজ্যখনলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা একোজন লোকক "জননেতা ভীমবৰ দেউৰী বঁটা" প্ৰদান কৰে।[4] ২০২০ চনত দেউৰী সাহিত্য সভাৰ ৩৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে অসম চৰকাৰে ভীমবৰ দেউৰীৰ নামত এক স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰিব।[5] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia