এই প্ৰবন্ধ বৌদ্ধ ধৰ্মৰ আধুনিক ব্যাখ্যাৰ বিষয়ে, ভীমৰাও আম্বেদকাৰৰ বৌদ্ধ ব্যাখ্যাৰ বাবে, নৱযান চাওক।
বৌদ্ধ আধুনিকতাবাদ, আধুনিক বৌদ্ধ ধৰ্ম,[1]বৌদ্ধ ধৰ্ম,[2]নব্য বৌদ্ধ ধৰ্ম[3] বা নৱযানে[4]বৌদ্ধ ধৰ্মৰ আধুনিক পুনৰ্ব্যাখ্যাৰ ওপৰত আধাৰিত আন্দোলনসমূহক বুজায়।[5][6][7] ডেভিড মেকমাহানৰ মতে, বৌদ্ধ ধৰ্মৰ আধুনিকতাবাদ আন ধৰ্মৰ আধুনকতাবাদৰ দৰেই। এই আধুনিকতাবাদৰ উৎস বৌদ্ধ ধৰ্মীয় সম্প্ৰদায় আৰু গুৰুসমূহৰ নতুন সংস্কৃতি আৰু চিন্তাধাৰাৰ সৈতে পৰিচয়, যেনে-পশ্চিমীয়া একেশ্বৰবাদ, যুক্তিবাদ আৰু বৈজ্ঞানিক প্ৰকৃতিবাদ তথা ৰোমাণ্টিক প্ৰকাশবাদ।[8] পশ্চিমীয়া একেশ্বৰবাদৰ প্ৰভাৱেৰে বৌদ্ধ দেৱতাসকল পশ্চিমীয়া সমাজত স্বীকৃত হৈছে।[9] বৈজ্ঞানিক প্ৰকৃতিবাদ আৰু ৰোমাণ্টিকতাবাদৰ ফলত বৌদ্ধ ধৰ্মৰ পৰলোকৰ সলনি ইহলোকৰ সৈতে সম্বন্ধিত লাভালাভৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছে :- যেনে ব্যৱহাৰিক যুক্তি, তৰ্ক, মানসিক আৰু স্বাস্থ্য-সম্বন্ধীয় লাভ আদি।[10]
পৰম্পৰাগত বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্ক
নব্য-বৌদ্ধ ধৰ্মৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ থেৰবাদ, মহাযান, বজ্ৰযান আদিৰ সৈতে পাৰ্থক্য আছে। পশ্চিমীয়া প্ৰাচ্যবাদী আৰু সংস্কাৰমনা এছিয়ান বৌদ্ধ ধৰ্মাৱলম্বীৰ একেলগে হোৱা উদয়ৰ ফলত বৌদ্ধ আধুনিকতাবাদত বৌদ্ধ ধাৰণাসমূহৰ নতুন ব্যাখ্যা প্ৰদান কৰা হৈছে, আৰু পৰম্পৰাগত তত্ত্ব, ব্ৰহ্মাণ্ডবিজ্ঞান, ৰীতি-নীতি, সত্ৰবাদ, লিপিক শ্ৰেণীবিন্যাস তথা মূৰ্তি পূজাক কম গুৰুত্ব প্ৰদান কৰা হৈছে।[11] কুই ডে লা ভালি পুচিনৰ ১৯১০ চনৰ লেখত পোৱা এই সংজ্ঞা এছিয়ান ধৰ্মৰ ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক অধ্যয়নত ব্যৱহৃত।[12]
↑de la Vallee Poussin, Louis (1910). "VI. Buddhist Notes: Vedanta and Buddhism". Journal of the Royal Asiatic Society of Great Britain & Ireland (Cambridge University Press) খণ্ড 42 (1): 129–140. doi:10.1017/s0035869x00081697. https://zenodo.org/record/1428646., Quote: "A historical study of Neo-Buddhism would be very interesting, as an episode of the intellectual conquest of the East by the West and vice versa."
গ্ৰন্থপঞ্জী
Chitkara, M. G. (1998), Buddhism, Reincarnation, and Dalai Lamas of Tibet, APH
Lopez, Donald S., Jr. (2008). Buddhism & science : a guide for the perplexed. Buddhism and modernity. University of Chicago Press. ISBN978-0-226-49312-1.
Lopez, Donald S., Jr. (2002). A Modern Buddhist Bible. Beacon Press Books. ISBN0-8070-1243-2.
Masuzawa, Tomoko (May 2005). The invention of world religions, or, How European universalism was preserved in the language of pluralism (1st সম্পাদনা). University of Chicago Press. পৃষ্ঠা. 359. ISBN978-0-226-50988-4.
McMahan, David L. (2008), The Making of Buddhist Modernism, Oxford University Press, ISBN978-0-19-518327-6
Metraux, Daniel A. (2001). The International Expansion of a Modern Buddhist Movement: The Soka Gakkai in Southeast Asia and Australia. University Press of America. ISBN978-0-7618-1904-2.
Prebish, Charles S.; Baumann, Martin (2002). Westward Dharma: Buddhism Beyond Asia. University of California Press. ISBN0-520-23490-1.
Sharf, Robert H. (August 1993). "The Zen of Japanese Nationalism". History of Religions (The University of Chicago Press) খণ্ড 33 (1): 1–43. doi:10.1086/463354. ISSN0018-2710.
Suzuki, D. T. (1996) [1956]. Barrett, William. ed. Zen Buddhism : selected writings of D.T. Suzuki. প্ৰকাশক New York: Three Leaves. পৃষ্ঠা. 294. ISBN978-0-385-48349-0.
Verhoeven, Martin (1998). "Americanizing the Buddha: Paul Carus and the Transformation of Asian Thought". In Prebish, Charles; Tanaka, Kenneth. The faces of Buddhism in America. University of California Press. পৃষ্ঠা. 370. ISBN978-0-520-21301-2.