বিহুৰ সাজ-পোচাক আৰু অলংকাৰ

বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সূতা এক অপৰিহাৰ্য অংগ। বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া (ধুতি) পৰিধান কৰে। পুৰুষৰ দেহৰ উৰ্ধাংশ হাত কটা চোলা বা কামিজ পিন্ধে। ইয়াৰ লগতে বিহু নৃত্য কৰিবলৈ পুৰুষসকলে মূৰত গামোচা বান্ধে আৰু কঁকালত টঙালি মেৰিয়াই লয়। লগতে তেওঁলোকে হাতৰ মণিবন্ধত হাঁচতি বা ৰুমাল বান্ধে।

অলংকাৰৰ ক্ষেত্ৰত মহিলা বা নাচনীসকলে ডিঙিত জোনবিৰি, ঢোলবিৰি, জাপিপতীয়া অলংকাৰ পিন্ধে। হাতত গাম খাৰু আৰু কাণত কেৰু মণি থুৰীয়া পিন্ধে। আজিকালি মহিলাসকলে মুগাৰ সলনি টচৰ মেখেলা-চাদৰ পিন্ধাও দেখা যায়। কাপোৰযোৰৰ লগতে দীঘল হাতৰ ৰঙা ব্লাউজ পিন্ধে। নাচনীয়ে খোপাত কপৌ ফুল আৰু হাতত জেতুকাৰ ৰং লগায়। ওঠত বৰহমঠুৰিৰ পাত দি ৰঙীন বোল দিয়ে। কঁ‌কালৰ খোচনিত হাঁচতিত এখন ডবুৱা কটাৰি বান্ধি লয়।

বিহু সাজ পাৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia