ফাট বিহু
ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। নামৰ উৎপত্তিফাট শব্দটোৰ উৎপত্তিৰ বিষয়ে বিভিন্ন লোকৰ বিভিন্ন মত আছে।
অৱস্থিতিঢকুৱাখনা মহকুমা বৰ্তমান লখিমপুৰ জিলাৰ অন্তৰ্গত যদিও ১৯৮৯ চনলৈকে ধেমাজি মহকুমাৰ অন্তৰ্গত এটা বিস্তৃত অঞ্চল আছিল। সামগ্ৰিকভাৱে ঢকুৱাখনা বুলি ক'লে ২৭.২৬ উত্তৰ অক্ষাংশ আৰু ৯৪.২৪ পূৱ দ্ৰাঘিমাংশৰ পৰা ৯৮.৪২ পূৱ দ্ৰাঘিমাংশৰ অন্তৰ্গত ভৌগোলিক এলেকাৰ ভূখণ্ডক নিৰ্দেশ কৰে। ঢকুৱাখনাৰ মাটিকালি ৬৫৯ বৰ্গকিলোমিটাৰ। ঢকুৱাখনা অঞ্চলটোক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ সোৱণশিৰিয়ে আৱৰি আছে। বৰ্তমান ঢকুৱাখনা নগৰৰ দাঁতিয়েদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰতে অনুষ্ঠিত হয় ফাট বিহু। ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে তেখেতৰ ‘গৰখীয়া’ শীৰ্ষক গল্পটোত ফাট বিহু তলিৰ নামটো ম'হঘূলি চাপৰি হিচাপে নামকৰণ কৰিছিল। তেখেতে চাৰিকড়ীয়া নৈৰ উত্তৰ দিশত থকা বৰ্তমান চাৰিকড়ীয়া নৈৰ পকা দলংখনৰ পশ্চিমৰ এটি অৰণ্যময় চাপৰিৰ নাম ম'হ ঘূলি চাপৰি বুলি উল্লেখ কৰিছিল। ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘূলি চাপৰিৰ শিশু গছৰ বাগিছাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে। ফাট বিহুৰ উৎপত্তি ব্যাখ্যাক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা জনা যায় যে ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰ্হি দেৱালয়ত উৎযাপন কৰি অহা হৈছিল। ধাৰ্মিক বিশ্বাস জড়িত থকা বাবে ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ দল আহি হাৰ্হি দেৱালয়ৰ বাকৰিত বিহু নাচ প্ৰদৰ্শন কৰিছিল। বহাগৰ বিহুৰ হুঁচৰি গাওঁ বোৰত শেষ কৰি ওচৰৰ গঞা ৰাইজে ৭ বহাগৰ দিনা দেৱালয়ত আহি বিহু মাৰিছিল। ১৯৮০ৰ দশত কিছু লোকে মিলি পৃথক ভাবে "ফাট বিহু" নামকৰণ কৰি খেলপথাৰত পাতিব লৈছিল। সময়ত বিহুৰ দলসমূহে লাহে লাহে দেৱালয়ৰ পৰা আঁতৰি সেই খেলপথাৰত প্ৰদৰ্শন কৰিব ধৰিলে। আজিৰ দিনত হাৰ্হি দেৱালয়ত "ফাট বিহু" উৎযাদন কৰে যদিও আগৰ দৰে বিভিন্ন দলে হুঁচৰি মাৰিবলৈ অহা দেখা নাযায়। ২০১৩ চনৰ পাছত মিচিং জনগোষ্ঠীৰ দলবোৰেও হুঁচৰি মাৰিবলৈ এৰি দিছিল। বৰ্তমান কেৱল ওচৰৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলেহে তাত হুঁচৰি মৰা দেখা যায়। আনপিনে মʼহঘূলি চাপৰিত আৰম্ভ কৰা নতুন "ফাট বিহু" অসম বিখ্যাত হৈ পৰিল। ঢকুৱাখনাৰ ফাট বিহুৰ বৈশিষ্ট্য আৰু ঐতিহাসিক দৃষ্টিকোণৰ ওপৰত ভিত্তি কৰি ফাট বিহুৰ উৎপত্তি বাখ্য সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে- বিশিষ্ট বিহু গৱেষক ভৰত সন্দিকৈৰ মতে, বৰ্তমান ঢকুৱাখনালৈ দৃষ্টি নিক্ষেপ কৰিলে সহজে অনুমান কৰিব পাৰি যে অতীততে চাৰিকড়ীয়া নৈৰ পাৰত, য’ত ফাট বিহু অনুষ্ঠিত হৈছিল; তাত জনবসতি বিশেষ নাছিল। গাওঁবোৰ কিছু দুৰত আছিল। ধান-মাহৰ খেতি পথাৰৰ লগতে ছন পৰি থকা চাপৰিবোৰত থকা গছৰ তলত আৰু মুকলি পথাৰত বিহু মাৰিবলৈ বহু দুৰ-দুৰণীৰ পৰা ডেকা-গাভৰুৰ দল আহিছিল। ভাগ ভাগ হৈ বিহু মাৰিছিল শত শত বিহুদলে। কোনোও কালৈকো চাবলৈ সময়েই নাই। শত সহস্ৰ ঢোল-তাল, পেঁপা-গগনাৰ মাতত আৰু বিহুনামৰ ধ্বনিত মুখৰিত হৈ পৰিছিল আকাশ আৰু চাৰিকড়ীয়া নৈৰ দুয়োপাৰ। সময় উৰি গৈছিল কিন্তু তাৰ প্ৰতি কোৰো ভ্ৰক্ষেপ নাছিল। লানি নিছিগা দৰ্শকৰ ভীৰত গোটেই অঞ্চলটোত বিৰ দি বাট পাবলৈ নোহোৱা হৈছিল। বিহুৰ এনে অনুপম আকৰ্ষণ বা জনপ্ৰিয়তাৰ কাৰণ হ’ল- মানুহৰ আদিম প্ৰবৃত্তি ৰক্ষা আৰু বংশবৃদ্ধিৰ আকাংক্ষা নিবিড়ভাৱে জড়িত হৈ থকা। বিহুগীতসমূহ নাৰীদেহৰ ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়ভোগ্যৰ ৰূপৰ বৰ্ণনাৰে ভৰপূৰ নাৰী দেহৰ বন্দনাৰ এটি মাধ্যম। বুজন সংখ্যক বিহুগীত ৰচনা হৈছিল আদিম সমাজত অবাধ যৌন সম্পৰ্কৰ প্ৰচলন থকা কালতেই। [উদ্ধৃতিৰ প্ৰয়োজন] ড॰ চন্দ্ৰধৰ চমুৱাই ফাট বিহু সম্পৰ্কীয় এখন আলেখ্যত প্ৰকাশ কৰি ফাট বিহুৰ সম্পৰ্কত কৈছে যে, “লুইতপৰীয়া মিছিং ডেকা গাভৰুসকলে ৰং বিৰংৰ পোচাকেৰে ফাট বিহুলৈ ভাগি-ভুঁহৰি আহিছিল বুলি প্ৰকাশ কৰি কৈছে যে, দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি-ম’হঘূলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল। পশ্চিমীয়া, বিশেষকৈ বঙ্গীয় সংস্কৃতিৰ প্ৰভাৱত আঢ্যৱন্ত বা সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহুৰ নৃত্য গীতক অৱজ্ঞাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অনুন্নত সম্প্ৰদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য আৰু ঢকুৱাখনাৰ ফাট বিহুৰ প্ৰাণকেন্দ্ৰই আছিল চুতীয়া আৰু মিচিং সম্প্ৰদায়ৰ লোক”। [উদ্ধৃতিৰ প্ৰয়োজন] সু-সাহিত্যক তথা সাংবাদিক হোমেন বৰগোহাঞিয়ে এই সম্পৰ্কত লিখিছে যে- “ফাট বিহু ঢকুৱাখনাৰ এটা নিজস্ব উৎসৱ। ঢকুৱাখনাৰ চাৰিওফালে অসংখ্য মিচিং গাওঁ আছে। প্ৰতি বছৰে ব’হাগ বিহুৰ সময়ত বিহু বলীয়া মিচিং ডেকা গাভৰুৱে দল বান্ধি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত বিহু মাৰিবলৈ আহে। এই বিহু চাবলৈ গাওঁ ভুঁই ভাঁহি ভুহৰি আহি হাজাৰ হাজাৰ মানুহ ঢকুৱাখনাত জমা হয়। ঠাইখন লোকে লোকাৰণ্য হয়। সাতদিন সাতৰাতি এই বিহু চলে। কেৱল যে মিচিংসকলেই এই বিহু উৎসৱত অংশ লয় এনে নহয়, ঢকুৱাখনাৰ আহোম, চুতীয়া, কৈৱৰ্ত্ত্য আদি সকলো সম্প্ৰদায়ৰ মানুহেই আনন্দৰ এই বলিয়া বানত নিজক উটুৱাই দিয়ে”। [উদ্ধৃতিৰ প্ৰয়োজন] ক্ৰমবিকাশক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা গম পোৱা যায় যে ফাট বিহু ১৬ শতিকাৰ পৰাই হাৰ্হি দেৱালয়ত পতা হৈছিল। শদিয়াৰ পৰা কিছু লোকে ঢকুৱাখনা লৈ আহি হাৰ্হি দেৱালয় স্থাপন কৰিছিল আৰু বহাগৰ প্ৰথম সপ্তাহত থানত বলি দি বিহু উৎযাপন কৰিছিল। ধৰ্মীয় ৰীতি-নীতিৰ মতে এই বিহু পালন কৰা হৈছিল বাবে ওচৰৰ সকলো জনগোষ্ঠীৰ লোকে আগভাগ লৈছিল। দেৱালয়ৰ সেই ফাট বিহু ১৯১৮ চনত স্তব্ধ হৈ পৰিছিল। ইয়াৰ প্ৰামাণিক কাৰণ হ'ল- প্ৰথম বিশ্ব যুদ্ধৰ যেতিয়া অৱসান ঘটিল, তেতিয়া সেই যুদ্ধত ইংৰাজ হাৰিল বুলি এটা উৰাবাতৰি ওলাল। তেতিয়া ঢকুৱাখনাৰ আশে পাশে থকা মিচিং সম্প্ৰদায়ৰ মাজত এটা জনৰৱ উঠিল যে তেওঁলোক স্বাধীন হ'ল। সেয়ে মোহন গাম নামৰ এজন মিচিং প্ৰতাপী লোকৰ নেতৃত্বত ঢকুৱাখনা অঞ্চলত থকা মাৰোৱাৰী দোকানবোৰত লুটপাত আৰম্ভ কৰি দিলে। এই লুটপাতৰ ফলত ফাট বিহু স্তব্ধ হৈ পৰিছিল যদিও পাছলৈ আকৌ আৰম্ভ কৰা হৈছিল। আজিও সেই দেৱালয়ত আগৰ দৰে ৭ বহাগত ফাট বিহ পতা হয়। ১৯৮৬ চনত এচাম লোকে ঢকুৱাখনাৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত গছৰ ডাল ৰুই "ফাট বিহু" বুলি নামকৰণ কৰি নতুনকৈ বিহু পাতিব লৈছিল। ১৯৮৯ৰ পৰা ১৯৯২ চনৰ লৈকে ঢকুৱাখনা কলেজৰ বিপৰীতে থকা মূগা ফাৰ্মত এই বিহু পাতিছিল। তাৰ পৰা আকৌ চৰকাৰী খেল পথাৰলৈ লৈ অনা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা মহঘূলি চাপৰিৰ শিশু গছৰ বাগিছাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে।[1] বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ব’হাগ বিহুতকৈ ঢকুৱাখনাৰ ফাট বিহু যিকেইটা দিশত বৈচিত্ৰ্যময় সেই দিশকেইটাৰ অন্যতম হ’ল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ঠাই-ঐতিহ্য, বৈশিষ্ট্যপূৰ্ণ বিহুনাচ, মন-পৰশা সুৰত বিহুনাম আৰু জাতনাম, হুঁচৰি, পোছাক-পৰিচ্ছদ, বিভিন্ন জনগোষ্ঠীৰ অংশ গ্ৰহণ আদি। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia