জেতুকাজেতুকা শব্দৰ দুটা অৰ্থ আছে। এক হৈছে জেতুকা গছ এবিধ জোপোহা গছ, অন্যটো জেতুকা ৰং: এই গছৰ পাত খুন্দি হাতৰ তলুৱাত লগালে, কমলা-ৰঙা ৰঙৰ বোল উঠে। জেতুকাক ইংৰাজীত 'হেনা' বুলি কোৱা হয়। হেনা শব্দটো মূলতঃ আৰৱী শব্দৰ পৰা আহিছে। জেতুকাৰ বৈজ্ঞানিক নাম হৈছে Lawsonia inermis[1]) বৰ্গ- মিৰটেলছ (Myrtales), গোত্ৰ-লিথ্ৰেচি (Lythraceae), জাতি- লউছনিয়া (Lawsonia), আৰু প্ৰজাতি- ইনাৰমিচ (I. inermis)।[2] জেতুকা গছজেতুকা এবিধ সপুষ্পক উদ্ভিদ। ই এজোপা গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদজোপা দুইৰ পৰা ছয় মিটাৰ পৰ্যন্ত ওখ হয়। বহু শাখা-প্ৰশাখাযুক্ত উদ্ভিদজোপাৰ পাতবোৰ ডালবোৰত বিপৰীতমুখী হৈ নামমাত্ৰ ঠাৰিৰে সংযুক্ত হৈ থাকে। পাতবোৰ ১.৫ ছেঃমিঃৰ পৰা ৫ ছেঃমিঃলৈকে দীঘল আৰু ০.২ ছেঃমিৰ পৰা ২ ছেঃমিঃলৈকে বহল হয়। পাতত থকা শিৰাসমূহ যথেষ্ট সবল। জেতুকা ফুলৰ পাহিবোৰ বগা বা ৰঙা ৰঙৰ হয়। চুপহিটো চুঙাকৃতিৰ হয়, চাৰিটা বেটুপাত থাকে। গুটিবোৰ মুগা ৰঙৰ, চাৰিৰ পৰা পাঁচ মিঃ মিঃ ব্যাসাৰ্ধৰ। প্ৰতিটোতে ৩২-৪৯ টাকৈ বীজ থাকে।[2] জেতুকা গছ দক্ষিণ উআৰু আফ্ৰিকাত প্ৰচুৰ পৰিমাণে পোৱা যায়। ৩৫ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ পৰা ৪৫ ডিগ্ৰী ছেণ্টিগ্ৰেড উঞ্চতাৰ অঞ্চলত হোৱা জেতুকা গছৰ ৰঙৰ মাত্ৰা বেছি থাকে। বহুত দিন শুকান পৰিৱেশত থাকিলে গছৰ পাতবোৰ হালধীয়া হৈ সৰি যায়। ৫ ডিগ্ৰী ছেণ্টিগ্ৰেড উঞ্চতাত থকা গছবোৰ মৰি যায়। আলজেৰিয়া, য়েমেন, লিবিয়া, চৌডি আৰৱ, ইজিপ্ত, ভাৰত, ইৰাক, ইৰান, পাকিস্থান, বাংলাদেশ, আফগানিস্থান, তুৰ্কী, ছমালিয়া, ছুডান আদি দেশত ইয়াৰ খেতি কৰা হয়। বৰ্তমানৰ ৰাজস্থানৰ পালি জিলাত অধিক মাত্ৰাত জেতুকাৰ খেতি কৰা অঞ্চল হিচাপে চিহ্নিত হৈছে।[2] ঔষধিয় গুণজেতুকা পাতৰ কেইবাবিধো ঔষধি গুণ আছে বুলি কোৱা হয়। নখচুকীয়া, নাকৰ এৱাঁ ভঙা আদিত উপাচাৰস্বৰূপে জেতুকাৰ ব্যৱহাৰ হয়[উদ্ধৃতিৰ প্ৰয়োজন]। ইয়াক উচ্চৰক্তচাপ, চাল আৰু চুলিৰ বিভিন্ন বিকাৰৰ বাবেও দৰব হিচাবে ব্যৱহাৰ কৰা হয়[3] জেতুকাৰ ব্যৱহাৰজেতুকা ৰং কৰা প্ৰসাধন সামগ্ৰী আৰু ঔষধ হিচাবে হিচাপে আজিৰ পৰা হাজাৰ বছৰৰ আগৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। ভাৰততো কেইবা শ বছৰ ধৰি ব্যৱহৃত হৈ আহিছে। ইউৰোপৰ অপেৰা গায়কসকলে ১৮০০ চনৰ পৰা জেতুকাৰ ব্যৱহাৰ কৰি আহিছে। তাম্ৰযুগৰ শেষৰফালে মহিলাসকেলে সামাজিক বা বন্ধ দিনৰ অনুষ্ঠানসমূহত নিজকে সুন্দৰ ৰূপত সজাই তুলিবলৈ হেনা ব্যৱহাৰ কৰিছিল।[2] সাধাৰণতে হাতখনি ধুনীয়া কৰিবলৈ অসমৰ গাভৰুৱে জেতুকাৰ ৰঙেৰে বিভিন্ন নক্সা আঁকি লয়। পশ্চিম ভাৰতত ব্যৱহৃত 'মেহেন্দী'ৰ দৰেই বিয়াত জেতুকাৰ ৰঙৰ ব্যৱহাৰ হয়। বৰ্তমান চুলি ৰঙচুৱা কৰিবলৈ বা চুলিৰ উজ্জ্বলতা বঢ়াবলৈও জেতুকাৰ পাতৰ ৰঙ লগোৱা হয়। চুলি আৰু ছালৰ যত্নৰ বাবে জেতুকাক এবিধ উপকাৰী বনৌষধ জ্ঞান কৰা হয়। চুলিৰ যত্নৰ বাবে জেতুকাৰ ৰস নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে অকালতে চুলি পকা, উফিৰ সমস্যা হ্ৰাস পায় বুলি কোৱা হয়। চুলি উজ্জ্বল কৰিবলৈও জেতুকা ব্যৱহাৰ কৰা হয়। চুলিত লগাব পৰা এবিধ প্ৰাকৃতিক ৰঙ হিচাপেও জেতুকা ব্যৱহাৰ কৰা হয়। অসমীয়া সমাজত জেতুকাৰ ব্যৱহাৰজেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ। অসমীয়া জীয়ৰী-বোৱাৰীসকলে গৰু বিহুৰ দিনা হাতত জেতুকা লয়।[2] বহাগ বিহুত জেতুকাৰ ৰঙেৰে গাভৰু ছোৱালীয়ে ৰং সানে। বিহু নাচনীয়েও হাতত জেতুকাৰ ৰঙ সানে। হাতৰ ৰং হিচাবে জেতুকাৰ (মেহেন্দী) অসমীয়া প্ৰস্তুত প্ৰণালীজেতুকাৰ ৰং গাঢ় কৰিবলৈ জেতুকা পাতৰ লগতে পকাপাণ, ঠেকেৰা টেঙা, বৰহমথুৰীৰ কুঁহিপাত, মধুৰিআমৰ কোঁহ, থেৰেজু টেঙা, কেঁচা হালধি, ডালিমৰ কোঁহ আদি কেইবাপদো ঔষধি পটাত মিহিকৈ বটি হাতৰ তলুৱাত বহলাই দি ওপৰত এৰাগছৰ পাত এখিলা (আজিকালি পলিথিনো ব্যৱহাৰ কৰা হয়) দি মুঠি মাৰি বান্ধি ৪ ঘণ্টামান ৰাখিলেই বৰণ ধৰে। বান্ধ খোলাৰ পাচত মিঠাতেল সানিব লাগে। কোৱাহয় যে ৰাঙলি বা কলীগাইৰ গাত হাতথন সানিলে ৰং ভাল হয়। জেতুকাৰ অপকাৰিতাকেতিয়াবা জেতুকাৰ ব্যৱহাৰে মানুহৰ শৰীৰত অপকাৰ কৰা দেখা যায়। Gluxose-6-phosphate hydergonese deficiency থকা পুৰুষৰ ক্ষেত্ৰত হেনাই বিপদ আনিব পাৰে। কেতিয়াবা কাৰোবাৰ বাবে ই এলাৰ্জিক হ'ব পাৰে। পূৰ্বতে প্ৰস্তুত কৰি থোৱা হেনাৰ মিশ্ৰণ ব্যৱহাৰ কাৰ উচিত নহয়। জেতুকা ব্যৱহাৰ কৰিলে চুলিৰ প্ৰকৃত ৰং চুলিত অক্ষুণ্ণ থাকে, ই চুলিলৈ সজীৱতা আনে আৰু হেনা কৰাৰ সময়ছোৱাত মূৰৰ তাপ কমাই ৰাখে।[2] আলোকচিত্ৰ
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia