নীলাচল স্থাপত্যশৈলী
নীলাচল স্থাপত্যশৈলী ভাৰতৰ অসমত উদ্ভৱ হোৱা হিন্দু মন্দিৰ স্থাপত্যশৈলী। অসমৰ হিন্দু ধৰ্মৰ ঐতিহাসিক মঠ-মন্দিৰ সমূহ ঘাইকৈ নীলাচল স্থাপত্যশৈলী। ৰথৰ আৰ্হিত নিৰ্মাণ কৰা বহুভূজাকৃতিৰ ভূমিৰ ওপৰত কেইবাটাও সুউচ্চ শিখৰে গঠিত মন্দিৰ এই শৈলীৰ বিশেষত্ব।[1] এই সংমিশ্ৰিত স্থাপত্যশৈলী পোন প্ৰথমবাৰৰ বাবে নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত ব্যৱহাৰ কৰা হৈছিল। কোঁচ ৰজাসকলে আৰম্ভ কৰা এই শৈলী পিছলৈ আহোম ৰজাসকলৰ সময়ত জনপ্ৰিয়তা লাভ কৰে।[2] উৎপত্তিকোঁচ ৰজা বিশ্বসিংহয়ে পুৰণি কামাখ্যা মন্দিৰৰ ধ্বংসাৱশেষত পুনৰ উপাসনা প্ৰচলন কৰিছিল। তেওঁৰ পুত্ৰ নৰনাৰায়ণে ধ্বংসাৱশেষত পৰিণত হোৱা কামাখ্যা মন্দিৰ আশে-পাশে সিঁচৰিত হৈ থকা সামগ্ৰীৰে পুনৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তেওঁ শিল্পী আৰু কলা-কুশলী সকলক আনিবলৈ মেঘমুকুন্দ সেনাপতিক নিৰ্দেশ দিছিল। মেঘমুকুন্দয়ে দুবাৰকৈ শিলৰ শিখৰ নিৰ্মাণ কৰিবলৈ অসমৰ্থ হোৱাৰ পিছত ইটাৰে বৰ্তমান শিখৰ নিৰ্মাণ কৰায়।[3] এই নিৰ্মাণকাৰ্যত ব্যৱহৃত শিল্পী আৰু স্থাপত্যবিদ সকল ঘাইকৈ বংগৰ ইছলামীয় স্থাপত্যশৈলীৰ লগত পৰিচিত আছিল। সেয়ে মন্দিৰৰ শিখৰ সমূহ বেছি ওখ নহয় আৰু গম্বুজৰ প্ৰভাৱ পৰিলক্ষিত হয়। ইয়াৰ লগতে মিনাৰশৈলীৰ ছাঁ পৰা অংগশিখৰ এই স্থাপত্যশৈলীৰ অন্যতম বৈশিষ্ট্য।[4] উদাহৰণ
তথ্য উৎস
|