দ্য ইমৰ্টেলছ অফ মেলুহা
দ্য ইমৰ্টেলছ অফ মেলুহা (ইংৰাজী: The Immortals of Meluha) অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজী গ্ৰন্থ শৃংখলাৰ প্ৰথমখন গ্ৰন্থ। কাহিনীৰ পৃষ্ঠভূমি হৈছে মেলুহা আৰু ই তিব্বতীয় জনজাতীয় লোক শিৱৰ আগমনৰ সৈতে আৰম্ভ হৈছে। শিৱই ঔষধি সোমৰস পান কৰোঁতে তেওঁৰ কণ্ঠ নীলবৰণীয়া হৈ পৰাত শিৱ তেওঁলোকৰ উদ্ধাৰকৰ্তা নীলকণ্ঠ বুলি মেলুহাবাসীয়ে কৰা বিশ্বাস সঁচা প্ৰমাণিত হয়। শিৱই মেলুহানসকলক চন্দ্ৰবংশীসকলৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিবলৈ সিদ্ধান্ত লয় যি নাগ নামৰ অভিশপ্ত গোষ্ঠীৰ সৈতে যোগ দিয়ে। নিজৰ যাত্ৰাপথ আৰু আৱশ্যম্ভাবী যুদ্ধৰ পৰা শিৱই জানিবলৈ পায় যে তেওঁ বাছি লোৱা পথসমূহে কিদৰে তেওঁ হ'ব বিচৰা মানুহজনক প্ৰতিফলিত কৰি এক ভয়ানক পৰিণামৰ দিশে লৈ যায়। প্ৰথমাৱস্থাত ত্ৰিপঠীয়ে অসৎ দৰ্শনৰ ওপৰত এখন কিতাপ লিখিবলৈ মনস্থ কৰে কিন্তু যদিও পৰিয়ালৰ পৰা নিৰুৎসাহ হয়। সেয়ে তেওঁ হিন্দু দেৱতা শিৱৰ ওপৰত এখন কিতাপ লিখিবলৈ থিৰাং কৰে। তেওঁ কাহিনীটো এই ধাৰণাৰ ভেঁটিত নিৰ্মাণ কৰিবলৈ ঠিক কৰে যে প্ৰতিজন দেৱতাই এসময়ত মানুহ আছিল; তেওঁলোকক মানৱ জীৱনত তেওঁলোকৰ কৰ্মৰাজিয়ে দেৱতাৰ শাৰীৰ খ্যাতি প্ৰদান কৰিলে। দ্য ইমৰ্টেলছ অফ মেলুহা লিখি সম্পূৰ্ণ কৰাৰ পিছত ত্ৰিপাঠীক কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে নাকচ কৰিলে। যেতিয়া তেওঁৰ প্ৰতিনিধিয়ে কিতাপখন নিজাববীয়াকৈ প্ৰকাশৰ সিদ্ধান্ত ল'লে তেতিয়া ত্ৰিপাঠী এক প্ৰচাৰ অভিযানলৈ সাজু হ'ল। ইয়াৰ ভিতৰত আছিল য়ুট্যুবত এক লাইভ-একচন ভিডিঅ'ৰ অন্তৰ্ভুক্তি[1] আৰু সকলো পঢ়ুৱৈৰ বাবে উপলব্ধ হোৱাকৈ কিতাপখনৰ প্ৰথম অধ্যায়টোৰ ডিজিটেল ডাউনল'ডৰ ব্যৱস্থা। অৱশেষত ২০১০ চনৰ ফেব্ৰুৱাৰীত কিতাপখন প্ৰকাশ পায়[2] আৰু এক বৃহৎ বাণিজ্যিক সাফল্য লাভৰ দিশে অগ্ৰসৰ হয়। পঢ়ুৱৈৰ চাহিদা পূৰাবলৈ কিতাপখন কেইবাবাৰো পুনঃমুদ্ৰণ কৰিবলগা হয়। আনকি ত্ৰিপাঠীয়ে প্ৰকাশক সলনি কৰি দিল্লীত এক বৃহৎ উন্মোচনীৰ আয়োজন কৰে। কিছুসংখ্যক ভাৰতীয় সমালোচকে ইতিবাচক সঁহাৰি দিয়াৰ লগতে আনসকলে ত্ৰিপাঠীৰ লেখনিয়ে কাহিনীটোৰ কিছু ঠাইত মূলবিন্দুৰ পৰা ফালৰি কাটিছে বুলি মন্তব্য কৰে। ২০১৩ চনৰ জানুৱাৰী মাহত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু ইয়াৰ ছিকুৱেল দ্য ছিক্ৰেট অফ দ্য নাগাজে এক মিলিয়ন কপি ছপাৰ সংখ্যা অতিক্ৰম কৰে। কিতাপ দুখনে প্ৰকাশৰ দুবছৰৰ ভিতৰতে মুঠ খুচুৰা ₹২২ কোটিৰ বিক্ৰীৰে নীলসেন বুকস্কেনৰ সৰ্বাধিক বিক্ৰীৰ তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখে। কাহিনী সাৰাংশমেলুহা পৃথিৱীৰ মহানতম ৰজাসকলৰ অন্যতম ৰামে প্ৰতিষ্ঠা কৰা এক প্ৰায়-পূৰ্ণাংগ সাম্ৰাজ্য। অৱশ্যে এই গৌৰৱশালী সাম্ৰাজ্যৰ প্ৰধান নদী সৰস্বতী লাহে লাহে শুকাই অহাৰ ফলত ইয়াৰ নিবাসী সূৰ্যবংশীসকল ভীষণ সংকটৰ সন্মুখীন হৈছে। তেওঁলোকে পূৰ্বদেশীয় চন্দ্ৰবংশীসকলে শাৰীৰিক বিসংগতিযুক্ত এক অভিশপ্ত গোষ্ঠী নাগসকলৰ লগ হৈ কৰা সন্ত্ৰাসবাদী আক্ৰমণৰো বলি হৈছে। মেলুহাৰ বৰ্তমানৰ ৰজা দক্ষই উত্তৰ দিশে তিব্বতত বসবাস কৰি থকা জনজাতীয় লোকসকলক মেলুহালৈ আমন্ত্ৰণ জনাই প্ৰতিনিধি পথায়। ইয়াৰ মাজত গুনা জনজাতিও আছিল যাৰ নেতা আছিল যোদ্ধা আৰু ৰক্ষাকৰ্তা শিৱ। তেওঁলোক আহি শ্ৰীনগৰ পায়হি য'ত মেলুহান চিকিৎসকসকলৰ নেত্ৰী আয়ুৰ্ৱতীয়ে তেওঁলোকক অভ্যৰ্থনা জনায়। শিৱ আৰু তেওঁলোকৰ জনজাতি মেলুহানসকলৰ জীৱনশৈলীৰদ্বাৰা আকৃষ্ট হয়। শ্ৰীনগৰত কটোৱা প্ৰথম নিশাটোত গুনাসকল তীব্ৰ জ্বৰত আক্ৰান্ত হয়। আয়ুৰ্ৱতীৰ নিৰ্দেশত চিকিসা প্ৰক্ৰিয়া চলি থাকে। তেওঁ লক্ষ্য কৰে যে শিৱ এই সংক্ৰমণৰ পৰা বাচি থাকে আৰু শিৱৰ ডিঙিৰ বৰণ নীলা হৈ পৰে। মেলুহানসকলে শিৱক তেওঁলোকৰ কিংবদন্তিৰ উদ্ধাৰকৰ্তা নীলকণ্ঠ হিচাপে ঘোষণা কৰে। ইয়াৰ পিছত শিৱক মেলুহাৰ ৰাজধানী চহৰ দেৱগিৰিলৈ লৈ যোৱা হয় য'ত তেওঁৰ ৰজা দক্ষৰ সৈতে সাক্ষাৎ হয়। তাত থকা সময়ছোৱাত তেওঁ শিৱ আৰু তেওঁৰ সংগী নন্দী আৰু বীৰভদ্ৰই এগৰাকী সুন্দৰী তথা ৰহস্যময় মহিলাক লগ পায়। পিছত জনা যায় যে তেওঁ ৰজা দক্ষৰ জীয়ৰী সতী যাক তেওঁৰ পূৰ্বজন্মৰ পাপকৰ্মৰ বাবে বিকৰ্ম অৰ্থাৎ অস্পৃশ্য গণ্য কৰা হয়। শিৱই তেওঁক সংগ দিবলৈ ইচ্ছা কৰে কিন্তু সতীয়ে ইয়াক অস্বীকাৰ কৰে। অৱশেষত শিৱই সতীৰ হিয়া জয় কৰিবলৈ সক্ষম হয় আৰু বিকৰ্মসকলৰ বিয়া হোৱাত বাধা থকা স্বত্বেও তেওঁলোকে বিয়াৰ সিদ্ধান্ত লয়। সামাজিক আইনৰ ওপৰত খড়্গহস্ত হৈ শিৱই নিজকে নীলকণ্ঠ বুলি ঘোষণা কৰে আৰু বিকৰ্ম আইন ভংগ কৰিবলে শপত লয়। দক্ষই আনন্দমনেৰে এই বিবাহত সন্মতি দিয়ে। দেৱগিৰিত থকা সময়ছোৱাত চন্দ্ৰবংশীসকলে মেলুহানসকলৰ বিৰূদ্ধে চলাই থকা ভয়ংকৰ যুদ্ধৰ কথা জানিবলৈ পায়। তেওঁ মেলুহানসকলৰ মুখ্য উদ্ভাৱক বৃহস্পতিকো লগ পায়। তেওঁ শিৱ আৰু ৰাজপৰিয়ালক মন্দৰ পৰ্বতত বিহাৰৰ বাবে আমন্ত্ৰণ জনায় য'ত সৰস্বতী নদীৰ পানীৰ পৰা সোমৰস প্ৰস্তুত কৰা হয়। শিৱই জানিবলৈ পায় যে তেওঁৰ কণ্ঠ নীলা কৰি তোলা পানীয়বিধ আচলতে দ্ৰৱীভূত নোহোৱা সোমৰসহে আছিল যি ইয়াৰ বিশুদ্ধ ৰূপত ঘাতকো হ'ব পাৰে। তেওঁ এয়াই শিকিবলৈ পায় যে মেলুহানসকল ইমান বছৰ জীয়াই থকাৰ মূলতে এই সোমৰসেই। বৃহস্পতি আৰু শিৱৰ মাজত গভীৰ বন্ধুত্বই গঢ় লৈ উঠে আৰু ৰাজপৰিয়ালটো দেৱগিৰিলৈ উলটি যায়। এদিন পুৱা মন্দৰ পৰ্বতৰ পৰা অহা বিকট শব্দত সমগ্ৰ মেলুহা সাৰ পাই উঠে। শিৱ আৰু তেওঁৰ দলটো ঘটনা সম্পৰ্কে অনুসন্ধান কৰিবলৈ যাওঁতে দেখে যে মন্দৰৰ এক বিৰাট অংশ বিষ্ফোৰিত হৈ পৰিছে আৰু বহুসংখ্যক উদ্ভাৱকৰ মৃত্যু ঘটিছে। বৃহস্পতিৰ কোনো সন্ধান নাছিল কিন্তু শিৱই নাগসকলৰ চিহ্ন বিচাৰি পায় আৰ চন্দ্ৰবংশীসকলৰ যুদ্ধত নাগসকল জড়িত থকাৰ কথা নিশ্চিত হয়। এই কাৰ্যত ক্ৰোধিত হৈ শিৱই চন্দ্ৰবংশীসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। দেৱগিৰি মন্ত্ৰীপ্ৰধান কনখলা আৰু মেলুহান সেনাপ্ৰধান পৰ্বতেশ্বৰৰ সৈতে আলোচনামৰ্মে শিৱ চন্দ্ৰবংশীসকলৰ ঠাই স্বদ্বীপৰ দিশে অগ্ৰসৰ হয়। মেলুহান আৰু স্বদ্বীপবাসীৰ মাজত তুমুল যুদ্ধৰ সূত্ৰপাত হয় য'ত মেলুহানসকলে অগ্ৰগতি লাভ কৰে। কৰায়ত্ত হোৱা চন্দ্ৰবংশী ৰজাই নীলকণ্ঠক দেখি ক্ৰোধিত হৈ উঠে। এই বিষয়ে চন্দ্ৰবংশী ৰাজকুমাৰী আনন্দময়ীয়ে ব্যাখ্যা কৰি কয় যে তেওঁলোকৰো এনেধৰণৰ এক কিংবদন্তি আছে য'ত নীলকণ্ঠ আহি দুৰ্জন সূৰ্যবংশীসকলৰ বিৰূদ্ধে এক আক্ৰমণ আৰম্ভ কৰি তেওঁলোকক ৰক্ষা কৰিব। এই কথা শুনি শিৱ আচৰিত হয় আৰু বিমূঢ় হৈ পৰে। তেওঁ সতীক লৈ স্বদ্বীপৰ ৰাজধানী অযোধ্যাৰ বিখ্যাত ৰাম মন্দিৰ ভ্ৰমণ কৰে। তাতে তেওঁ এজন সাধু পুৰুষক লগ পায় যি শিৱক তেওঁৰ জীৱনৰ কৰ্ম, অদৃষ্ট আৰু বাছনিৰ কথা কয় যি তেওঁক ভৱিষ্যতে পথ দেখুৱাই নিব। মন্দিৰৰ পৰা ওলাই আহোঁতে শিৱই দেখে যে সতীয়ে তেওঁলৈ অপেক্ষা কৰি ৰৈ আছে আৰু এজন নাগ গছ এজোপাৰ কাষত ৰৈ আছে। সতীক ৰক্ষা কৰিবলৈ শিৱৰ দায়িত্বৰ সৈতে কাহিনীটোৰ অন্ত পৰিছে। চৰিত্ৰ আৰু পৃষ্ঠভূমিত্ৰিপাঠীয়ে বিশ্বাস কৰে যে "কিংবদন্তিসমূহ আন একো নহয় কেৱলমাত্ৰ সঁচা অতীতৰ বিশৃংখল স্মৃতিহে। মাটিৰ তলত আৰু অৱহেলাত পোত যোৱা অতীত। "[3] গ্ৰন্থখনত হিন্দু সাহিত্যৰ জনাজাত চৰিত্ৰৰ লগতে লেখকৰ কল্পনাপ্ৰসূত চৰিত্ৰও আছে।[4] অৱশ্যে এই হিন্দু চৰিত্ৰসমূহে ইয়াৰ আটাইখিনি পৰম্পৰাগত বৈশিষ্ট্য বহন কৰা নাই।[5] চৰিত্ৰসমূহ
জাতি
ৰাজ্য
অগ্ৰগতি আৰু প্ৰকাশলেখক অমিষ ত্ৰিপাঠী ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান কলিকতাত শিক্ষাগ্ৰহণ কৰা এজন বিত্ত বিভাগৰ বৃত্তিধাৰী।[18] বীমা উদ্যোগত কাম কৰি থাকোঁতে তেওঁ জীৱনটো অৰ্থহীন হৈ পৰা যেন অনুভৱ কৰে। অৱশেষত তেওঁ এক আধ্যাত্মিক পথ ল'বলৈ সিদ্ধান্ত লয়। তেওঁ বিভিন্ন দৰ্শন আৰু ভাৰতীয় আখ্যানসমূহ পঢ়িবলৈ আৰম্ভ কৰে।[18]এদিন এক ইতিহাসমূলক অনুষ্ঠান চাই থকাৰ সময়ত ত্ৰিপাঠী আৰু তেওঁৰ পৰিয়ালে সচেতনতা আৰু মানুহৰ মাজত নিহিত থকা কু-ভাৱনাৰ বিষয়ে আলোচনা কৰি আছিল। অনুষ্ঠানটোৰ পৰা তেওঁলোকে জানিবলৈ পায় যে পুৰণি পাৰ্ছিয়াত দানৱসমূহক দৈৱ (ভাৰতীয় কিংবদন্তিত যি শব্দই দেৱতা বুজায়) হিচাপে আৰু দেৱদূতসমূহক অসুৰ (ভাৰতীয় কিংবদন্তিত যি শব্দই দানৱ বুজায়) জনা গৈছিল। ত্ৰিপাঠীয়ে কয়, "ই মোক এই কথা ভবাই তোলে যে এয়া আমাৰ বৈদিক শব্দকোষৰ একেবাৰে বিপৰীত য'ত অশুভ শক্তিবোৰ অসুৰ আৰু দেৱতাসমূহ দেৱ। ই মোক ভবাই তুলিলে যে যেতিয়া দুটা সভ্যতা পৰস্পৰ সন্মুখীন হয়, তেতিয়া তেওঁলোক সম্পূৰ্ণ অদ্ভুত হৈ পৰিব আৰু ইটোৱে-সিটোক বেয়া বুলি ক'ব। "[19] কিন্তু যেতিয়া ত্ৰিপাঠীয়ে কু-দৰ্শনৰ ওপৰত এখন কিতাপ লিখিবলৈ মনস্থ কৰে তেওঁৰ পৰিয়ালে তেওঁক নিৰুৎসাহ কৰে আৰু কয় যে এই বিষয়টো জনপ্ৰিয় নহয় আৰু ই কমসংখ্যক পাঠকহে লাভ কৰিব।[20][21] তেওঁলোক ত্ৰিপাঠীক এক থ্ৰিলাৰ/এডভেঞ্চাৰ উপন্যাস লিখাৰ পৰামৰ্শ দিয়ে য'ত মূলসূঁতিৰ এক আবেদন থকা হোৱাকৈ এই দৰ্শনটো উপন্যাসখনৰ এক অংশ হিচাপে মাত্ৰ থাকে।[20] ত্ৰিপাঠীয়ে অনুভৱ কৰে যে হিন্দুসকলৰ এজন প্ৰধান দেৱতা তথা অপশক্তিৰ সংহাৰক শিৱতকৈ ভাল বিষয় আৰু নাই যাৰ যাত্ৰা আৰু কাহিনীবোৰে তেওঁ ব্যক্ত কৰিব বিচৰা দৰ্শন পাঠকসকললৈ বহন কৰি নিব পাৰিব। শিৱৰ বিষয়ে কিতাপখন লিখিবলৈ লোৱাৰ আৰম্ভণিতে তেওঁ নিজৰ কিছুমান মূল বিশ্বাসৰ ওপৰত ইয়াৰ ভেঁটি কৰিবলৈ সিন্ধান্ত লয়।[3] তেওঁ লক্ষ্য কৰে যে হিন্দু দেৱতাসকল সম্ভৱতঃ কিংবদন্তি অথবা কল্পনাপ্ৰসূত বস্তু নহয়, কিন্তু এসময়ত তেওঁলোক আনৰ দৰে মানুহেই আছিল। তেওঁলোকৰ কৰ্মৰাজিয়ে তেওঁলোকক দেৱতাৰ খ্যাতি প্ৰদান কৰিলে।[3] উপন্যাসখনৰ কাহিনীটো আধুনিক ইতিহাসবিদসকলৰ মতানুসৰি সিন্ধু উপত্যকা সভ্যতাৰ যথাসম্ভৱ পুৰণি নাম মেলুহাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে। ত্ৰিপাঠীয়ে ইয়াত সূৰ্যবংশী আৰু চন্দ্ৰবংশী হিচাপে ভাৰতীয় ৰাজবংশ সূৰ্য আৰু চন্দ্ৰৰ সাম্ৰাজ্যৰ কথাও অন্তৰ্ভুক্ত কৰিছে।[19] ত্ৰিপাঠী দীৰ্ঘদিন ধৰি ইতিহাসৰ এক উৎসুক পঢ়ুৱৈ। ইয়াৰ উপৰিও এই উপন্যাসখনৰ বাবে লেখক গ্ৰাহাম হেনকক আৰু গ্ৰেগৰী পজেলৰ পৰা ভাৰতীয় কমিক্ছ শৃংখলা অমৰ চিত্ৰ কথালৈকে আছিল তেওঁৰ অনুপ্ৰেৰণা।[19] তেওঁ নিজৰ লেখনিক চৰিত্ৰ, পটভূমি, উপ-পটভূমি আদি ভাগত সুকীয়াকৈ ভগাবলৈ মাইক্ৰচফ্ট এক্সেলৰ ব্যৱহাৰ কৰিছিল। অৱশ্যে ই বৰ সুফল নিদিয়ে কিয়নো ইয়াৰ ফলত তেওঁ ঘটনাৱলীৰ ধাৰাটো হেৰুৱাই পেলায়।[22] তেওঁৰ পত্নীয়ে এক বিকল্পৰ পৰামৰ্শ দিয়ে আৰু চৰিত্ৰ এটাৰ ভৱিষ্যত সম্পৰ্কে আগতীয়াকৈ নিৰ্ণয় কৰাতকৈ ইয়াৰ ভাৰ পৰিস্থিতিটোক দিবলৈ কয়। সেইমতে কাম কৰাত ত্ৰিপাঠীয়ে সুফল লাভ কৰে।[22] মুক্তি আৰু বজাৰীকৰণউপন্যাসখন লিখি উলিওৱাৰ পিছত ত্ৰিপাঠীয়ে অনুভৱ কৰে যে ইয়াৰ প্ৰকাশৰ বাবে এক ডাঙৰ প্ৰকাশন গোষ্ঠী পোৱাটো তেওঁৰ বাবে কঠিন হ'ব। ৩৫-৪০টা প্ৰকাশন গোষ্ঠীয়ে কিতাপখনৰ পাণ্ডুলিপি নাকচ কৰে।[19] সেয়ে তেওঁ কিতাপখনক অগ্ৰগতি দিবলৈ তেওঁৰ পৰিচালনাৰ কৌশলক কামত লগাবলৈ সিদ্ধান্ত লয়।[21] তেওঁ দেইলী নিউজ এণ্ড এনালাইছিছক কয়, "এয়া মিছা কোৱা হ'ব যদিহে মই কওঁ যে মোৰ প্ৰথম উপন্যাসৰ কাৰণে এক ডাঙৰ প্ৰকাশন পাম বুলি নিশ্চিত আছিলো। মই বিত্তৰ মানুহ আৰু ডিজিটেল মাৰ্কেটিঙৰ ওপৰত গভীৰ বিশ্বাসী যাৰ কিতাপৰ বজাৰলৈ এক উন্নততৰ প্ৰৱেশ আছে। "[21] বন্ধুবৰ্গৰ সৈতে একেলগে ত্ৰিপাঠীয়ে ইণ্টাৰনেটত তেওঁৰ গ্ৰন্থখনৰ প্ৰচাৰ আৰম্ভ কৰে। নিজা ৱেবছাইটত তেওঁ দ্য ইমৰ্টেলছ অফ মেলুহাৰ প্ৰথম অধ্যায়টো পাঠকক আকৰ্ষিত কৰিবলৈ ডিজিটেল ডাইনল'ডৰ উপযোগীকৈ মুকলি কৰে। তেওঁৰ বন্ধু সংগীতজ্ঞ তৌফিক কুৰেশ্বিৰ সহযোগত ত্ৰিপাঠীয়ে গ্ৰন্থখনৰ এক লাইভ-একচন ট্ৰেইলাৰ ইউটিউবত মুকলি কৰাৰ লগতে পাঠকৰ আকৰ্ষণ ধৰি ৰাখিবলৈ ফেচবুক আৰু টুইটাৰতো অনলাইন সমাজ এখনেই গঠন কৰি লয়।[21] আন এগৰাকী বান্ধৱী ৰশ্মি পাছলকাৰে ত্ৰিপাঠীৰ নিৰ্দেশনা মতে বাস্তৱ আৰু কল্পনাৰ সমতা ৰাখি গ্ৰন্থখনৰ বেটুপাত প্ৰস্তুত কৰি উলিয়ায়। ইয়াত এক বিশাল হ্ৰদৰ ফালে মুখ কৰি থকা শিৱৰ পৃষ্ঠভাগ দেখুৱা হৈছে। ইয়াৰ আগেয়ে পাছলকাৰে কোনো গ্ৰন্থৰ বেটুপাত প্ৰস্তুত কৰা নাছিল আৰু এই কামটো তেওঁৰ বাবে অধিক প্ৰত্যাহ্বানমূলক বুলি ভাবিছিল। এই বিষয়ে তেওঁ কয়, "শিৱ তেজ-মঙহৰ এজন মানুহ, তেওঁ দেৱতা নহয়। তেওঁক ধ্বংসশীল হিচাপে দেখুৱাটোৱে প্ৰত্যাহ্বান। মই তেওঁক পৃষ্ঠভাগৰ পৰা চিত্ৰিত কৰিছো, কাৰণ ভাৰতীয় দেৱতাসকলক কেতিয়াও পিছফালৰ পৰা দেখা নাযায়। তেওঁৰ যুদ্ধত কটা দাগ আৰু এক কুন্দত কটা শৰীৰ আছে। "[23][24] অন্য প্ৰচাৰ অভিযানৰ ভিতৰত আছিল মহানগৰীৰ কিতাপৰ দোকানসমূহত উপন্যাসখনৰ প্ৰথম অধ্যায়টোৰ বন্ধোৱা ৰূপৰ অন্তৰ্ভুক্তি।[21] ত্ৰিপাঠীয়ে অনুভৱ কৰিছিল যে কিতাপখনৰ সৈতে কোনো বিশিষ্ট ব্যক্তি বা চেলিব্ৰিটিৰ নামো সংযুক্ত হৈ পৰিলে ইয়াৰ অগ্ৰগতিত ই আচৰিতধৰণে কাম কৰিব। সেয়ে তেওঁ কিতাপখন প্ৰকাশনৰ পৃথিৱীখনৰ কেইবাখনো চিনাকি মুখ যেনে অনিল ধাৰকৰ, প্ৰহ্লাদ কাক্কৰ আদি ব্যক্তিলৈ উপন্যাসখন প্ৰেৰণ কৰে। অৱশেষত যেতিয়া ত্ৰিপাঠীৰ প্ৰতিনিধি অনুজ তিৱাৰীয়ে নিজাকৈ কিতাপখনৰ ৫,০০০টা কপি প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া ইতিমধ্যেই তেওঁলোকে ইয়াত এক বিশিষ্ট ব্যক্তিৰ পূৰ্বাভাস সংলগ্ন কৰে যি কিতাপখনৰ অগ্ৰগতিত সহায়ক হয়।[22] দ্য ইমৰ্টেলছ অফ মেলুহাকে ধৰি শিৱ ত্ৰিলজীৰ ইউ কে প্ৰকাশনৰ স্বত্ব জ' ফ্লেট্চাৰ বুকছে ক্ৰয় কৰে। লেখকৰ ভাৰতীয় প্ৰতিনিধি ৰেড ইঙ্ক লিটাৰেৰী এজেঞ্চীৰ অনুজ বাহৰিৰ হৈ ক্লেয়াৰ ৰবাৰ্টছে ট্ৰাইডেণ্ট মিডিয়া গ্ৰুপত লেনদেন সম্পন্ন কৰে।[25] ২০১৩ চনত শিৱ ত্ৰিলজী আধাৰিত বায়ুপুত্ৰজ নামৰ এক সংগীত এলবাম মুকলি কৰা হয়। ই দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজৰ এক পৰিৱৰ্ধন আৰু ইয়াত শিৱৰ নৃত্য তথা যুদ্ধৰ কথনৰদ্বাৰা অনুপ্ৰাণিত বিশেষ সংগীত সংযোজন কৰা হৈছে। চনু নিগম, তৌফিক কুৰেশ্ব, পলাস সেন, বিক্ৰম ঘোষ আদিয়ে কাম কৰা এই এলবামটোৱেই এক গ্ৰন্থ শৃংখলাৰ বাবে নিৰ্মাণ কৰা প্ৰথম সংগীত এলবাম।[26] সমালোচনাপ্ৰকাশৰ পিছত দ্য ইমৰ্টেলছ অফ মেলুহাই ইয়াৰ ধাৰণাটোৰ বাবে সমালোচকসকলৰ ইতিবাচক সমালোচনাই লাভ কৰে যদিও লেখনি সম্বন্ধে মিশ্ৰিত সঁহাৰি লাভ কৰে। দ্য ষ্টেটছমেনৰ প্ৰদীপ ভট্টাচাৰ্যই অনুভৱ কৰে, "কাহিনীভাগ তৎপৰতাৰে আগবাঢ়িছে, ভালদৰে চৰিত্ৰসমূহৰ নক্সা সজা হৈছে আৰু পাঠকৰ মনোযোগ আঁতৰ হ'বলৈ দিয়া নাই। ত্ৰিলজী কিদৰে আগবাঢ়ি যায় সেয়া চাবলৈ আকৰ্ষণীয় হ'ব। "[27] একেখন বাতৰি কাকতৰে আন এক সমালোচনাত গৌৰৱ বাসুদেৱে কয় যে "কিতাপখনে আধুনিক ধৰণে লিখা এক কিংবদন্তিমূলক কাহিনী খামুচি ধৰি আছে। "[28] দ্য ট্ৰিবিউনৰ দেৱদত্ত পাটনায়কে মন্তব্য কৰে যে "চৰিত্ৰসমূহৰ মাজেদি লেখকে আমাক এক অমঙ্গলীয়া যাত্ৰাইদি লৈ যায়, যিসমূহক প্ৰায়ে আমাৰ মাজৰে এজন যেন লাগে। "[29] ছ'চাইটী আলোচনীয়ে ত্ৰিপাঠীৰ লেখনিৰ বিষয়ে মন্তব্য কৰে, "এই সুন্দৰ সৃষ্টি পঢ়াটো মানসসৰোবৰ হ্ৰদৰ হিমশীতল আৰু পূজ্য পানীত ডুব মৰাৰ দৰে। সঁচাকৈয়ে একোজন লোকে [পাঠক] শিৱৰ ডম্বৰুৰ ধ্বনি আৰু নিচাযুক্ত ভাঙৰ ধোঁৱাক অনুভৱ কৰিব পাৰে। "[30] দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ লিছা মহাপাত্ৰ এই কাহিনীটো তথা ত্ৰিপাঠীৰ লেখনিৰদ্বাৰা আকৃষ্ট হয় আৰু ইয়াৰ প্ৰশংসা কৰি কয়, "শিৱ আৰু সতীৰ মত বিনিময় কৌতূহলোদ্দীপক। আওপুৰণি চিন্তা আৰু দৰ্শনক অতিশয় নতুন প্ৰসংগত প্ৰক্ষেপ কৰা হৈছে, যিটো মই ভাবোঁ এক আকৰ্ষণীয় সান্নিধ্য সৃষ্টিৰ বাবে কৰা হৈছে। " তেওঁ লগতে কয় যে "উপন্যাসখনৰ একমাত্ৰ ঋণাত্মক দিশটো হৈছে, মই প্ৰকৃতাৰ্থত মুখ্য চৰিত্ৰকেইটাৰ ভিতৰলৈ সোমাব নোৱাৰিলো -- এইসমূহ মূলতঃ এক দ্বিমাত্ৰিক সমতলত থাকিল। "[31] উপন্যাসখনে হিন্দুস্তান টাইমছৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰে য'ত সমালোচকে ত্ৰিপাঠীৰ সাধাৰণ, দৈনন্দিন ব্যৱহৃত ভাষাক সমালোচনা কৰিছে। "ভগৱান ৰাম তথা অন্যান্য চৰিত্ৰৰ আৰু অনেক সূক্ষ্ম বৰ্ণনা আছে আৰু সামগ্ৰিকভাৱে ইয়াক বৰ সুন্দৰকৈ লিখা হৈছে। মই ত্ৰিপাঠীলৈ সৰু কথা এটা লক্ষ্য কৰাৰ কথা জনাবলৈ লিখিছিলোঁ, যে লেখনিটো ইমান তীক্ষ্ণ হোৱা নাই। "[32] বাণিজ্যিক সফলতাদ্য ইমৰ্টেলছ অফ মেলুহা বাণিজ্যিকভাৱে সফল আছিল। ২০১০ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম প্ৰকাশৰ এক সপ্তাহ পিছতেই ই দ্য ষ্টেটছমেন, দ্য ইকনমিক টাইম, দ্য টাইমছ অফ ইণ্ডিয়া, ৰ'লিং ষ্ট'ন ইণ্ডিয়া আদি বিভিন্ন কাকত-আলোচনীৰ সৰ্বাধিত বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাত স্থান পায়।[23][33] দ্বিতীয় সপ্তাহতে কিতাপখন ৫০০০ কপিকৈ তিনিবাৰ পুনঃমুদ্ৰণ কৰিবলগা হয় আৰু জুলাইৰ শেষলৈ ভাৰততে ইয়াৰ ৪৫,০০০ কপিৰ বিক্ৰী হয়।[23] ত্ৰিপাঠী আৰু তিৱাৰী দুয়ো গ্ৰন্থস্বত্ব এক বৃহত্তৰ প্ৰকাশনক দিবলৈ সিদ্ধান্ত লয়।[23] বিভিন্ন প্ৰকাশন ইয়াৰ বাবে দাবীদাৰ হয় যদিও তেওঁলোকে ৱেষ্টলেণ্ড পাব্লিছাৰৰ কাষ চাপে যাৰ এক বিতৰণ সহযোগীও আছে।[23] ২০১০ চনৰ ১০ ছেপ্টেম্বৰত দিল্লীত কিতাপখনৰ ৱেষ্টলেণ্ড সংস্কৰণ প্ৰকাশ পায়। ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন বিষয়া শশী থাৰুৰে ইয়াক উন্মোচন কৰি ইয়াৰ প্ৰশংসা কৰে।[28] কিতাপখনৰ সম্পাদিত সংস্কৰণটো ইয়াৰ এক বাণীবদ্ধ ৰূপৰ (অ'ডিঅ' বুক) সৈতে প্ৰকাশ পায়।[28] ২০১৩ চনৰ জানুৱাৰীত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু ইয়াৰ ছিকুৱেল দ্য ছিক্ৰেট অফ দ্য নাগাজৰ এক মিলিয়ন মুদ্ৰিত কপিৰ সীমা অতিক্ৰম কৰে। দুয়োখন কিতাপেই প্ৰকাশৰ দুবছৰৰ ভিতৰত ₹২২ কোটিৰ বিক্ৰীৰে নীলসেন বুকস্কেনৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাৰ শীৰ্ষস্থানত থাকে।[34][35] উপন্যাসখন বিভিন্ন স্থানীয় ভাষা যেনে হিন্দী, গুজৰাটী, তেলুগু আৰু মাৰাঠী ভাষাতো প্ৰকাশ পায়।[36] ত্ৰিপাঠীয়ে কয়, "মই প্ৰকৃততেই আজিৰ পৰা অহা পাঁচ বছৰক বিশ্বাস কৰোঁ, য'ত অধিক বিক্ৰীৰ বাবে ইংৰাজীতকৈ আন ভাষাবোৰকহে হিচাপত ধৰিবলগা হ'ব। সেইটোৱেই প্ৰকাশৰ ক্ষেত্ৰত এক বিৰাট পৰিৱৰ্তন হৈ আহিছে --- যি দূৰদৰ্শনত আঞ্চলিক ভাষাৰ টি আৰ পি অধিক হোৱাৰ দৰেই আনৰ সংস্কৃতিক বুজি পোৱাতকৈয়ো নিজৰ সংস্কৃতিলৈ এক সন্তুষ্টি কঢ়িয়াই আনিছে। "[36] স্থানীয় ভাষাৰ সংস্কৰণকেইটাও বাণিজ্যিকভাৱে সফল হয়। তেলুগু সংস্কৰণটো ৰামা সুন্দাৰীয়ে অনুবাদ কৰিছিল আৰু এমাহতে ইয়াৰ ৫,০০০ কপিৰ বিক্ৰী হোৱাৰ লগতে দ্বিতীয় মুদ্ৰণত ১০,০০০টা কপি প্ৰকাশ কৰা হয়।[37] ইয়াৰোপৰি কেৱল ভাৰতত উপলব্ধ হোৱাকৈ কিতাপখনৰ এক আমাজন কাইণ্ডলে সংস্কৰণো মুকলি কৰা হয়।[38] চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনে উপন্যাসখনৰ বোলছবি স্বত্ব ক্ৰয় কৰে। জোহৰে কয় যে চেলুলয়ডৰ বাবে এই কিতাপখন সুন্দৰ আৰু তেওঁলোক অমিষৰ কৰ্মক অগ্ৰগতি দিবলৈ উৎসাহী।[39] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|