দৈৱকী
দৈৱকী হৈছে দেৱক ৰজাৰ কন্যা আৰু বাসুদেৱৰ ভাৰ্যা।[1] আৰু কৃষ্ণ তথা বলোৰামৰ মাতৃ।[2] [3] বিবাহবিবাহ সম্পন্ন হোৱাৰ পিছত, কংসই ভনীয়েকক মথুৰালৈ বিদায় দিয়াৰ মুহূৰ্ততে এক আকাশবাণী যোগে কংসক অৱগত কৰা হ'ল যে দৈৱকী আৰু বাসুদেৱৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু হ'ব। এই কথাত ক্ৰোধান্বিত হৈ কংসই দৈৱকীক বধ কৰিবলৈ উদ্দ্যত হয়। কংসক বাধা দি বাসুদেৱে তেওঁলোকৰ প্ৰতিটো সন্তানকে কংসলৈ বুলি অৰ্পণ কৰা হ'ব বুলি কথা দিয়ে আৰু দুয়ো কংসৰ কাৰাগাৰত বন্দী হৈ ৰয়।[4][5][6] কাৰাগাৰৰ জীৱনদৈৱকী আৰু বাসুদেৱ অনকাদুন্দুভি কংসৰ কাৰাগাৰৰ বন্দী আছিল। দৈৱকীৰ বিদায় ক্ষণতে আকাশ মাৰ্গৰ পৰা শুনা বাৰ্তাত ক্ৰোধান্বিত হৈ কংসই বাসুদেৱৰ কথা মতে দৈৱকীক বধ নকৰি নাৰদৰ বুদ্ধি মতে বন্দী কৰি থয়।[7][8] তেওঁৰ ছটাকৈ সন্তানক বধ কৰাৰ পিছত সপ্তমটো সন্তান বলোৰামৰ ৰোহিনীৰ গৰ্ভৰে জন্ম হয়।[9][10][11] কংসই বধ কৰা দৈৱকীৰ সন্তান কেইজন আছিল দৈৱকীৰ সন্তান কেইজন আছিল কীৰ্তিমত, সুসেন, উদয়িন, ভদ্ৰসেন, ৰিজুদাস আৰু ভদ্ৰদেহ।[2] দৈৱকীয়ে শীঘ্ৰেই ৰোহিনীৰ মাধ্যমেৰে বলোৰামক জন্ম দিয়ে আৰু কৃষ্ণক যশোদাৰ কন্যাৰ সৈতে সলনি কৰে। য'ত নেকি বলোৰাম আৰু কৃষ্ণ আছিল দেৱতা বিষ্ণু আৰু শেষ নাগৰ অৱতাৰ।[12][13] নন্দ-যশোদাৰ কন্যা যোগমায়াক কংসই বধ কৰাৰ ক্ষেত্ৰত দৈৱকীয়ে বিদ্ৰোহ কৰে যদিও কংসই যোগমায়াক শিলত ঠেকেচি মাৰিবলৈ লওঁতেই তেওঁ দেৱীৰ ৰূপ ধাৰণ কৰি কংসক কয়, মুৰ্খ, তোৰ কাল ইতিমধ্যেই অন্যস্থানত জন্ম হৈছে আৰু লগেলগে তেওঁ পৰলোকত অন্তৰ্ধান হৈ পৰে।[12] কংস বধৰ পিছতেই বাসুদেৱ আৰু দৈৱকী কাৰাগাৰৰ পৰা মুক্ত হয়।[14] সদগৰ্ভৰ মুক্তিকৃষ্ণই তেওঁৰ গুৰু সন্দিপানীৰ পুত্ৰক পুনৰুদ্ধাৰ কৰাৰ কথা শুনি দৈৱকীয়েও নিজৰ সন্তান কেইটাক চাবলৈ ইচ্ছা কৰে।[15] কৃষ্ণই তেওঁৰ অনুৰোধ মানি লয় আৰু শিশুসকলক পাটালাৰ পৰা দৈৱকীৰ ওচৰলৈ লৈ আহে।[15][16] দৈৱকীয়ে তেওঁলোকক মাতৃ দুগ্ধ পান কৰাই আৰু তেওঁলোকে স্বৰ্গ লাভ কৰে।[16] মৃত্যুযদু বংশৰ ধংশৰ সময়ত বাসুদেৱৰ অন্ত্যেষ্টিক্ৰিয়াৰ চিতাত দৈৱকীয়ে বাসুদেৱৰ আন কেইগৰাকী পত্নী ৰোহিনী, ভদ্ৰা আৰু মাদিৰা সহ আত্মজাহ দিয়ে।[17] টোকাতথ্যউৎস
|