তেলুগু লিপি

তেলুগু লিপি
తెలుగు లిపి

'তেলুগু লিপি' শব্দটো তেলুগু লিপিত লিখা হৈছে
প্ৰকাৰ ধ্বনিগত বৰ্ণমালা লিপি
ভাষা তেলুগু
Lambadi
Gondi
Koya
Konda
সংস্কৃত
Saurashtra
সময় প্ৰায় ১৩০০ খ্ৰীষ্টাব্দ–বৰ্তমান[1]
মাতৃ লিপি
ভগ্নী লিপি কানাড়া
ISO 15924 Telu, 340
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Telugu
ইউনিক'ড ৰে'ঞ্জ U+0C00–U+0C7F
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

তেলুগু লিপি (তেলুগু: తెలుగు లిపి), ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ লগতে অন্য কেইবাখনো চুবুৰীয়া ৰাজ্যত কথিত তেলুগু ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা লিখন পদ্ধতি। এই লিপি ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত৷ ই ভাৰত গণৰাজ্যৰ এক অন্যতম স্বীকৃত লিপি। কিছুমান সংস্কৃত গ্ৰন্থ আৰু গণ্ডী ভাষাত লিখিত গ্ৰন্থতো তেলুগু লিপি বহুলভাৱে ব্যৱহাৰ কৰা হয়। পূৰ্বাঞ্চলৰ চালুক্য যুগত এই লিপিয়ে প্ৰাধান্য লাভ কৰিছিল যাক ভেংগী চালুক্য যুগ বুলিও কোৱা হয়। কানাড়া লিপিৰ সৈতেও এই লিপিৰ ব্যাপক সাদৃশ্য দেখা যায়।

ইতিহাস

মৌৰ্য ৰজাসকলে ব্যৱহাৰ কৰা ব্ৰাহ্মী লিপিয়ে অৱশেষত কৃষ্ণা নদীৰ বদ্বীপত উপনীত হৈছিল আৰু ইয়াৰ ফলত ভট্টিপ্ৰলু লিপিৰ জন্ম হ'ব বুলি ভগৱান বুদ্ধৰ ধ্বংসাৱশেষত পোৱা এটা কলহত পোৱা গৈছে।[5][6] নিকটবৰ্তী ঘণ্টাশালা আৰু মাছুলিপট্টনম (টলেমিৰ প্ৰাচীন মাইছলো আৰু পেৰিপ্লাছৰ মাছলিয়া) বন্দৰৰ পৰা পূব এছিয়ালৈ বৌদ্ধ ধৰ্মই বিস্তাৰ লাভ কৰিছিল৷[7] কদম্ব বংশই বিকশিত কৰা কদম্ব লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছিল আৰু সপ্তম শতিকাৰ পিছলৈ ইয়াৰ পৰাই তেলুগু-কানাড়া লিপি বিকশিত হৈছিল।[1][8][9] তাৰ পিছত প্ৰায় ১৩০০ খ্ৰীষ্টাব্দৰ ভিতৰত তেলুগু আৰু কানাড়া লিপি পৃথক হৈছিল।[1][10][11] মুছলমান ইতিহাসবিদ আৰু পণ্ডিত আল-বিৰুণীয়ে তেলুগু ভাষা আৰু লিপি দুয়োটাকে "আন্ধ্ৰি" বুলি উল্লেখ কৰিছিল।[12]

স্বৰবৰ্ণ

তেলুগু লিপিত ষোল্লটা স্বৰবৰ্ণ ব্যৱহাৰ কৰা হয়৷ প্ৰত্যেকটো স্বৰবৰ্ণৰ স্বতন্ত্ৰ ৰূপ আৰু ব্যঞ্জনবৰ্ণৰ সৈতে ব্যৱহাৰ কৰা বিশেষ চিহ্ন (স্বৰচিহ্ন) দুয়োটা থাকে। ভাষাটোৱে চুটি আৰু দীঘল স্বৰবৰ্ণৰ মাজত পাৰ্থক্য বৰ্তাই ৰাখে।

স্বতন্ত্ৰ ৰ সৈতে () ISO IPA স্বতন্ত্ৰ ৰ সৈতে () ISO IPA
a /a/ కా ā /aː/
కి i /i/ కీ ī /iː/
కు u /u/ కూ ū /uː/
కృ /ɻ̩/, [ɾu] [টোকা 1] కౄ r̥̄ /ɻ̩ː/, [ɾuː]
[টোকা 1] కౢ //, [lu] [টোকা 1] కౣ l̥̄ /l̩ː/, [luː]
కె e /e/ కే ē /eː/
కై ai /aj/
కొ o /o/ కో ō /oː/
కౌ au /aw/
  1. 1.0 1.1 1.2 বৰ্তমান ব্যৱহাৰ নহয়৷

স্বৰবৰ্ণটো শব্দ বা শব্দাংশৰ আৰম্ভণিতে ব্যৱহাৰ হ’লে, বা নিজৰ মাজতে সম্পূৰ্ণ শব্দাংশ হ’লে স্বতন্ত্ৰ ৰূপটো ব্যৱহাৰ কৰা হয় যেনে ক, উ, অ আদি। ব্যঞ্জনবৰ্ণৰ লগত (বিন্দুযুক্ত বৃত্তেৰে প্ৰতিনিধিত্ব কৰা) ব্যঞ্জনবৰ্ণৰ ৰূপটো যোগ কৰি ব্যঞ্জন-স্বৰ বৰ্ণৰ গঠন কৰা হয় (উদাহৰণ: ক, কৃ, মো)। అ বৰ্ণটোৰ কোনো চিহ্ন ৰূপ নাই, কাৰণ এই স্বৰবৰ্ণটো ইতিমধ্যে সকলো ব্যঞ্জনবৰ্ণৰ অন্তৰ্নিহিত। আন স্বৰচিহ্নবোৰ ব্যঞ্জনবৰ্ণৰ লগত যোগ কৰি স্বৰবৰ্ণৰ উচ্চাৰণলৈ সলনি কৰা হয়।

উদাহৰণ:

+ () → ఖీ /kʰa/ + /iː//kʰiː/
+ () → జు /dʒa/ + /u//dʒu/

ব্যঞ্জনবৰ্ণ

আখৰ যুক্ত ৰূপ ISO IPA আখৰ যুক্ত ৰূপ ISO IPA আখৰ যুক্ত ৰূপ ISO IPA আখৰ যুক্ত ৰূপ ISO IPA আখৰ যুক্ত ৰূপ ISO IPA
్క ka /ka/ ్ఖ kha /kʰa/ ్గ ga /ɡa/ ్ఘ gha /ɡʱa/ ్ఙ ṅa /ŋa/
్చ ca /t͡ʃa/ ్ఛ cha /t͡ʃʰa/ ్జ ja /d͡ʒa/ ్ఝ jha /d͡ʒʱa/ ్ఞ ña /ɲa/
్ట ṭa /ʈa/ ్ఠ ṭha /ʈʰa/ ్డ ḍa /ɖa/ ్ఢ ḍha /ɖʱa/ ్ణ ṇa /ɳa/
్త ta /t̪a/ ్థ tha /t̪ʰa/ ్ద da /d̪a/ ్ధ dha /d̪ʱa/ ్న na /n̪a/
్ప pa /pa/ ్ఫ pha /pʰa/ ్బ ba /ba/ ్భ bha /bʱa/ ్మ ma /ma/
్య ya /ja/ ్ర ra /ra/ ్ల la /la/ ్వ va /ʋa/ ్ళ ḷa /ɭa/
్శ śa /ʃa/ ్ష ṣa /ʂa/ ్స sa /sa/ ్హ ha /ɦa/ [টোকা 1] ్ఱ ṟa /ra/
  1. এই আখৰটো ర (ra)ৰ বিপৰিতে ব্যৱহাৰ হোৱা বাণ্ডি ৰ ইয়াক ৰেফ বুলি কোৱা হয়৷

ব্যঞ্জনবৰ্ণৰ সংহতি আৰু উৎপাদিত ব্যঞ্জনবৰ্ণত উপলিপি আখৰ ব্যৱহাৰ কৰা হয়।

প্ৰান্তীয় আৰু প্ৰাচীন ব্যঞ্জনবৰ্ণ

ইয়াৰ উপৰিও ౘ (ĉa) আৰু ౙ (ẑa) বৰ্ণকেইটা খুব কমেইহে /t͡sa, d͡za/ ৰ বাবে ব্যৱহাৰ কৰা হয়, ইয়াৰ পৰিৱৰ্তে সাধাৰণতে <c, j> ৰ বাবে ব্যৱহাৰ কৰা হয়। তেলুগু ভাষাত ইহঁতক ক্ৰমে দন্ত্য চ আৰু দন্ত্য জ বুলি কোৱা হয়।[13] যোৱা শতিকাৰ ভিতৰত তেলুগু ভাষাত বাণ্ডি ৰ নামেৰে জনাজাত ఱ (ṟa) আখৰটো বাদ দিয়া হৈছে। এই আখৰটোক ర (ৰ)ৰ বিপৰীতে বাণ্ডি ৰ বুলি কোৱা হয় যিটোক ৰেফ বুলি কোৱা হয়।

প্ৰান্তীয় বৰ্ণ
আখৰ ISO IPA
ḻa /ɻa/
ḏa /da/

কণ্ঠস্বৰযুক্ত দন্তমূলীয় ব্যঞ্জনধ্বনিৰ আখৰ কিছুমান শিলালিপিত পোৱা গৈছে, ইয়াক কম্পনজাত ব্যঞ্জনধ্বনি ఱ (ṟa)ৰ পৰা আন্তঃস্বৰীয়ভাৱে খুব কমেইহে পৃথক কৰা হৈছিল বুলি ভবা হয়; ইয়াৰ বেছিভাগেই নাসিক ধ্বনিৰ সৈতে পোৱা যায় যেনে మూన్ౚు (mūnḏu)।[14]

ইউনিক'ড

১৯৯১ চনত তেলুগু লিপিক ইউনিক’ড মানদণ্ডত যোগ কৰা হয় আৰু প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হয়৷

তেলুগু ইউনিক’ড U+0C00 ৰ পৰা U+0C7F পৰ্যন্ত আছে।

তেলুগু[1][2]
তেলুগু লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0C0x
U+0C1x
U+0C2x
U+0C3x ి
U+0C4x
U+0C5x
U+0C6x
U+0C7x ౿
টোকা
১.^ ইউনিক'ড সংস্কৰণ ১৬.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

কাতাকানাৰ দৰে ধ্বনিদলীয় লিপি, য‘ত এটা শব্দাংশৰ গ্লাইফৰ বাবে কেৱল এটা ইউনিক‘ড বিন্দু ব্যৱহাৰ কৰা হয় তাৰ তুলনাত তেলুগুৰ দৰে লিপিত জটিল ফণ্ট নিৰ্মাণ নীতি অনুসৰণ কৰি এটা শব্দাংশৰ গ্লাইফৰ বাবে একাধিক ইউনিক‘ড বিন্দু ব্যৱহাৰ কৰা হয়৷[15][16]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 Indian Epigraphy: A Guide to the Study of Inscriptions in the Indo-Aryan Languages, by Richard Solomon, Oxford University Press, 1998, pp. 35, 40–41, আই.এচ.বি.এন. 0-19-509984-2
  2. (en ভাষাত) History and Culture of the Andhras. Komarraju Venkata Lakshmana Rau Vijnana Sarvaswa Sakha, Telugu University. 1995. পৃষ্ঠা. 157. ISBN 978-81-86073-07-0. https://books.google.com/books?id=HTluAAAAMAAJ&q=bhattiprolu. 
  3. "Evolution of Telugu Character Graphs". Archived from the original on 2009-09-23. https://web.archive.org/web/20090923234606/http://www.engr.mun.ca/~adluri/telugu/language/script/script1d.html. 
  4. "chart". Archived from the original on 2020-07-24. https://web.archive.org/web/20200724101434/http://www.engr.mun.ca/~adluri/telugu/language/script/chart.jpg। আহৰণ কৰা হৈছে: 2020-06-15. 
  5. Antiquity of Telugu language and script: http://www.hindu.com/2007/12/20/stories/2007122054820600.htm
  6. Ananda Buddha Vihara Archived 2007-09-30 at the Wayback Machine
  7. "The Great Stupa at Nagarjunakonda in Southern India-【佛学研究网】 佛教文化网 中国佛教网 中国佛学网 佛教信息网 佛教研究 佛学讲座 禅学讲座 吴言生说禅". Archived from the original on 2014-11-04. https://web.archive.org/web/20141104182905/http://www.wuys.com/news/Article_Show.asp?ArticleID=8303। আহৰণ কৰা হৈছে: 2025-01-30. 
  8. The Blackwell Encyclopedia of Writing Systems by Florian Coulmas, p. 228
  9. Handbook of Literacy in Akshara Orthography, R. Malatesha Joshi, Catherine McBride (2019), p. 29
  10. Murthy, K.N.; Rao, G.U. (April 2002). "Telugu Script". Archived from the original on 2021-06-26. https://web.archive.org/web/20210626115704/http://tdil.meity.gov.in/pdf/Vishwabharat/5/4.5.pdf। আহৰণ কৰা হৈছে: 2025-01-30. 
  11. Diringer, David (1948). The Alphabet: A Key to the History of Mankind. পৃষ্ঠা. 381. 
  12. Al-biruni. English translation of 'Kitab-ul Hind'. প্ৰকাশক New Delhi: National Book Trust. 
  13. "Telugu alphabet, pronunciation and language". https://omniglot.com/writing/telugu.htm. 
  14. "Proposal to encode 0C5A TELUGU LETTER RRRA". 2012. https://unicode.org/L2/L2012/12016-telugu-rrra-proposal.pdf. 
  15. "Developing OpenType Fonts for Telugu Script". Microsoft Learn. February 8, 2018. https://docs.microsoft.com/en-us/typography/script-development/telugu. 
  16. The Unicode Standard, Version 5.0: Chapter 9, South Asian Scripts-I. Addison-Wesley. 2007. ISBN 978-0-321-48091-0. https://www.unicode.org/versions/Unicode5.0.0/ch09.pdf. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia