দক্ষিণ ভাৰতীয় ব্ৰাহ্মীৰ ভিতৰত প্ৰাচীন কন্নড়, পল্লৱ আৰু ভট্টেলুট্টু লিপি অধিক প্ৰধান। এই লিপিসমূহে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিভিন্ন শ্ৰেণীত শাখা-প্ৰশাখা বিস্তৃত কৰিছিল।
খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত ভাট্টিপ্ৰ’লু বৌদ্ধ ধৰ্মৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু এই ঠাইৰ পৰাই বৌদ্ধ ধৰ্ম পূব এছিয়ালৈ বিয়পি পৰে। কাকতলীয়াকৈ ক’বলৈ গ’লে বৰ্তমানৰ তেলুগু লিপি এই ভাট্টিপ্ৰ’লু বা কন্নড়-তেলুগু লিপিৰ পৰাই উদ্ভৱ হৈছে।
প্ৰথমতে তামিল ব্ৰাহ্মী লিপিৰ ক্ৰমান্বয়ে বিকাশ ঘটিছিল, যাৰ বাবে বৰ্তমানৰ তামিল লিপিত অন্যান্য ভাৰতীয় লিপিৰ দৰে বৰ্ণমালাত তুলনামূলকভাৱে কম সংখ্যক আখৰ আছে, মহাপ্ৰাণ আৰু সঘোষ বৰ্ণৰ কোনো পৃথক স্থান নাই।
বৈশিষ্ট্য
কিছুমান বৈশিষ্ট্য, যিবোৰ বেছিভাগ লিপিতে উপস্থিত যদিও সকলো লিপিতে নহয়, সেইবোৰ হ’ল-
প্ৰতিটো ব্যঞ্জনবৰ্ণৰ এটা অন্তৰ্নিহিত স্বৰবৰ্ণ থাকে যিটো সাধাৰণতে এটা চুটি 'ə' (অসমীয়া, বাংলা আৰু ওড়িয়াত ধ্বনি সলনি হোৱাৰ বাবে ধ্বনি /ɔ/ হয়)। আন স্বৰবৰ্ণবোৰ বৰ্ণত যোগ দি লিখা হয়। সংস্কৃতত বিৰাম/হলন্ত/হসন্ত বুলি জনাজাত এটা চিহ্ন ব্যৱহাৰ কৰি অন্তৰ্নিহিত স্বৰবৰ্ণৰ অনুপস্থিতি বুজাব পাৰি, যদিও ইয়াৰ ব্যৱহাৰ কমেইহে হয়।
প্ৰতিটো স্বৰবৰ্ণৰ দুটা ৰূপ থাকে, ব্যঞ্জনবৰ্ণৰ লগত সংলগ্ন নহ’লে এটা স্বতন্ত্ৰ ৰূপ আৰু ব্যঞ্জনবৰ্ণৰ লগত সংলগ্ন হ’লে এটা নিৰ্ভৰশীল ৰূপ। লিপিৰ ওপৰত ভিত্তি কৰি ব্যঞ্জনবৰ্ণৰ বাওঁফালে, সোঁফালে, ওপৰত, তলত বা বাওঁ আৰু সোঁ দুয়োফালে ৰাখিব পাৰি।
ব্যঞ্জনবৰ্ণ (দেৱনাগৰীত ৪ টালৈকে) বৰ্ণ একত্ৰিত কৰিব পাৰি। বেছিভাগ লিপিতেই ‘ৰ’ বৰ্ণটো অন্য ব্যঞ্জনবৰ্ণৰ লগত যুক্ত হ'লে বিশেষ চিহ্ন ব্যৱহৃত হয়।
অনুনাসিক স্বৰধ্বনি আৰু সঘোষ স্বৰক চিহ্নিত কৰিবলৈ স্বৰবৰ্ণ অথবা স্বৰচিহ্নৰ লগত নিৰ্দিষ্ট চিহ্ন ব্যৱহৃত হয়। এই বৰ্ণানুক্ৰমিক ক্ৰমটো হ'ল: স্বৰবৰ্ণ, কণ্ঠ্য ব্যঞ্জনবৰ্ণ, তালব্য ব্যঞ্জনবৰ্ণ, মূৰ্ধন্য ব্যঞ্জনবৰ্ণ, দন্ত্য ব্যঞ্জনবৰ্ণ, ওষ্ঠ্য ব্যঞ্জনবৰ্ণ, অন্তঃস্থ ব্যঞ্জনবৰ্ণ, উষ্ম ব্যঞ্জনবৰ্ণ আৰু অন্যান্য ব্যঞ্জনবৰ্ণ। প্ৰতিটো ব্যঞ্জনবৰ্ণৰ গোটত চাৰিটা বৰ্ণ (সম্ভাব্য ঘোষতা আৰু শ্বাসপ্ৰাণৰ ভিত্তিত) আৰু এটা নাসিক বৰ্ণ থাকে।
↑Salomon 1998, পৃষ্ঠা 17. "Until the late nineteenth century, the script of the Aśokan (non-Kharosthi) inscriptions and its immediate derivatives was referred to by various names such as 'lath' or 'Lat', 'Southern Aśokan', 'Indian Pali', 'Mauryan', and so on. The application to it of the name Brahmi [sc. lipi], which stands at the head of the Buddhist and Jaina script lists, was first suggested by T[errien] de Lacouperie, who noted that in the Chinese Buddhist encyclopedia Fa yiian chu lin the scripts whose names corresponded to the Brahmi and Kharosthi of the Lalitavistara are described as written from left to right and from right to left, respectively. He therefore suggested that the name Brahmi should refer to the left-to-right 'Indo-Pali' script of the Aśokan pillar inscriptions, and Kharosthi to the right-to-left 'Bactro-Pali' script of the rock inscriptions from the northwest."
↑Salomon 1998, পৃষ্ঠা 17. "... the Brahmi script appeared in the third century BCE as a fully developed pan-Indian national script (sometimes used as a second script even within the proper territory of Kharosthi in the north-west) and continued to play this role throughout history, becoming the parent of all of the modern Indic scripts both within India and beyond. Thus, with the exceptions of the Indus script in the protohistoric period, of Kharosthi in the northwest in the ancient period, and of the Perso–Arabic and European scripts in the medieval and modern periods, respectively, the history of writing in India is virtually synonymous with the history of the Brahmi script and its derivatives."
↑"Brahmi". Encyclopedia Britannica. 1999. Archived from the original on 2020-07-19. Retrieved 2017-03-21. Among the many descendants of Brāhmī are Devanāgarī (used for Sanskrit, Hindi and other Indian languages), the Bengali and Gujarati scripts and those of the Dravidian languagesUnknown parameter |url-status= ignored (help)
↑Court, C. (1996). Introduction. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 443). Oxford: Oxford University Press.
↑Court, C. (1996). The spread of Brahmi Script into Southeast Asia. In P. T. Daniels & W. Bright (Eds.) The World's Writing Systems (pp. 445–449). Oxford: Oxford University Press.