ডী ডী অসম
ডী ডী অসম (ইংৰাজী: DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।[1] ২০২০ চনৰ ৪ আগষ্টত চেনেলটোক আনুষ্ঠানিক ৰূপে মুকলি কৰা হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।[2] ইতিহাসআৰম্ভণিতে ডী ডী নৰ্থ ইষ্ট উত্তৰ-পূব ভাৰতৰ এক সংযুক্ত চেটেলাইট চেনেল আছিল য'ত অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল। এই চেনেলত গুৱাহাটীৰ লগতে উত্তৰ-পূব ভাৰতৰ আন আন দূৰদৰ্শন কেন্দ্ৰ যেনে: আগৰতলা, ক'হিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, আইজল, ইটানগৰ আৰু শ্বিলঙ কেন্দ্ৰৰ পৰাও অনুষ্ঠান সম্প্ৰচাৰিত কৰা হৈছিল। অনুষ্ঠানসমূহ প্ৰধানকৈ জ্ঞানমূলক, কৃষি, স্বাস্থ্য, তথ্যমূলক, ধাৰাবাহিক আৰু বাতৰি। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি সম্প্ৰচাৰিত হৈছিল ১৯৯২ চনত।[3] অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে অসমৰ বাবে এক সূকীয়া ২৪ ঘণ্টীয়া দূৰদৰ্শন চেনেলৰ দাবী কৰি আহিছিল।[4] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia