চৰকাৰী ভাষা আন্দোলন (অসম)
চৰকাৰী ভাষা আন্দোলন বা চমুকৈ ভাষা আন্দোলন ইংৰাজী: Official language movement) ১৯৬০-৬১ চনত সমগ্ৰ অসমত সংঘটিত হোৱা এক ভাষাকেন্দ্ৰিক আন্দোলন। স্বাধীনতাৰ পিছৰে পৰা সময়ে-সময়ে অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈ আহিছিল। ১৯৬০ চনত এই দাবীৰ সমৰ্থনত আৰু বিৰোধত সমগ্ৰ অসম অশান্ত হৈ উঠে। এই অশান্তজৰ্জৰ পৰিবেশৰ উপশম ঘটাবলৈ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই বিধান সভাত অসম চৰকাৰী ভাষা বিল দাখিল কৰে আৰু ই আইনত পৰিণত হয়;[1] যাৰ যোগেদি অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি পায়।[2] ইফালে এই আইনৰ বিৰোধিতা কৰি বৰাক উপত্যকাত বঙালীভাষীসকলে তুমুল আন্দোলন গঢ়ি তোলে। বঙালী ভাষীসকলৰ দাবী আছিল, অসমীয়াৰ সৈতে বঙালী ভাষাকো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিব লাগে। অৱশেষত ১৯৬১ চনত চৰকাৰী ভাষা আইন সংশোধন কৰি বঙালী ভাষাক অবিভক্ত কাছাৰ জিলাৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়।[3] পৃষ্ঠভূমিতালিকা-১: লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা বিতৰণ: ভাষিক শতাংশ (১৯২১-৫১)[1]
অসম এখন বহুভাষিক ৰাজ্য। ১৯২১ চনৰ লোকপিয়লত সৰ্বাধিক জনসংখ্যা থকা জনগোষ্ঠীটো আছিল অসমীয়াভাষীসকল, যদিও শতাংশ হিচাপত অসমীয়া জনসংখ্যা মাথো ৩৩.৪৩ শতাংশহে আছিল। দ্বিতীয় স্থানত আছিল ২৭.৬০ শতাংশৰে বঙালীভাষীসকল। ১৯৪১ আৰু ১৯৫১ চনৰ লোকপিয়লত অসমীয়াভাষী জনসংখ্যা ৫০ শতাংশকৈ অধিক হয়।[4] ইয়াৰ সমান্তৰালকৈ বঙালীভাষী লোকৰ শতাংশ হ্ৰাস পায়। ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা বংগমূলীয় মুছলমান[5][4] আৰু চাহ-বনুৱাসকলে লোকপিয়লত অসমীয়া বুলি লিপিবদ্ধ কৰোৱাৰ কাৰণে অসমীয়াভাষী জনসংখ্যাৰ লক্ষণীয় পৰিবৰ্তন দেখা গৈছিল।[6] আনহাতে ভাৰত বিভাজন হোৱাত অসমৰ অন্যতম বঙালী প্ৰধান জিলা শ্ৰীহট্টৰো বিভাজন হৈছিল। এটা অংশ পৰিছিল পূৰ্ব পাকিস্তানত আৰু আনটো অংশ কাছাৰ জিলাৰ সৈতে একত্ৰীকৰণ হৈছিল, যাৰবাবে ১৯৫১ চনৰ লোকপিয়লত অসমত বঙালীভাষী লোকৰ শতাংশ সামান্য হ্ৰাস হোৱা দেখা যায়। স্বাধীনতাৰ পিছৰে পৰা অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈ আহিছিল। ১৯৫০ চনত অসম সাহিত্য সভাই অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ কৰে।[7] ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ সংসদত গৃহীত হোৱাৰ পিছত চৰকাৰী ভাষাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে।[8] ঘটনাক্ৰম২২ এপ্ৰিল ১৯৫৯-ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাছাৰ আৰু পাহাৰীয়া জিলাকেইখন প্ৰস্তুত নোহোৱা পৰ্যন্ত বাদ দি অসমৰ বাকী অংশত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কিন্তু প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই প্ৰস্তাৱে ৰাজ্য সকলো শ্ৰেণীকে সন্তুষ্ট কৰাত ব্যৰ্থ হ’ল।[9] একে বছৰৰে ৯ চেপ্তেম্বৰৰ দিনটোত অসম সাহিত্য সভাই ৰাজ্যভাষা দিৱস হিচাপে পালন কৰে। তদানিন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰোঁতে বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে অসমীয়াক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায়। ছাত্ৰ সংগঠনবোৰে ইয়াৰ সমৰ্থনত সমদল, ধৰ্মঘট, সভা আদি অনুষ্ঠিত কৰে। ১৯৬০ চনৰ বিধান সভাৰ বাজেট অধিবেশনত বিভিন্ন ৰাজনৈতিক দলৰ বহুতো বিধায়কে বিধান সভাত বিষয়টো উত্থাপন কৰে আৰু গৰিষ্ঠ সংখ্যকে ইয়াক সমৰ্থন জনায়।[1] কিন্তু অসমীয়া ছাত্ৰ সংগঠন, অসমীয়া বিধায়ক, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু অসম সাহিত্য সভাই উত্থাপন কৰা অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া দাবীৰ বিশেষকৈ দুটা পক্ষই বিৰোধ কৰিছিল। প্ৰথমটো পক্ষত আছিল অসমৰ পাহাৰীয়া জিলাকেইখনত সক্ৰিয় হৈ থকা ৰাজনৈতিক সংগঠন অল পাৰ্টি হিল লিডাৰ্চ্ কনফাৰেঞ্চ আৰু অন্য জনজাতীয় সংগঠনবোৰ। অল পাৰ্টি হিল লিডাৰ্চ কনফাৰেঞ্চৰ বিধায়কসকলে বিধান সভাত এই দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ যুক্তি আছিল অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিলে তেওঁলোকৰ ইংৰাজী শিক্ষাৰে শিক্ষিত মধ্যবিত্ত শ্ৰেণীটো চৰকাৰী চাকৰিৰ ভাগীদাৰীৰ ক্ষেত্ৰত বঞ্চিত হ’ব। শ্বিলঙত অনা-অসমীয়া ছাত্ৰসকলে সমদল উলিয়ায় আৰু অসমীয়াৰ বিৰূদ্ধে শ্লোগান দিয়ে।[1] বিৰোধ কৰা আনটো পক্ষ আছিল বঙালীসকল। তেওঁলোকৰ প্ৰতিদাবী আছিল, অসমীয়াৰ সৈতে বঙালীকো অসমৰ দ্বিতীয়টো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া। এই দাবী-প্ৰতিদাবীৰ প্ৰতিক্ৰিয়া স্বৰূপে উজনী অসমত অসমীয়া আৰু বঙালীৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ আৰম্ভ হ’ল। লাহেলাহে এই সংঘৰ্ষ অসমৰ অন্যান্য ঠাইলৈও সম্প্ৰসাৰিত হৈ পৰিল আৰু ই প্ৰবল ৰূপ ধাৰণ কৰিলে। ইফালে ২ আৰু ৩ জুলাইত শিলচৰত পশ্চিম বংগৰ এজন সাংসদ চপলা কান্ত ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিখিল অসম বঙালীভাষী সন্মিলনত অসমক দ্বি-ভাষিক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবী জনায়। শিলচৰ আৰু কৰিমগঞ্জৰ বাৰ এচোছিয়েচনে ৰাজ্যখনত আইন-কানুনৰ চূড়ান্ত অৱনতি হোৱা বাবে ৰাষ্ট্ৰপতিৰ শাসন দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।[1] ৪ জুলাই ১৯৬০-ত গুৱাহাটীত পুলিচে লাঠি আৰু গুলী চালনা কৰাত কটন কলেজৰ ৰঞ্জিত বৰপূজাৰী নামৰ এজন ছাত্ৰৰ মৃত্যু হয় আৰু আন ৬জন ছাত্ৰ আহত হয়। বৰপূজাৰীক চৰকাৰী ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ বুলি গণ্য কৰা হয়।[1] ইফালে পশ্চিম বংগতো অসমৰ ভাষা আন্দোলনৰ প্ৰভাৱ পৰাত কলকাতাত শ্বুটিং হৈ থকা লাচিত বৰফুকন নামৰ চলচ্চিত্ৰ এখনৰ শ্বুটিং আধাতে সামৰি অন্য শিল্পী আৰু কলা-কুশলীসকল উৰাজাহাজেৰে অসমলৈ উভতে যদিও সূৰ্য্য বৰা নামৰ ছবিখনৰ অভিনেতা এজন ৰেলেৰেহে উভতি আহিছিল। আহোঁতে কোনোবা দুৰ্বৃত্তই তেওঁক শিলিগুৰিত হত্যা কৰে।[10] চৰকাৰী ভাষা আইন গৃহীতসমগ্ৰ অসমত সংঘটিত হোৱা হিংসাত্মক ঘটনা আৰু উত্তেজনাময় পৰিবেশৰ নিৰসন কৰিবলৈ বিমলা প্ৰসাদ চলিহা নেতৃত্বাধীন অসম চৰকাৰে ১৯৬০ চনৰ ১০ অক্টোবৰত বিধান সভাত অসম চৰকাৰী ভাষা বিধেয়ক, ১৯৬০ দাখিল কৰে।[11] উত্তৰ কৰিমগঞ্জ সমষ্টিৰ তদানিন্তন বিধায়ক ৰণেন্দ্ৰ মোহন দাসে বিধেয়কখন সম্পৰ্কত ভাষিক সমস্যাটোৰ ই স্থায়ী সমাধান কৰিব নোৱাৰে বুলি মন্তব্য দিয়ে। যথেষ্ঠ বিৰোধৰ মাজতো বিধেয়কখন ২৪ অক্টোবৰত[12] গৃহীত হয় আৰু ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছত ই আইনলৈ পৰিণত হয়।[2] অসম চৰকাৰী ভাষা আইন, ১৯৬০-ৰ ৩য় দফাত উল্লেখ কৰা হয় যে ভাৰতীয় সংবিধানৰ ৩৪৬ আৰু ৩৪৭ অনুচ্ছেদৰ আধাৰত অসমৰ চৰকাৰী কামকাজত অসমীয়া ভাষা ব্যৱহাৰ কৰা হ’ব। সকলো অধ্যাদেশ, ৰাজ্যিক বিধান সভাত গৃহীত সকলো আইন, বিধান সভাত সংশোধনীৰ বাবে দাখিল কৰা সকলো বিধেয়ক, ৰাজ্য চৰকাৰে জাৰি কৰা সকলো আদেশ, প্ৰবিধান, বিধি আৰু উপবিধি, লগতে সংসদে তৈয়াৰ কৰা আইন- ৰাজপত্ৰত অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব। আনহাতে চৰকাৰী কামকাজত ইংৰাজী ভাষাৰ প্ৰয়োগৰো অনুমোদন থাকিব। ইংৰাজীৰ বিকল্প হিচাপে হিন্দী ভাষাকো ৰাজ্য চৰকাৰৰ সচিবালয় আৰু বিভাগীয় প্ৰধানৰ কাৰ্যালয়ত ব্যৱহাৰ কৰিব পৰা যাব।[2] উক্ত আইনৰ ৫ম দফা অনুসৰি বঙালী অধ্যুষিত অবিভক্ত কাছাৰ জিলাত (বৰ্তমানৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি) বঙালী ভাষাক প্ৰশাসনীয় আৰু চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হ’ব। অৱশ্যে ইয়াৰ পূৰ্বে জিলাখনৰ মহকুমা পৰিষদ আৰু পৌৰসভাৰ এখন যুটীয়া বৈঠকত ন্যুনতম দুই তৃতীয়াংশ সদস্যৰ উপস্থিতিত চৰকাৰী ভাষা হিচাপে কোনটো ভাষা গ্ৰহণ কৰা হ’ব, সেই সম্পৰ্কে ভোটযোগে সিদ্ধান্ত ল’ব লাগিব।[2] প্ৰতিবাদ আৰু ভাষা আইনৰ সংশোধনীঅসম চৰকাৰী ভাষা আইন, ১৯৬০-য়ে অবিভক্ত কাছাৰ জিলাৰ বঙালীভাষীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰে। নিখিল অসম বঙালীভাষী সমিতিয়ে বঙালী ভাষাকো ৰাজ্যৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰে। ১৯৬১ চনৰ ৫ ফেব্ৰুৱাৰীত কাছাৰ গণসংগ্ৰাম পৰিষদৰ গঠন কৰা হয়। ১৪ এপ্ৰিলত জিলাখনৰ অধিবাসীসকলে সংকল্প দিৱস পালন কৰে। ২৪ এপ্ৰিলত গণসংগ্ৰাম পৰিষদে জিলাখনত বিষয়টো সন্দৰ্ভত জন-সচেতনতা বঢ়াবলৈ পদযাত্ৰাৰ আৰম্ভণি কৰে। ২ মে’ত শিলচৰত এই পদযাত্ৰাৰ সামৰণি পৰে।[1] ১৯ মে’ত হৰতালৰ আহ্বান জনোৱা হয়। সেইদিনা দিনৰ প্ৰায় আঢ়ৈ বজাত ৯জন সত্যাগ্ৰহী কঢ়িয়াই দিনা পুলিচৰ ট্ৰাক এখন শিলচৰ ৰেল ষ্টেচনৰ ওচৰেৰে পাৰ হৈ যাওঁতে ষ্টেচনত পিকেটিং কৰি থকা সত্যাগ্ৰহীসকলে ট্ৰাকখন আবদ্ধ কৰাত ট্ৰাকখনত পহৰা দি অহা পুলিচকেইজন পলাই যায়। পিছত কোনোবা দুৰ্বৃত্তই ট্ৰাকখন জ্বলাই দিয়ে। ইয়াৰ পিছতে ষ্টেচনৰ সুৰক্ষাৰ দায়িত্বত থকা অৰ্দ্ধ-সামৰিক বাহিনীয়ে লাঠিচালনা আৰু গুলীবৰ্ষণ কৰে। অৰ্দ্ধ-সামৰিক বাহিনীৰ গুলিচালনাৰ ফলত মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।[1] তেওঁলোক আছিল- কানাইলাল নিয়োগী, চন্দীচৰণ সূত্ৰধৰ, হিতেশ বিশ্বাস, সত্যেন্দ্ৰ দেৱ, কুমুদ ৰঞ্জন দাস, সুনীল সৰকাৰ, শচীন্দ্ৰ চন্দ্ৰ পাল, বীৰেন্দ্ৰ সূত্ৰ্ধৰ, সুকমল পুৰকায়স্থ আৰু কমলা ভট্টচাৰ্য্য।[13] গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ ৬জন বিধায়কে পদত্যাগ কৰে। সংঘাট প্ৰশমন কৰিবলৈ তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে এক শান্তি সূত্ৰৰ প্ৰস্তাৱ দিয়ে। কিন্তু সংগ্ৰাম পৰিষদে শাস্ত্ৰীৰ সূত্ৰ অগ্ৰাহ্য কৰে। অন্যহাতে অনা-বঙালী মুছলমান, মণিপুৰী আৰু খিলঞ্জীয়া কাছাৰীৰে গঠিত শান্তি সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত স্মাৰক-পত্ৰ দি অসমীয়া ভাষাকে একমাত্ৰ চৰকাৰী ভাষা হিচাপে ৰখাৰ দাবী জনায়। অসম কেবিনেটে ২৪ চেপ্তেম্বৰ ১৯৬১-ত শাস্ত্ৰী-সূত্ৰক অনুসৰণ কৰি চৰকাৰী ভাষা আইনৰ সংশোধনী বিধেয়কৰ খচৰাত অনুমোদন জনায়। ৭ অক্টোবৰ ১৯৬১-ত এই বিধেয়ক বিধান সভাত গৃহীত হয়।[1] অসম চৰকাৰী ভাষা (সংশোধিত) আইন, ১৯৬১-ৰ যোগে মূল আইনখনৰ ৫ নং দফাটো সংশোধনী কৰি বঙালী ভাষাক কাছাৰ জিলাত চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ৫ নং দফাৰ অতি চমু সংশোধনীত উল্লেখ কৰা হয় যে:
লগতে চাওকতথ্যউৎস
|