অসম চৰকাৰী ভাষা আইন, ১৯৬০
অসম চৰকাৰী ভাষা আইন, ১৯৬০ (ইংৰাজী: The Assam Official Act, 1960) অসম বিধান সভাত গৃহীত এখন আইন, যিখন আইনৰ যোগেদি অসমৰ চৰকাৰী ভাষা সম্পৰ্কে ঘোষণা কৰা হৈছিল।[1] বৰ্তমানলৈকে ১৯৬১[2], ১৯৮৫[3] আৰু ২০২০ চনত মুঠ তিনিবাৰ এই আইনখনৰ সংশোধনী কৰা হৈছে।[4] পৃষ্ঠভূমিপ্ৰধান প্ৰবন্ধ: চৰকাৰী ভাষা আন্দোলন (অসম)
স্বাধীনতাৰ পিছৰে পৰা অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈ আহিছিল। ১৯৫০ চনত অসম সাহিত্য সভাই অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ কৰে।[5] ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ সংসদত গৃহীত হোৱাৰ পিছত চৰকাৰী ভাষাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে।[6] ২২ এপ্ৰিল ১৯৫৯-ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাছাৰ আৰু পাহাৰীয়া জিলাকেইখন প্ৰস্তুত নোহোৱা পৰ্যন্ত বাদ দি অসমৰ বাকী অংশত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কিন্তু প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই প্ৰস্তাৱে ৰাজ্য সকলো শ্ৰেণীকে সন্তুষ্ট কৰাত ব্যৰ্থ হ’ল।[7] একে বছৰৰে ৯ চেপ্তেম্বৰৰ দিনটোত অসম সাহিত্য সভাই ৰাজ্যভাষা দিৱস হিচাপে পালন কৰে। ১৯৬০ চনৰ বিধান সভাৰ বাজেট অধিবেশনত বিভিন্ন ৰাজনৈতিক দলৰ বহুতো বিধায়কে বিধান সভাত বিষয়টো উত্থাপন কৰে আৰু গৰিষ্ঠ সংখ্যকে ইয়াক সমৰ্থন জনায়। কিন্তু এই দাবীক বিৰোধ কৰে অল পাৰ্টি হিল লিডাৰ্চ্ কনফাৰেঞ্চ আৰু অন্য জনজাতীয় সংগঠনবোৰে। আনহাতে বঙালীসকলে অসমীয়াৰ সৈতে বঙালীকো অসমৰ দ্বিতীয়টো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ প্ৰতিদাবী জনায়।[8] এই দাবী-প্ৰতিদাবীৰ প্ৰতিক্ৰিয়া স্বৰূপে উজনী অসমত অসমীয়া আৰু বঙালীৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ আৰম্ভ হ’ল। লাহেলাহে এই সংঘৰ্ষ অসমৰ অন্যান্য ঠাইলৈও সম্প্ৰসাৰিত হৈ পৰিল আৰু ই প্ৰবল ৰূপ ধাৰণ কৰিলে। সমগ্ৰ অসমত সংঘটিত হোৱা হিংসাত্মক ঘটনা আৰু উত্তেজনাময় পৰিবেশৰ নিৰসন কৰিবলৈ বিমলা প্ৰসাদ চলিহা নেতৃত্বাধীন অসম চৰকাৰে ১৯৬০ চনৰ ১০ অক্টোবৰত বিধান সভাত অসম চৰকাৰী ভাষা বিধেয়ক, ১৯৬০ দাখিল কৰে।[9] উত্তৰ কৰিমগঞ্জ সমষ্টিৰ তদানিন্তন বিধায়ক ৰণেন্দ্ৰ মোহন দাসে বিধেয়কখন সম্পৰ্কত ভাষিক সমস্যাটোৰ ই স্থায়ী সমাধান কৰিব নোৱাৰে বুলি মন্তব্য দিয়ে। যথেষ্ঠ বিৰোধৰ মাজতো বিধেয়কখন ২৪ অক্টোবৰত[10] গৃহীত হয় আৰু ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছত ই আইনলৈ পৰিণত হয়।[1] আইনখনৰ বিৱৰণ১৯৬০ চনৰ ১০ অক্টোবৰত[11] অসম চৰকাৰী ভাষা বিধেয়ক বিধানসভাত উত্থাপন কৰা হয় আৰু ২৪ অক্টোবৰত[10] যথেষ্ঠ বিৰোধৰ মাজতো বিধেয়কখন গৃহীত হয়। একে বছৰৰে ১৭ ডিচেম্বৰত ই ৰাজ্যপালৰ সন্মতি লাভ কৰি আইনলৈ পৰিণত হয়। এই আইন যোগে অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি পায়। ইয়াত প্ৰস্তাৱনাকে ধৰি মুঠ ৮টা দফা সন্নিবিষ্ট হৈছে।[1] আইনখনৰ ৩য় দফাযোগে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়:
৩য় দফাত লগতে উল্লেখ কৰা হয় যে সকলো অধ্যাদেশ, ৰাজ্যিক বিধান সভাত গৃহীত সকলো আইন, বিধান সভাত সংশোধনীৰ বাবে দাখিল কৰা সকলো বিধেয়ক, ৰাজ্য চৰকাৰে জাৰি কৰা সকলো আদেশ, প্ৰবিধান, বিধি আৰু উপবিধি, লগতে সংসদে তৈয়াৰ কৰা আইন- ৰাজপত্ৰত অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব। আনহাতে চৰকাৰী কামকাজত ইংৰাজী ভাষাৰ প্ৰয়োগৰো অনুমোদন থাকিব। ইংৰাজীৰ বিকল্প হিচাপে হিন্দী ভাষাকো ৰাজ্য চৰকাৰৰ সচিবালয় আৰু বিভাগীয় প্ৰধানৰ কাৰ্যালয়ত ব্যৱহাৰ কৰিব পৰা যাব।[1] নিজা পচন্দৰ ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আইনখনৰ ৪ৰ্থ দফাত স্বায়ত্বশাসিত অঞ্চল আৰু স্বায়ত্বশাসিত জিলাসমূহলৈ বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে। আইনখন বলবৎ কৰাৰ পূৰ্বে স্বায়ত্বশাসিত অঞ্চল আৰু স্বায়ত্বশাসিত জিলাসমূহত প্ৰশাসনীয় আৰু চৰকাৰী কাম-কাজত যি ভাষা চলি আহিছিল, সেয়া বাহাল থাকিব। কোনো ভাষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত স্বায়ত্বশাসিত আঞ্চলিক পৰিষদ বা স্বায়ত্বশাসিত জিলা পৰিষদৰ দুই-তৃতীয়াংশ সদস্যৰ উপস্থিতিত ভোটদানৰ মাধ্যমেৰে সিদ্ধান্ত ল’ব লাগিব।[1] ৫ম দফাত কোৱা হয় যে বঙালী অধ্যুষিত কাছাৰ জিলাত (বৰ্তমানৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি) বঙালী ভাষাক প্ৰশাসনীয় আৰু চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হ’ব। অৱশ্যে ইয়াৰ পূৰ্বে জিলাখনৰ মহকুমা পৰিষদ আৰু পৌৰসভাৰ এখন যুটীয়া বৈঠকত ন্যুনতম দুই তৃতীয়াংশ সদস্যৰ উপস্থিতিত চৰকাৰী ভাষা হিচাপে কোনটো ভাষা গ্ৰহণ কৰা হ’ব, সেই সম্পৰ্কে ভোটযোগে সিদ্ধান্ত ল’ব লাগিব।[1] সংশোধনী ১৯৬১প্ৰধান প্ৰবন্ধ: বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)
অসম চৰকাৰী ভাষা আইন, ১৯৬০-য়ে অবিভক্ত কাছাৰ জিলাৰ বঙালীভাষীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰে। নিখিল অসম বঙালীভাষী সমিতিয়ে বঙালী ভাষাকো ৰাজ্যৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰে।[8] ১৯ মে’ত হৰতালৰ আহ্বান জনোৱা হয়। সেইদিনা দিনৰ প্ৰায় আঢ়ৈ বজাত ৯জন সত্যাগ্ৰহী কঢ়িয়াই দিনা পুলিচৰ ট্ৰাক এখন শিলচৰ ৰেল ষ্টেচনৰ ওচৰেৰে পাৰ হৈ যাওঁতে ষ্টেচনত পিকেটিং কৰি থকা সত্যাগ্ৰহীসকলে ট্ৰাকখন আবদ্ধ কৰাত ট্ৰাকখনত পহৰা দি অহা পুলিচকেইজন পলাই যায়। পিছত কোনোবা দুৰ্বৃত্তই ট্ৰাকখন জ্বলাই দিয়ে। ইয়াৰ পিছতে ষ্টেচনৰ সুৰক্ষাৰ দায়িত্বত থকা অৰ্দ্ধ-সামৰিক বাহিনীয়ে লাঠিচালনা আৰু গুলীবৰ্ষণ কৰে। অৰ্দ্ধ-সামৰিক বাহিনীৰ গুলিচালনাৰ ফলত মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।[8][12] গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ ৬জন বিধায়কে পদত্যাগ কৰে। সংঘাট প্ৰশমন কৰিবলৈ তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে এক শান্তি সূত্ৰৰ প্ৰস্তাৱ দিয়ে। কিন্তু সংগ্ৰাম পৰিষদে শাস্ত্ৰীৰ সূত্ৰ অগ্ৰাহ্য কৰে। অন্যহাতে অনা-বঙালী মুছলমান, মণিপুৰী আৰু খিলঞ্জীয়া কাছাৰীৰে গঠিত শান্তি সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত স্মাৰক-পত্ৰ দি অসমীয়া ভাষাকে একমাত্ৰ চৰকাৰী ভাষা হিচাপে ৰখাৰ দাবী জনায়। অসম কেবিনেটে ২৪ চেপ্তেম্বৰ ১৯৬১-ত শাস্ত্ৰী-সূত্ৰক অনুসৰণ কৰি চৰকাৰী ভাষা আইনৰ সংশোধনী বিধেয়কৰ খচৰাত অনুমোদন জনায়। ৭ অক্টোবৰ ১৯৬১-ত এই বিধেয়ক বিধান সভাত গৃহীত হয়।[8] অসম চৰকাৰী ভাষা (সংশোধিত) আইন, ১৯৬১-ৰ যোগে মূল আইনখনৰ ৫ নং দফাটো সংশোধনী কৰি বঙালী ভাষাক কাছাৰ জিলাত চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। ৫ নং দফাৰ অতি চমু সংশোধনীত উল্লেখ কৰা হয় যে:
সংশোধনী ১৯৮৫১৯৮৫ চনত বড়োপ্ৰধান জিলা আৰু মহকুমাবোৰত বড়ো ভাষাক অন্যতম সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ উদ্দেশ্যে অসম বিধান সভাত এখন সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। ১২ এপ্ৰিল ১৯৮৫-ত ৰাজ্যপালৰ সন্মতিসূচক স্বাক্ষৰৰ পিছত ই আইনলৈ পৰিবৰ্তন হয়।[14] চৰকাৰী ভাষা (সংশোধিত) আইন, ১৯৮৫-ত ৫নং ধাৰাৰ পাছত নতুনকৈ ৫ক দফা সন্নিবিষ্ট কৰা হয়। এই ধাৰাত কোৱা হয় যে:
সংশোধনী ২০২০২০২০ চনত ১৯৮৫ চনৰ সংশোধনীত গৃহীত ৫ক ধাৰাটোৰ সামান্য পৰিবৰ্তন কৰি অসম চৰকাৰী ভাষা আইনৰ সংশোধিত বিধেয়ক এখন অসম বিধান সভাত গৃহীত হয় আৰু ইয়াত ৰাজ্যপালে সন্মতিসূচক স্বাক্ষৰ প্ৰদান কৰে ২০২১ চনৰ ২৭ জানুৱাৰীত।[15] দফা ৫ক-ৰ সংশোধিত ৰূপ এনে ধৰণৰ:
তথ্য উৎস
|