কুমাঊঁনী ভাষাকুমাঊঁনী (कुमाऊँनी, pronounced [kuːmɑːʊni] কুমাওনি) এটি ভাৰতীয়-আৰ্য ভাষা যি ২ নিযুততকৈ অধিক লোকৰ দ্বাৰা ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ কুমাঊঁ অঞ্চল আৰু পশ্চিম নেপালৰ ডোটী অঞ্চলত ঘাইকৈ কথিত। ১৯৬১ চনৰ জনগণনাত ১,০৩০,২৫৪ ভাৰতৰ কুমাঊঁনীভাষী লোক চিহ্নিত হৈছিল।[1] এই সংখ্যা বাঢ়ি ২০১১ চনত ২.২ নিযুত হ'ল। কুমাঊঁনী এটি বিপন্ন ভাষা নহয়, কিন্তু ইউনেস্ক'ৰ আটলাছ অৱ দ্য ৱৰ্ল্ডছ লেংগুৱেজেছ ইন ডেঞ্জাৰত এই ভাষাক অসুৰক্ষিত আখ্যা দিয়া হৈছে, যাৰ অৰ্থ হ'ল এই ভাষাৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ নিৰন্তৰ সংৰক্ষণৰ প্ৰচেষ্টা চলাই থাকিব লাগিব।[2] লিপিবৰ্তমানে কুমাঊঁনী দেৱনাগৰী লিপিত লিখা হয়।[3] ভাষা পৰিয়ালকুমাঊঁনী এটি ভাৰতীয়-আৰ্য ভাষা যি উত্তৰী ভাৰতীয়-আৰ্য ভাষাৰ অন্তৰ্গত। এই ভাষাৰ গোটৰ ভিতৰত ই কেন্দ্ৰীয় পাহাৰী ভাগত আহে, য'ত কুমাঊঁনীৰ লগতে গঢ়ৱালী ভাষাও আহে।[4] ভৌগলিক অৱস্থান আৰু উপভাষাকুমাঊঁ অঞ্চলত এই ভাষাৰ কেইবাটাও উপভাষা ব্যৱহাৰ কৰা হয়। ভাষাটোৰ উপভাষা চিহ্নিত কৰাৰ কোনো সৰ্বসন্মত বিধি নাই। ঘাইকৈ, অলমোৰা আৰু উত্তত নৈনিতালত কলি (বা কেন্দ্ৰীয়) কুমাঊঁনী কথিত, পিথোৰগড়ত উত্তৰ-পূব কুমাঊঁনী কথিত, দক্ষিণ-পূব নৈনিতালত দক্ষিণ-পূব কুমাঊঁনী কথিত আৰু অলমোৰা আৰু নৈনিতালত পশ্চিম কুমাঊঁনী কথিত। বিশেষকৈ নিম্নলিখিত ভৌগোলিক বিতৰণ দেখা যায়:[5]
নেপাল দেশৰ পশ্চিম অঞ্চলতো কুমাঊঁনীভাষী লোক আছে।[7] ইতিহাসকত্যুৰী আৰু চান্দ কালৰ অনেক শিলালিপিত কুমাঊঁনী ভাষাৰ ব্যৱহাৰ দেখা যায়।[8][9] কুমাঊঁ ৰাজ্যতো এই ভাষাৰ ব্যৱহাৰ হৈছিল। আনুষ্ঠানিক স্বীকৃতিভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কুমাঊঁনী আৰু গঢ়ৱালী ভাষা অন্তৰ্ভুক্ত কৰাৰ দাবী উঠি আহিছে। ২০১০ চনত ভাৰতৰ সংসদত ব্যক্তিগত সদস্যৰ এখন বিল উপস্থাপন হৈছিল কুমাঊঁনী আৰু গঢ়ৱালীক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ।[10][11] উত্তৰাখণ্ডৰ খিলঞ্জীয়া ভাষাৰ প্ৰসাৰ আৰু সগ্ৰক্ষণৰ উদ্দেশ্যেৰে ২০১৯ চনৰ ডিচেম্বৰত চৰকাৰে আনুষ্ঠানিক কুমাঊঁনী পাঠ্যপুথি মুকলি কৰিছিল কুমাঊঁ অঞ্চলৰ বিদ্যালয়সমূহত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে পঢ়াবলৈ।[12] কুমাঊঁনী সাহিত্যকুমাঊঁনী ভাষাত লিখা কেইবাগৰাকীও উল্লেখনীয় লেখক আছে:
তথ্য সংগ্ৰহ
অতিৰিক্ত পঠনসামগ্ৰী
বাহ্যিক সংযোগ |