গঢ়ৱালী ভাষা
গঢ়ৱালী (গঢ়ৱালী ভাষাত: गढ़वळि, IPA: [gɜɽʱʋɜliˑ]) এটি ভাৰতীয়-আৰ্য ভাষা যি কেন্দ্ৰীয় পাহাড়ী উপ-গোটৰ। এই ভাষা মুখ্যতঃ হিমালয়ী ৰাজ্য উত্তৰাখণ্ডৰ গঢ়ৱাল প্ৰান্তত গঢ়ৱালী লোকে কয়। গঢ়ৱালীৰ কেইবাটাও স্থানীয় উপ-ভাষা আছে। এই ভাষা লুপ্তপ্ৰায় নহয় (এথনলগৰ মতে ই "ভিগৰাছ"), কিন্তু ই ইউনেস্ক'ৰ এটলাছ অৰ ৱৰ্ল্ডছ লেংগুৱেজেছ ইন ডেঞ্জাৰত "ভালনাৰেবল" শাখাত অন্তৰ্ভুক্ত।[3] ভৌগোলিক বিতৰণগঢ়ৱালী ভাষা মুখ্যতঃ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ তেহৰী গঢ়ৱাল, পাউৰী গঢ়ৱাল, উত্তৰকাশী, চামোলী, ৰুদ্ৰপ্ৰয়াগ আৰু দেহৰাদুন জিলাত কোৱা হয়।[4] গঢ়ৱালী এই অঞ্চলৰ পৰা বহিৰ্গমন কৰা গঢ়ৱালী লোকেও কয়, সেয়ে এই ভাষা হিমাচল প্ৰদেশ, দিল্লী, হাৰিয়ানা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশতো ভালেমান ব্যৱহাৰ কৰা হয়। দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানি ক্ষেত্ৰত কমেও ৩.৫ নিযুত গঢ়ৱালী লোকে বাস কৰে। গঢ়ৱালী ভাষী লোকৰ সংখ্যাৰ সঠিক অনুমান কৰা কঠিন, কাৰণ ভিন ভিন প্ৰতিষ্ঠানে ভিন ভিন অনুমান আগবঢ়ায়। ২০০১ চনৰ ভাৰতৰ জনগণনাৰ মতে ভাৰতত ২২৬৭৩১৪জন গঢ়ৱালী ভাষী লোক আছিল তাৰ বিপৰীতে, এথনলগৰ মতে এই সংখ্যা ২৯২০০০০, ২০০৫ চনত।[2] শেহতীয়া ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ২৪,৮২,০৮৯ জন লোকে গঢ়ৱালী ভাষা কয়। এথনলগে বৰ্তমানে একেই অনুমান ব্যৱহাৰ কৰে।[4] নামএথনলগৰ মতে, এই ভাষাক গঢ়ৱালা, গড়ৱাহী, গশৱাহী, গশৱালী, গিৰৱালী, গোডাউলী, গোৰৱালী, গুৰৱালী আৰু পাহাৰী গঢ়ৱালী নামেৰেও অভিহিত কৰা হয়। গঢ়ৱালীৰ পণ্ডিত কুকৰেইথিয়ে কেৱল গডৱালীছ আৰু গড়ীছ ব্যৱহাৰ কৰে। ইতিহাসঐতিহাসিকভাৱে, মধ্য ভাৰতীয়-আৰ্য কালত কেইবাটাও প্ৰাকৃত প্ৰচলিত অছিল। তাৰেই ভিতৰত খছ প্ৰাকৃতক গঢ়ৱালীৰ উৎস জ্ঞান কৰা হয়।[5][6][7] গঢ়ৱালী ভাষাৰ আতাইতকৈ পুৰণী ৰূপ দশম শতিকাৰ, যি নুমিছমেটিক্স, ৰাজকীয় মোহৰ, শিলালিপি আৰু তাম্ৰ কাঁহী আদিৰ দেখা যায় তাৰেই এটি উদাহৰণ ৰজা জগতপালৰ শিলালিপি যি দেৱ প্ৰয়াগত স্থিত। গঢ়ৱালী সাহিত্য প্ৰায় মৌখিক ৰূপত লোক কথা বা সংগীতৰ ৰূপত বৰ্তি আহিছে ১৭ শতিকালৈকে গঢ়ৱাল এক স্বাধীন ৰাজ্য আছিল।[5] স্বাভাৱিকতে, গঢ়ৱালী আছিল গঢ়ৱাল ৰাজ্যৰ চৰকাৰী ভাষা। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia