কবিগানকবিগান (ইংৰাজী: Kavigan) বঙালী লোকসাহিত্যৰ এক বিশেষ ধাৰা। এই ধাৰাৰ লোককবিসকলে প্ৰতিযোগিতামূলক গীতৰ বৈঠকত অংশগ্ৰহণ কৰে। গায়ক আৰু কবি একেজনে। তেওঁ মুখেমুখে পদ ৰচনা কৰি তাৎক্ষণিকভাবে সুৰাৰোপণ কৰি গীত আকাৰে পৰিবেশন কৰে। কবিগান পৰিবেশনকাৰীসকলক কবিয়াল বোলে। প্ৰকৃতিকবিগানৰ অনুষ্ঠানত সাধাৰণতে দুটা দল থাকে। প্ৰত্যেকটো দলৰ নেতৃত্বত থাকে এজন কবিয়াল বা সৰকাৰ। তেওঁৰ সহযোগীসকলক বোলা হয় দোহাৰ। দোহাৰে কবিয়ালৰ কথাখিনিকে দোহাৰি থাকে বা পুনৰাবৃত্তি কৰে।[1] কবিগান আৰম্ভ হয় বন্দনা বা গুৰুদেৱৰ গীতৰ মাধ্যেমৰে। বন্দনা অংশখিনিত সৰস্বতী, গণেশ, জনতা বা শ্ৰোতাসকলক উদ্যেশি নিবেদন কৰা হয়। ইয়াৰ পিছত ৰাধা-কৃষ্ণ বিষয়ক গীত গোৱা হয়। কোনো কোনোৱে ইয়াক আগমনী বুলি কয়। পৰৱৰ্তী পৰ্যায়ত চাৰিটা বিষয়ভিত্তিক গীত গোৱা হয়- সখী সংবাদ, বিৰহ, লহৰ আৰু খেউৰ এইখিনি শেষ হোৱাৰ পিছতহে প্ৰতিযোগিতামূলক অংশটো আৰম্ভ হয়। কবিগানৰ বৈঠকৰ এই অংশটোক কবিৰ লড়াই বা কবিৰ যুঁজ বোলা হয়।[2] এজন কবিয়ালে মুখেমুখে গীত আৰু সুৰ ৰচনা কৰি আনজন কবিয়ালক আক্ৰমণ কৰে আৰু আনজন কবিয়েও গীতৰ মাজেৰেই তাৰ প্ৰত্যুত্তৰ দিয়ে।[3] ইতিহাসসজনীকান্ত দাসে তেওঁৰ বাংলাৰ কবিগান গ্ৰন্থত লিখিছে, কবিগানৰ জন্ম হৈছিল বংগৰ বিভিন্ন অঞ্চলত, বিভিন্ন সময়ত প্ৰচলিত, বিভিন্ন সংগীত শৈলীৰ মিলনৰ পৰা। এই শৈলীসমূহৰ নাম বহু বিচিত্ৰ – তৰ্জা, পাঁচালি, খেউৰ, আখৰাই, হাফ আখৰাই, ফুল আখৰাই, দাঁড়া কবিগান, বসা কবিগান, ঢপকীৰ্তন, টপ্পা, কৃষ্ণযাত্ৰা, তুক্কাগীতি আদি। ঈশ্বৰচন্দ্ৰ গুপ্ত আৰু ড. হৰেকৃষ্ণ মুখোপাধ্যায়ৰ দৰে প্ৰখ্যাত সাহিত্য গৱেষকে কবিগানৰ ওপৰত বহু অধ্যয়ন কৰিছে।[2] ড. সুশীল কুমাৰৰ মতে অষ্টদশ শতিকাৰ আৰম্ভণিতে আনকি সোতৰ শতিকাতো কবিগানৰ অস্তিত্বৰ প্ৰমাণ পোৱা যায়। কিন্তু কবিয়ালৰ প্ৰকৃত বিকাশৰ সময় ১৭৬০ চনৰ পৰা ১৮৩০ চনৰ মাজৰ সময়ছোৱা। বঙালী কবিতা বৈষ্ণৱ কবিতা প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ প্ৰচেষ্টা চলিছিল। অষ্টদশ শতিকাৰ মাজভাগত ছপাশালৰ আগমনে এই প্ৰচেষ্টাক সাৰ্থক কৰি তোলে। অষ্টদশ শতিকাৰ শেষৰ পৰা পৰৱৰ্তী অৰ্ধ শতিকালৈকে কলিকতা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নব্য কবিগান আৰু পাঁচালিগান ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে সাহিত্যৰ অন্যান্য ধাৰাসমূহৰ অস্তিত্ব বিপন্নপ্ৰায় হৈ পৰিছিল। পৰৱৰ্তীকালত কলকাতাত কবিগানৰ জনপ্ৰিয়তা হ্ৰাস পালেও বংগৰ গ্ৰামাঞ্চলত ইয়াৰ জনপ্ৰিয়তা অলপো কমা নাই।[2][4] মুদ্ৰণএইটো সঁচা যে কবিসকলে মুখে মুখে কবিতা গাইছিল; কিন্তু কেতিয়াও সেইবোৰ লিখি থোৱা নাছিল। উল্লেখযোগ্য যে সেই সময়ত ছপাশাল নাছিল। তদুপৰি তেওঁলোকৰ সমৰ্থক বা পৃষ্ঠপোষকসকলে কেতিয়াও কবিতা সংগ্ৰহৰ কথা ভবা বা চিন্তা কৰা নাছিল। সেই সময়ৰ সামাজিক জীৱনত উদযাপন আৰু আনন্দৰ উদ্দেশ্যেই কবিতা সমাৱেশ অনুষ্ঠিত হৈছিল। আৰু এই সমাৱেশৰ মাজতে কবিগানৰ সাৰ্থকতা আৰু সফলতা। ১৮৫৪ চনত প্ৰথম কবি ঈশ্বৰ গুপ্তই কবিতা সংগ্ৰহ আৰম্ভ কৰে। পিছলৈ তেওঁ সংবাদ প্ৰভাকৰ পত্ৰিকাৰ পৃষ্ঠাত এইবোৰ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। মন কৰিবলগীয়া যে পুৰণি সংবাদ প্ৰভাকৰ আছিল কবি ঈশ্বৰ গুপ্তৰ পত্ৰিকা। এইদৰেই পত্ৰিকাখনৰ জৰিয়তে কবিতাৰ প্ৰসাৰ হ'বলৈ ধৰিলে।[5]
তথ্য উৎস
|