এম. এছ. নৰসিংহন
মুদুম্বাই শেষাচালু নৰসিংহন চমুকৈ এম. এছ. নৰসিংহন (ইংৰাজী: M. S. Narasimhan, ৭ জুন ১৯৩২ - ১৬ মে' ২০২১)[1][2] এগৰাকী ভাৰতীয় গণিতজ্ঞ আছিল। তেওঁৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ ভিতৰত আছিল সংখ্যা তত্ত্ব, বীজগণিতীয় জ্যামিতি, প্ৰতিনিধিত্ব তত্ত্ব, আৰু আংশিক অৱকলনীয় সমীকৰণ। তেওঁ প্ৰজেক্টিভ প্ৰকাৰৰ হোলোমৰ্ফিক ভেক্টৰ বাণ্ডেলৰ মডুলি স্থানৰ অধ্যয়নত অগ্ৰণী আছিল। তেওঁৰ কামক কোবায়াশী-হিচ্চিন অনুকূলতাৰ ভেটি হিচাপে গণ্য কৰা হয় যি জটিল বহুগুণৰ ওপৰত ভেক্টৰ বাণ্ডেলৰ অৱকলনিয় জ্যামিতি আৰু বীজগণিতীয় জ্যামিতিৰ মাজত সংযোগ স্থাপন কৰে। তেওঁ গণিতজ্ঞ চি. এছ. শেষদ্ৰীৰ সৈতে তেওঁৰ সহযোগিতাৰ বাবেও জনাজাত আছিল। তেওঁলোকৰ ৰিমান পৃষ্ঠত স্থিৰ ভেক্টৰ বাণ্ডেলৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি প্ৰমাণ কৰা নৰসিংহন-শেষাদ্ৰী উপপাদ্যৰ প্ৰমাণৰ বিখ্যাত। তেওঁ ১৯৯০ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ১৯৮৯ চনত ফ্ৰান্সৰ অৰ্ড্ৰে নেচনেল ডু মেৰিটৰ প্ৰাপক আছিল। তেওঁ লণ্ডনৰ ৰয়েল চছাইটিৰ এজন নিৰ্বাচিত সভ্য আছিল। তেওঁ ১৯৭৫ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল আৰু বিজ্ঞানৰ ক্ষেত্ৰত ৰজা ফৈজল আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয়। প্ৰাৰম্ভিক জীৱন১৯৩২ চনৰ ৭ জুন তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিৰ (বৰ্তমানৰ তামিলনাডু) থাণ্ডাৰাইৰ এক গ্ৰাম্য পৰিয়ালত পাঁচটা সন্তানৰ ভিতৰত জ্যেষ্ঠ হিচাপে নৰসিংহনৰ জন্ম হৈছিল।[3][4] তেওঁৰ পৰিয়াল উত্তৰ আৰ্কট জিলাৰ বাসিন্দা আছিল। দেশৰ গ্ৰাম্য অঞ্চলত প্ৰাৰম্ভিক শিক্ষা লাভ কৰাৰ পিছত তেওঁ স্নাতক শিক্ষাৰ বাবে মাদ্ৰাজৰ লয়'লা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ইয়াত তেওঁ ফৰাচী জেচুইট অধ্যাপক ফাদাৰ চাৰ্লছ ৰেচিনৰ অধীনত অধ্যয়ন কৰিছিল, যিয়ে ফৰাচী গণিতজ্ঞ আৰু জ্যামিতিবিদ এলি কাৰ্টানৰ অধীনত অধ্যয়ন কৰিছিল।[5] নৰসিংহনে ১৯৫৩ চনত উচ্চ শিক্ষাৰ বাবে বোম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত যোগদান কৰে। তেওঁ ১৯৬০ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল। ইয়াত তেওঁৰ উপদেষ্টা আছিল গণিতজ্ঞ কে এছ চন্দ্ৰশেখৰণ যি সংখ্যা তত্ত্ব ওপৰত তেওঁৰ কামৰ বাবে জনাজাত আছিল। কৰ্মজীৱননৰসিংহনে ১৯৬০ চনত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অনুষদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ ইয়াৰ সন্মানীয় সভ্য নিৰ্বাচিত গৈছিল।[6][7] ইয়াত থাকোঁতে তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহত আংশিক অৱকলনীয় অপাৰেটৰ আৰু উপবৃত্তাকাৰ অপাৰেটৰ অধ্যয়ন অন্তৰ্ভুক্ত আছিল।[5] এই সময়ছোৱাত তেওঁ ফৰাচী গণিতজ্ঞ লৰেণ্ট শ্ৱাৰ্টজৰ আমন্ত্ৰণত ফ্ৰান্স ভ্ৰমণ কৰে আৰু জিন-পিয়েৰ চেৰে, ক্লড চেভেলী, এলি কাৰ্টান আৰু জিন লেৰেকে ধৰি অন্যান্য ফৰাচী গণিতজ্ঞসকলৰ গৱেষণাৰ সৈতে চিনাকি হয়। [5] ফ্ৰান্সত থকা সময়ছোৱাত তেওঁ প্লুৰিচিত আক্ৰান্ত হয় আৰু চিকিৎসালয়ত ভৰ্তি হয়। তেওঁ পিছত ঘটনাটোক "প্ৰকৃত ফ্ৰান্স"ৰ সন্মুখীন কৰা আৰু তেওঁৰ বাওঁপন্থী বিচাৰধাৰা অধিক শক্তিশালী কৰা বুলি বৰ্ণনা কৰে। তেওঁ ইতিমধ্যে শ্ৱাৰ্টজৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।[5] ফ্ৰান্সত থকা সময়ছোৱাত তেওঁ জাপানী গণিতজ্ঞ তাকেশী কোটাকেৰ সৈতে কাউচি-শ্বাৰ্জ অসমতা নিৰ্ণয় কৰা নিৰ্দিষ্ট প্ৰকাৰৰ উপবৃত্তাকাৰ অপাৰেটৰ নিৰ্ধাৰণৰ বাবে বিশ্লেষণাত্মক তাত্ত্বিক উপপাদ্যৰ ওপৰত গৱেষণা কৰি সহযোগিতা কৰিছিল। কোটাকেৰ সৈতে তেওঁৰ কাম অতি পৃথক ফলন স্থাপনত উপবৃত্তাকাৰ অপাৰেটৰৰ বাবে কোটাকে-নৰসিংহন উপপাদ্য হিচাপে জনাজাত হয়।[5][8] তেওঁ ভাৰতীয় গণিতজ্ঞ চি. এছ. শেষাদ্ৰীৰ সৈতে নৰসিংহন-শেষাদ্ৰী উপপাদ্যৰ বাবে সহযোগিতা কৰিছিল যি অৰ্ধ শতিকাৰো অধিক সময় ধৰি বীজগণিতীয় জ্যামিতি আৰু সংখ্যা তত্ত্বৰ মূল আছিল।[5][9] এই উপপাদ্যটোৱে ৰিমান পৃষ্ঠত স্থিৰ ভেক্টৰ বাণ্ডেলৰ বিশুদ্ধ বীজগণিতীয় ধাৰণাৰ মাজৰ সম্পৰ্ক স্থাপন কৰিছিল।[9] এই উপপাদ্যটোৱে আধুনিক জ্যামিতিৰ দুটা ক্ষেত্ৰ যেনে অৱকলনীয় জ্যামিতি আৰু বীজগণিতীয় জ্যামিতিৰ মাজত সংযোগ স্থাপন কৰিছিল।[7] এই বিষয়ত তেওঁলোকৰ কামৰ বাবে শেষাদ্ৰী আৰু নৰসিংহন দুয়োজন ৰয়েল চছাইটিৰ সভ্য নিৰ্বাচিত হৈছিল। তেওঁ গণিতজ্ঞ আৰ. আৰ. সিংহৰ সৈতে এক প্ৰকৃত বিশ্লেষণাত্মক বহুগুণে সাধাৰণ প্ৰকাৰৰ জটিল গাঁথনিৰ মডুলিৰ অস্তিত্ব প্ৰমাণ কৰাৰ ক্ষেত্ৰতো সহযোগিতা কৰিছিল। এই পদক্ষেপবোৰক ৰিমান পৃষ্ঠত সিংহ-নৰসিংহন ব্যৱস্থা বুলি কোৱা হয়।[10] তেওঁৰ গৱেষণাৰ বাবে নৰসিংহনক প্ৰজেক্টিভ প্ৰকাৰৰ হোলোমৰ্ফিক ভেক্টৰ বাণ্ডেলৰ মডুলি স্থানৰ অধ্যয়নত অগ্ৰণী হিচাপে গণ্য কৰা হৈছিল। তেওঁৰ কামক কোবায়াশী-হিচ্চিন অনুকূলতাৰ ভেটি হিচাপে গণ্য কৰা হয় যিয়ে জটিল বহুগুণৰ ওপৰত ভেক্টৰ বাণ্ডেলৰ অৱকলনীয় জ্যামিতি আৰু বীজগণিতীয় জ্যামিতিক সংযোগ কৰে।[3] ভাৰতত ৰাষ্ট্ৰীয় উচ্চগণিত পৰিষদ স্থাপন কৰা সময়ত নৰসিংহনক পৰিষদৰ প্ৰথম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছিল। ১৯৯২ চনত নৰসিংহনে টিআইএফআৰৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ট্ৰিয়েষ্টেৰ আন্তৰ্জাতিক তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰত গণিতৰ গৱেষণা গোটৰ মুৰব্বী আছিল। তেওঁ ১৯৬৮ চনত নিউ জাৰ্চীৰ প্ৰিন্সটনত থকা ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিত এজন ভ্ৰমণকাৰী বিদ্বান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[11] আইচিটিপিৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ বেংগালুৰু বসতি স্থাপন কৰিছিল। বঁটা আৰু সন্মানতেওঁ লণ্ডনৰ ৰয়েল চছাইটিৰ সভ্য আৰু লগতে ১৯৮৯ চনত ফ্ৰান্স চৰকাৰৰ পৰা নেচনেল অৰ্ডাৰ অফ মেৰিট প্ৰাপ্ত কৰিছিল।[12] ১৯৯০ চনত তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰা হয়।[13] তেওঁ ১৯৭৫ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ১৯৮৭ চনত গণিতৰ বাবে তৃতীয় বিশ্ব বিজ্ঞান একাডেমী বঁটা আৰু ১৯৮৮ চনত শ্ৰীনিবাস ৰামানুজন পদক লাভ কৰিছিল।[14] তেওঁ ২০০৬ চনত বিজ্ঞানৰ বাবে ৰজা ফৈজল আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু ইম্পেৰিয়েল কলেজৰ গণিতজ্ঞ চাইমন ডনাল্ডছনৰ সৈতে যুটীয়াভাৱে লাভ কৰা বঁটাও লাভ কৰিছিল।[3][13][15] ২০২১ চনলৈকে, বিজ্ঞানৰ বাবে ৰজা ফৈজল আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।[16][17] ব্যক্তিগত জীৱননৰসিংহনে এগৰাকী শাস্ত্ৰীয় সংগীতজ্ঞ, সাংবাদিক আৰু উপভোক্তা অধিকাৰ কৰ্মী শকুন্তলা নৰসিংহনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ কন্যা শোভানা নৰসিংহ এগৰাকী বিজ্ঞানী আৰু জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড চাইণ্টিফিক ৰিচাৰ্ছৰ অধ্যাপক আৰু এজন পুত্ৰ। ব্যক্তিগত জীৱনত নৰসিংহনে ভাৰতীয় শাস্ত্ৰীয় সংগীত, সমসাময়িক কলা আৰু চিত্ৰকলাৰ লগতে তামিল সাহিত্যৰ প্ৰতি আগ্ৰহী আছিল।[5] ২০২১ চনৰ ১৬ মে' তাৰিখে বাংগালোৰত ৮৮ বছৰ বয়সত নৰসিংহনৰ মৃত্যু হয়। তেওঁ কিছু বছৰ ধৰি কৰ্কট ৰোগৰ চিকিৎসাধীন হৈ আছিল।[6][7] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia