শান্তি স্বৰূপ ভাটনাগৰ বঁটা
শান্তি স্বৰূপ ভাটনাগৰ বঁটা (ইংৰাজী: Shanti Swarup Bhatnagar Prize for Science and Technology, SSB) আছিল ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research, CSIR)-এ প্ৰদান কৰি এক সন্মানীয় বঁটা। আন্তঃবিভাগীয় বিজ্ঞান (Interdisciplinarity science)-ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হৈছিল।[1] এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ (Shanti Swaroop Bhatnagar)-ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হৈছিল।[2] এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল। আৰু অন্তিমবাৰ প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ বাবে।[3] বঁটাসমূহএই বঁটা বিজ্ঞানৰ মুলতঃ সাতটা বিষয়ত দিয়া হৈছিল আৰু প্ৰতিবাৰে প্ৰতিটো বিষয়ত সৰ্বাধিক দুজনক বঁটা প্ৰদান কৰা হৈছিল-
বঁটা বিতৰণপৰম্পৰাগতভাৱে এই বঁটা প্ৰাপকসকলৰ নাম প্ৰতিবছৰে CSIR প্ৰতিষ্ঠা দিৱস ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা হয়। এই বঁটা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে।[4] অন্তিমবাৰৰ বাবে ২০২২ বৰ্ষৰ বাবে বঁটা ঘোষণা প্ৰায় এবছৰ পলম হৈ যোৱাত সেই তাৰিখটোৰ পৰম্পৰা ৰক্ষা হোৱা নাছিল।[5] বঁটা লাভ কৰা অসমীয়া বিজ্ঞানী
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia