উদ্যোগউদ্যোগ (ইংৰাজী: Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন।[1] কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়।[2] যেতিয়া কোনো এক বৃহৎ গোটৰ আয়ৰ উৎস বহুকেইটা হয় তেতিয়া সেই গোটটোৱে কেইবাটাও উদ্যোগিক ক্ষেত্ৰত কাম-কাজ চলাই নিয়া বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ৰিলায়েঞ্চ ঔদ্যোগিক গোটে বহুকেইটা দিশত ব্যাৱসায়িক কাম-কাজ সম্প্ৰসাৰণ কৰিছে আৰু সেয়ে ই যোগাযোগ, জীৱন বীমা, খাৰুৱা তেল আদি বহুকেইটা ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত। শ্ৰেণীবিভাগসাধাৰণ শ্ৰেণীবিভাগউদ্যোগসমূহৰ বিভিন্নধৰণে শ্ৰেণীবিভাগ কৰা হয়। ইয়াৰ ভিতৰত তিনি খণ্ডৰ সূত্ৰ বা থ্ৰি-চেক্টৰ থিয়ৰি (three-sector theory) আৰু উৎপাদিত সামগ্ৰীৰ ভিত্তিত কৰা শ্ৰেণীবিভাগেই প্ৰধান।
বিত্ত আৰু মাৰ্কেট ৰিচাৰ্ছ আদিৰ ক্ষেত্ৰত বজাৰৰ ভিত্তিত উদ্যোগৰ শ্ৰেণীবিভাজন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা বিভাগে কৰা আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ (ইংৰাজী: International Standard Industrial Classification) বা চমুকৈ ISIC হৈছে সম্পূৰ্ণ তথা শৃংখলাৱদ্ধ ঔদ্যোগিক শ্ৰেণীবিভাগ।[3] ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ ক্ৰম
তথ্য সংগ্ৰহ
সহায়ক গ্ৰন্থ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia