ঈদ-উল-ফিটৰ
ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ (আৰৱী: عيد الفطر অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা।[1] দ্বিতীয়টো হ'ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ইয়াউমুল জাএজ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়। পালন কৰা সময়চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি ঈদৰ দিন ধাৰ্য কৰা হয়। এটা শুক্ল প্ৰতিপদৰ পৰা তাৰ পিছৰ অমাৱস্যালৈকে সময়ছোৱাই হ'ল চন্দ্ৰ মাহ। এই হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়।[2] মুছলমান সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ'ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালন কৰিলে শুভ হয় বুলি বিশ্বাস কৰে। ঈদৰ নামাজ![]() ৰাতিপুৱাৰ সমূহীয়া ঈদৰ নমাজৰ সৈতে পবিত্ৰ ঈদৰ আৰম্ভণি হয়; য'ত ইছলাম ধৰ্মীয় লোকসকলে ধৰ্মীয় নীতি অনুসৰি ২ ৰাকাত ঈদৰ নামাজ ৬ তকবিৰসহ পথাৰ (ঈদগাহ) বা মছজিদত বহুতো মানুহ একত্ৰিত হৈ আদায় কৰে বা পঢ়ে। ফজৰৰ নামাজৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ পিছত ঈদ-উল-ফিতৰৰ নামাজৰ সময় হয়। এই নামাজ আদায় কৰাটো মুছলমানৰ দায়িত্ব। ইমাম কৰ্তৃক শুক্ৰবাৰত জুম্মাৰ নামাজৰ আগত খুদবা (ইছলামিক বক্তব্য) প্ৰদানৰ নীতি থাকিলেও ঈদৰ নামাজৰ ক্ষেত্ৰত খুদবা নামাজৰ পিছত প্ৰদান কৰা হয়। ইছলামীক বৰ্ণনা অনুযায়ী ঈদ-উল-ফিটৰৰ নামাজৰ পিছত খুদবা প্ৰদান ইমামৰ ক্ষেত্ৰত ছুন্নত আৰু শ্ৰৱণকাৰী সকলৰ বাবে দায়িত্ব। ফিৎৰা বা ফিটৰঈদৰ সময়ত দুখীয়া- নিছলাক টকা-পইচা দান কৰা এটা নিয়ম আছে। এই নিয়মমতে অৱস্থাসম্পন্ন মুছলমান সকলে ঈদৰ নামাজ পঢ়াৰ আগত দুখীয়ালোকক এক কেঃজিঃ আটা (ঘেঁহু) বা তাৰ মূল্য দান কৰাটো বাধ্যতামূলক। [3] ইয়াকে ফিৎৰা বা ফিটৰা বোলে। এই ফিটৰা বা দান কৰি ঈদ বা আনন্দ লাভ কৰা হয় কাৰণে এই ঈদক ঈদ-উল-ফিটৰ বোলা হয়। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia