ইলাচী
ইলাচী (বৈজ্ঞানিক নাম: Elettaria cardamomum) মছলাৰূপে ব্যৱহাৰ কৰা সুগন্ধি বীজ ধাৰণ কৰা এবিধ বহুবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ আৰু ইয়াৰ বীজ। ইয়াক সৰু ইলাচী বা সেউজীয়া ইলাচী বুলিও কোৱা হয়। আদা গোত্ৰৰ অন্তৰ্ভুক্ত ইলাচীৰ আদি বাসস্থান হৈছে ভাৰতৰ দক্ষিণ অঞ্চল। বিশ্বৰ ক্ৰান্তীয় জলবায়ুৰ অঞ্চল যেনে ৰিইউনিয়ন দ্বীপ, ভাৰত-চীন অঞ্চল আৰু কষ্টা ৰিকাত ইলাচী খেতি কৰা হয়।[2][3][4][5] ইয়াৰ পাত আৰু অন্যান্য অংশৰ এক সুকীয়া গোন্ধ আছে। ইলাচী ঘাইকৈ খাদ্য সুগন্ধিকৰণত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ ঔষধি গুণো আছে। অতীজৰে পৰা বিভিন্ন পাৰম্পৰিক ঔষধত ইলাচী ব্যৱহাৰৰ উল্লেখ পোৱা যায়। ই ভাৰতীয় খাদ্যৰ অন্যতম অপৰিহাৰ্য মছলা। বিৱৰণইলাচী এবিধ তৃণজাতীয় উদ্ভিদ। আদা গোত্ৰৰ এই উদ্ভিদ বহুবৰ্ষজীৱী। ই সৰ্বোচ্চ ২-৪ মিটাৰ পৰ্যন্ত ওখ হয়। পাতসমূহ সমান্তৰাল সিৰাবিন্যাসৰ আৰু ৪০-৬০ ছেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। পাতৰ আগসমূহ জোঙা। ফল সমূহ হালধীয়া-সেউজীয়া বৰণৰ ১-২ ছেণ্টিমিটাৰ দীঘল তিনিটা চেঁইত বিভক্ত। চেঁই সমূহত ১৫-২০টা ক'লা-মটীয়া গুটি থাকে। গুটি সমূহ ছাঁত শুকুৱাই মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ প্ৰাকৃতিক বিতৰণৰ বাহিৰেও নেপাল, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড, শ্ৰীলংকা আৰু মধ্য আমেৰিকাতো ইলাচীৰ খেতি কৰা হয়। ভাৰতৰ কেৰালা আৰু ছিক্কিম ৰাজ্য ইলাচীৰ মুখ্য উৎপাদনকাৰী। দুয়ো অঞ্চল ইলাচী খেতিৰ মাটিকালি আৰু উৎপাদনত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। আনুমানিক খ্ৰীষ্টপূৰ্ব ১৩০০ মনত ইউৰোপলৈ ইলাচী ৰপ্তানি কৰা হৈছিল। ইলাচী গছৰ পাত Endoclita hosei নামৰ মথৰ পলুয়ে খাদ্য হিচাপে খায়।[6] প্ৰকাৰইলাচীৰ তিনিটা প্ৰাকৃতিক প্ৰকাৰ পোৱা যায়। সেই কেইটা হ'ল:
বৰ্তমান কৃষক আৰু বিজ্ঞানী সকলে কিছুমান উচ্চ উৎপাদনক্ষম ইলাচীৰ জাত বিচাৰি উলিয়াইছে। তেনে এবিধ উচ্চ উৎপাদনক্ষম জাত হৈছে 'ঞ্জাল্লানী' (Njallani)।[7][8][9][10][11] ব্যৱহাৰখাদ্য হিচাপেইলাচীৰ সুগন্ধি গুণৰ বাবে ৰন্ধন প্ৰক্ৰিয়াত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ভাৰতীয় আৰু এছিয়ান খাদ্যত ইলাচী বহুল পৰিমাণে ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাংসৰ আঞ্জা, পোলাও, তৰকাৰী ইত্যাদি আমিষ-নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্যত লং ব্যৱহাৰ কৰা হয়। সেইদৰে বিভিন্ন মিষ্টান্ন যেনে মিঠাই, পায়স, বিস্কুট, কেক, কাষ্টাৰ্ড ইত্যাদিত ইলাচী ব্যৱহাৰ কৰা হয়। তামোল-পাণ-চুপাৰীৰ সৈতে মুখশুদ্ধিৰ বাবে ইলাচী ব্যৱহৃত হয়। ইলাচী মছলা চাহ আৰু গৰম মছলাৰ অন্যতম উপাদান। সুগন্ধি দ্ৰৱ্য হিচাপেলঙৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰৰ ৰুম ফ্ৰেছনাৰ, মাউথ ফ্ৰেছনাৰ ইত্যাদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও টুথপেষ্ট, চাবোন, প্ৰসাধন সামগ্ৰী, আতৰ, ধূপ আদিত ইলাচী ব্যৱহাৰ কৰা হয়। ঔষধ হিচাপেঅতীজৰে পৰা পাৰম্পৰিক ঔষধ আৰু আয়ুৰ্বেদিক চিকিৎসাত ইলাচী ব্যৱহাৰ কৰা হৈ আহিছে। শালমইনা সমস্যাৰ পৰা উপশম পাবলৈ ইলাচী খাব লাগে। গেছ, এচিডিটি, কৌষ্ঠকাঠিন্য, পেটৰ সমস্যা আদি সমস্যা, হিকটি মৰা আদিয়ো ইলাচীয়ে দূৰ কৰে। ইলাচী খালে মানুহৰ শ্বাসযন্ত্ৰৰ তেজৰ চলাচল সঠিকভাৱে চলি থাকে। ইলাচী খালে হাপানি, কাঁহ আদিৰ পৰাও পৰিত্ৰাণ পাব পাৰি। ইলাচীয়ে মুখৰ দুৰ্গন্ধ নাশ কৰে। ইলাচীৰ সুগন্ধি এৰমাথেৰাপিত ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধয়ে মানসিক চাপ কমাই প্ৰশান্তি আনে। চিত্ৰ বিথিকা
তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia