অৰূপ কুমাৰ নাথ
অৰূপ কুমাৰ নাথ (ইংৰাজী: Arup Kumar Nath) অসমৰ এগৰাকী গল্পকাৰ তথা কবি। সাউদ আৰু অন্যান্য গল্প,ইথাৰৰ ঈশ্বৰ, অন্নখন, আদিকে ধৰি তেওঁৰ চাৰিখন গল্প-সংকলন, এখন কাব্য গ্ৰন্থ আৰু চাৰিখন উপন্যাসিকা প্ৰকাশিত হৈছে । সাউদ আৰু অন্যান্য গল্প নামৰ সংকলনটিৰ বাবে ২০১০ চনত মুনীন বৰকটকী বঁটা লাভ কৰা ড° নাথ সম্প্ৰতি গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। চমু জীৱনী১৯৭৪ চনৰ ১৭ এপ্ৰিলত মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীত অৰূপ কুমাৰ নাথৰ জন্ম হয়। তেওঁৰ পিতৃ নোৱাৰাম নাথ আৰু মাতৃ সাজেশ্বৰী দেৱী। তেওঁ হাবিবৰঙাবাৰী আদৰ্শ হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ নগাওঁ কলেজত অধ্যয়ন কৰে। কটন কলেজৰ পৰা স্নাতক পৰ্যায়ৰ শিক্ষা লাভ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 'মধ্য অসমৰ তিৱাসকলৰ কথিত অসমীয়া ভাষা আৰু সমাজ -সাংস্কৃতিক অধ্যয়ন' বিষয়ত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। তেওঁ চৰাইবাহী মহাবিদ্যালয় আৰু হোজাই মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাম কৰাৰ পিছত সম্প্ৰতি গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। সাহিত্যিক অৱদান... এগৰাকী সফল গল্পকাৰ অৰূপ কুমাৰ নাথেও অতি সাৱলীলভাৱে, অতি সূক্ষ্মতাৰে আৰু বহু ক্ষেত্ৰত তীৰ্যক ব্যংগৰে সমাজ বাস্তৱ আৰু সৰ্বসাধাৰণৰ দুৰ্দশাৰ ছবি দুটিমান গল্পত ফুটাই তুলিছে -টুনুজ্যোতি গগৈ সীমা ভূঞা, অসমীয়া প্ৰগতিশীল চুটিগল্প : এটি চমু আলোচনা[1]
অৰূপ কুমাৰ নাথ এজন গল্পকাৰ হিচাপে আলোচিত যদিও তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ আছিল তুমি মোক স্পৰ্শ কৰা নামৰ যুটীয়াভাবে ৰচিত এখন কাব্য সংকলন। ইয়াৰ পিছত তেওঁৰ নষ্ট এপিটাফ, সাউদ আৰু অন্যান্য গল্প, ইথাৰৰ ঈশ্বৰ আৰু অন্নখন নামৰ চাৰিখন গল্প সংকলন প্ৰকাশ পায়। তাৰ উপৰিও তেওঁৰ ডঁৰিয়লিত এজাক ক্ৰৌঞ্চ পক্ষী, জিপচীৰ ঘৰ, নিষিদ্ধ শিলালিপিৰ পাঠ,এখন বিবৰ্ণ হৃদয় আৰু এপাচি প্লাম নামৰ চাৰিখন উপন্যাসিকা প্ৰকাশিত হয়। তেওঁৰ গল্প ইতিমধ্যে ইংৰাজী, হিন্দী, বঙালী আৰু মাৰাঠী ভাষালৈ অনূদিত হৈছে। উপভাষাৰ আংশিক প্ৰয়োগ অৰূপ কুমাৰ নাথৰ চুটিগল্পৰ এক বিশিষ্টতা। তেওঁৰ গল্পত অঞ্চল বিশেষৰ জাতি বৈষম্যক প্ৰকট কৰাত লোকগীত আৰু অঞ্চলবিশেষৰ উপভাষাই সহায় কৰিছে।[2] অৰূপ নাথে তেওঁৰ গল্পৰ মাজেৰে সামাজিক বৈষম্য আৰু শোষণ-অন্যায়ৰ ছবি এখন দাঙি ধৰিছে।[3] বৰ্গ বিভাজিত, লিংগ বিভাজিত সমাজখনৰ কথা লিখোঁতে গল্পকাৰে সদায় নিম্নবৰ্গৰ পক্ষত অৱস্থান কৰিছে। লোকাচাৰ, সামাজিক শোষণ, আত্মবিধ্বংসী অন্ধবিশ্বাস, অন্যায়-অবিচাৰত জৰ্জড়িত জীৱনৰ খতিয়ান দাঙি ধৰোঁতে গল্পসমূহে শিল্পগুণ হেৰুওৱা নাই, বৰং সেইবোৰ মানৱীয় প্ৰমূল্যৰ অবক্ষয়ৰ একো একোখন সাৰ্থক দলিলত পৰিণত হৈছে।[4] অৰূপ কুমাৰ নাথৰ গল্প বহুকেইটা কাৰণত সাম্প্ৰতিক অসমীয়া সাহিত্যৰ জগতখনত গুৰুত্বপূৰ্ণ ঘটনা। নাগৰিক জীৱনৰ অতি সাম্প্ৰতিক ভাষাৰ স্বাভাৱিক আৱেদনক সচেতনভাৱে নাকচ কৰি গল্পকাৰ অৰূপ কুমাৰ নাথে এনে এক ভাষাৰ সন্ধান কৰিছে— যাক অসমীয়া গল্পৰ সনাতন ঐতিহ্যই সৃষ্টি কৰা ভাষা যেন লাগে অথচ বেলেগ। ঐতিহ্যই দি যোৱা ভাষাৰ তেওঁ নৱনিৰ্মাণ আৰু ৰূপান্তৰ ঘটাইছে।[5] প্ৰকাশিত গ্ৰন্থ
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia