অসম গণিত শিক্ষায়তন
অসম গণিত শিক্ষায়তন ( ইংৰাজী: Assam Academy of Mathematics) হৈছে অসমৰ গণিত শিক্ষাৰ উন্নতিৰ কাৰণে অসমত জন্ম হোৱা[1] এটি বেচৰকাৰী সংস্থা। ১৯৮৬ চনৰ ১৮ জুলাইত এই অনুষ্ঠানটিৰ জন্ম হয়।[2] সেই দিনটোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত আৰু সেই সময়ৰ কটন মহাবিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিতৰ বিষয় শিক্ষক শিক্ষয়িত্ৰীৰ এক গ্ৰীষ্মকালীন প্ৰশিক্ষণ অংশগ্ৰহণকাৰীসকলে ৰাজ্যখনৰ গণিত প্ৰেমীসকলক লৈ এখন মঞ্চ খোলাৰ উদ্যোগ লৈ জন্ম দিছিল অসম গণিত শিক্ষায়তনৰ।[3] শিক্ষায়তনে ২০১০ চনৰ পৰা জাৰ্নেল অৱ দ্য আসাম একাডেমী অৱ মেথেমেটিক্স (Journal of the Assam Academy of Mathematics(JAAM),ISSN No. 2229-3884) নামেৰে এখন গণিত বিষয়ক জাৰ্নেল প্ৰকাশ কৰিছে।[4] লগতে ১৯৮৭ চনৰ পৰা শিক্ষায়তনে ‘গণিত বিকাশ’ নামৰ এখন দ্বিভাষীক ( অসমীয়া আৰু ইংৰাজী ) ছমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে।[3] শিক্ষায়তনে বছৰি মেথলেটিক্স প্ৰতিযোগিতা আৰু গণিত অলিম্পিয়াড নামেৰে দুটা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।[4] শিক্ষায়তনে ৰাঁচীৰ বিৰলা ইন্সটিটিউট অৱ টেকন’ল’জিৰ ভূতপূৰ্ব অধ্যাপক ড॰ ৰাধাচৰণ গুপ্তাৰ পৰা পোৱা অনুদানেৰে গণিত ইতিহাসৰ সম্বন্ধে আৰ চি গুপ্তা এণ্ডোমেণ্ট (R C Gupta Endowment) বক্তৃতা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। [উদ্ধৃতিৰ প্ৰয়োজন] ইতিহাসঅসমত ১৯৮৫ চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন হৈছিল। উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে সংসদৰ দ্বাৰা সাল-সলনি কৰা নতুন পাঠ্যক্ৰমৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে সংসদৰ উদ্যোগত বিভিন্ন শিক্ষণ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ কটন মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ গণিত-শিক্ষকসকলৰ বাবে ১৯৮৬ চনৰ ২৯ জুন তাৰিখৰ পৰা তিনি সপ্তাহৰ এটি গ্ৰীষ্মকালীন শিবিৰ আয়োজিত হৈছিল। তেতিয়াৰ কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডঃ তাৰকেশ্বৰ চৌধুৰীয়ে পৰিচালনা কৰা এই শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়, কটন মহাবিদ্যালয় আৰু গুৱাহাটীস্থিত দুখনমান মহাবিদ্যালয়ৰ অধ্যাপকে পাঠদান আগবঢ়াইছিল। কেইখনমান মহাবিদ্যালয়ৰ প্ৰৱক্তা আৰু অসমৰ বিভিন্ন অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্চাশ গৰাকী গণিতৰ বিষয়-শিক্ষকে অংশগ্ৰহণ কৰিছিল।[1] সেই ৪ জুলাই তাৰিখে শিবিৰতে নাজিৰাৰ পদ্ম হাজৰিকা, জামুগুৰিৰ ভোলা শৰ্মা, খৈৰাবাৰীৰ গণেশ কলিতা আৰু মৰিগাঁৱৰ ফজলু ৰহমান নামৰ চাৰিগৰাকী শিক্ষকে অসমত গণিত শিক্ষাৰ সমস্যা আৰু তাৰ প্ৰতিকাৰৰ লগতে গণিত শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে অনানুষ্ঠানিকভাৱে এক আলোচনা কৰিছিল। তাতে তাৰকেশ্বৰ চৌধুৰী উপস্থিত হৈ একেলগে আধাঘণ্টামান আলোচনাত বহে। এই আলোচনাৰ অন্তত অসম বিজ্ঞান সমিতিৰ দৰে গণিতৰ বাবেও এক সংস্থাৰ প্ৰয়োজনীয়তা আছে বুলি সকলোৱে সিদ্ধান্তত উপনীত হয়। এইদৰে ১৯৮৬ চনৰ ৪ জুলাই তাৰিখতে গণিত শিক্ষায়তনৰ ধাৰণা আৰম্ভ হয়।[1] ৪ জুলাইৰ অনানুষ্ঠানিক আলোচনাৰ বিষয়বস্তুক ডঃ তাৰকেশ্বৰ চৌধুৰীয়ে সহকৰ্মী আৰু পাঠদান আগবঢ়াই থকা অধ্যাপকসকলৰ সৈতে বিশদভাৱে আলোচনা কৰি ১৯৮৬ চনৰ ১৮ জুলাইত উক্ত বিষয়ত এখন সভাৰ আয়োজন কৰে। সেই সভাত উপস্থিত সকলো অধ্যাপক-শিক্ষকৰ বক্তব্য, মন্তব্য আৰু সমৰ্থন সাপেক্ষে ডঃ বুদ্ধ প্ৰসাদ চেতিয়াক সভাপতি, ডঃ তাৰকেশ্বৰ চৌধুৰীক সম্পাদক আৰু ডঃ বিশ্বজিৎ ভাগৱতীক কোষাধ্যক্ষ হিচাপে তদৰ্থ কমিটি এখন গঠন কৰি অসম গণিত সংস্থা নামেৰে এটি সংস্থাৰ জন্ম হয়। সেইদিনা ৩৭ জনে সদস্য পদ গ্ৰহণ কৰে। সেই বছৰৰে ডিচেম্বৰৰ ২৪-২৫ তাৰিখে কটন মহাবিদ্যালয়ত অনুষ্ঠিত সাধাৰণ সভাত সংস্থাৰ সংবিধানখন গ্ৰহণ কৰা হয়।[1] অসম গণিত শিক্ষায়তনৰ নামকৰণ১৯৮৬ চনৰ ১৮ জুলাইত প্ৰথম জন্মৰ সময়ত সংস্থাৰ নাম আছিল অসম গণিত সংস্থা। পৰৱৰ্তী সময়ত সৰহভাগ সদস্যৰে সংস্থাৰ নামটো মনঃপুত নোহোৱাৰ বাবে তাক সলাই গণিত শিক্ষায়তন,অসম কৰাৰ চিন্তা-চৰ্চা চলে। সেই বছৰৰে ডিচেম্বৰৰ ২৪-২৫ তাৰিখে কটন মহাবিদ্যালয়ত অনুষ্ঠিত সাধাৰণ সভাত এই বিষয়ে আলোচনা হয়। এই সভাত গণিত শিক্ষায়তন,অসম নামটো মনঃপুত নোহোৱাৰ কথা অমলা বেজবৰুৱাই তেওঁৰ আশে পাশে বহি থকা সভ্যসকলক অৱগত কৰে। তেনেতে ডঃ ভবেন্দ্ৰনাথ মেনা নামৰ শিক্ষকজন মঞ্চলৈ আগবাঢ়ি গৈ সকলোকে সম্বোধি ক'লে, "একাডেমী অৱ মেথেমেটিক্স ক'মা আসাম বুলিলে ক'ত অৱস্থিত সেইটোহে বুজাব; আমি সেইটোৱেই প্ৰকাশ কৰিব খোজো নেকি?" মেনাৰ মন্তব্যৰ পিছত অমলা বেজবৰুৱাই নামটো ঠিক নলগাৰ কাৰণটো ততালিকে বুজি পালে আৰু তাক সলাই অসম গণিত শিক্ষায়তন কৰে। এই সম্পৰ্কে ডঃ দিলীপ শৰ্মাই লোৱা এক সাক্ষাৎকাৰত অমলা বেজবৰুৱাই এনেদৰে কয়,"যেই ইমান স্পষ্টকৈ ক'লে, আমি, অন্ততঃ মই, ততালিকে বুজিলো নামটো কিয় ঠিক লগা নাছিল। নামটোৱে যেন অসম ৰাজ্যৰ গণিত শিক্ষায়তনখনৰ কথাহে কৈছে, বিহাৰৰ বা হাৰিয়ানাখনৰ নহয়। ইয়াৰ পিছত তুৰন্তে বৰ্তমানৰ নামটো ওলাই পৰিল। কাৰ মুখত মোৰ মনত নাই,কিয়নো আমি সকলোৱে ততালিকে পছন্দ কৰিলোৱেই নহয়।"[5]]] প্ৰতীকঅসম গণিত শিক্ষায়তনৰ প্ৰতীক চিহ্নটো আকিঁছিল ডঃ অমলা বেজবৰুৱাই। এই সম্পৰ্কে ডঃ দিলীপ শৰ্মাই লোৱা এক সাক্ষাৎকাৰত অমলা বেজবৰুৱাক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে উত্তৰ দিছিল, "প্ৰতীকটো অৱশ্যে ময়েই দিয়া বুলি ক'ব লাগিব- একপ্ৰকাৰ উপায়ন্তৰ নেদেখি। প্ৰথমেই শিক্ষায়তনৰ প্ৰথম সভাখনৰ জৰিয়তেই গণিতৰ শিক্ষক-ছাত্ৰৰ মাজত "ঢোল পিটি" জনাই দিয়া হ'ল যে প্ৰতীক এটা আঁকি আনিব লাগে। বাছনিত উঠা প্ৰতীকটোৰ বাবে অলপীয়া নগদ টকাৰ লোভো দেখুউৱা হ'ল। নাই, একো নাহিল। ইফালে প্ৰথমখন "গণিত বিকাশ" ওলাবৰ হ'ল। তাৰ বেটুপাটত প্ৰতীকটো নহ'লেই নহয়। জোৰ পুৰি কিলাকুটি পালেহি। উপায়ন্তৰ নেদেখি নিজেই ভাবিবলৈ ধৰিলে। এনেতে মই বি,এ শ্ৰেণীত নাম লগোৱাৰ পিছতেই বা অলপ আগতে মোক দাদা এজনে দিয়া প্লাষ্টিকৰ বস্তু এটালৈ মনত পৰিল। এই প্লাষ্টিকচটাৰ ভিতৰৰ পৰিধিটো এটা Ellipse আৰু বাহিৰৰ দুটা parabola আৰু hyperbola । সেইটোত মই বৃত্ত এটা আৰু এযোৰ ৰেখা যোগ দি গোটেইকেটা Conic section থকা নক্সা এটা আকিলোঁ। তাত অকাডেমীৰ নামলিখি প্ৰথম সংখ্যা গণিত বিকাশ উলিউৱা কামত লাগি থকা সদস্যকেইজনৰ মিটিঙত দি ক'লোঁঃ "এইটো এটা আনিছোঁ। গোবৰ হ'লেও ভাবিবলৈ ভেটি এটা ওলাব।" কেনেবাকৈ সেই নক্সাটো অকাডেমীৰ সভাপতি ডঃ বুদ্ধ চেতিয়া প্ৰমুখ্যে বহি থকা আটাইকেউজনে সেই ভাজেই পছন্দ কৰিলে। গতিকে সি প্ৰতীক হিচাপে ৰে গ'ল।"[5] গণিত বিকাশঅসম গণিত শিক্ষায়তনে ‘গণিত বিকাশ’ নামৰ এখন দ্বিভাষীক ( অসমীয়া আৰু ইংৰাজী ) ছমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। [6] ১৯৮৭ চনৰ জুলাই মাহত শিক্ষায়তনৰ প্ৰথম বাৰ্ষিক অধিৱেশনত গণিত বিকাশৰ প্ৰথম সংখ্যাটো উন্মোচিত হয়। আলোচনীখনৰ প্ৰথম সম্পাদক ড॰ অমলা বেজবৰুৱা। তেওঁ একেৰাহে তিনিটা সংখ্যা সম্পাদনা কৰিছিল আৰু নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত প্ৰকাশ কৰি সদস্যসকলৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পিছতে দীৰ্ঘ সময়ৰ বাবে কেইবাটাও সংখ্যা সম্পাদনা কৰে ডঃ দিলীপ শৰ্মাই। তাৰ পিছত বিভিন্নজনে সম্পাদনা কৰিছে।[3] ২০১৯ চনৰ জানুৱাৰী-জুন সংখ্যালৈকে গণিত বিকাশৰ সম্পাদকৰ দায়িত্বত থকা ব্যক্তিসকল হ'ল- ড৹ মলয় দত্ত, ড৹ দিব্যজ্যোতি মহন্ত, ড৹ হেমন্ত কুমাৰ বৰুৱা, ড৹ ৰামচন্দ্ৰ ডেকা, ড৹ চন্দ্ৰৰেখা মহন্ত, ড৹ জ্ঞানজ্যোতি শৰ্মা(৬২ সংখ্যা) আৰু ড৹ মৃণাল কলিতা(৬৩-৬৪ সংখ্যা একত্ৰে)।[7] ২০১৯ চনৰ জুলাই-ডিচেম্বৰ সংখ্যা(৬৫ সংখ্যক) আৰু ২০২০ চনৰ জানুৱাৰী-জুন সংখ্যা(৬৬ সংখ্যক),আলোচনীখনৰ এই দুটা সংখ্যা একেলগে ২০২০ চনৰ ছেপ্তেম্বৰ মাহত ই-সংস্কৰণ হিচাপে প্ৰকাশ পায়। সংখ্যা দুটাৰ সম্পাদনা কৰে ডঃ প্ৰবীণ দাসে। এয়াই গণিত বিকাশৰ প্ৰথম ই সংস্কৰণ।[3] অসম গণিত শিক্ষায়তনৰ ৱেবচাইটযোগে এই ই-সংস্কৰণসমূহ মুকলি কৰা হয়।[8] ইয়াৰ পিছৰ সংখ্যাৰ পৰা অৰ্থাৎ ২০২০ চনৰ জুলাই-ডিচেম্বৰ(৬৭ সংখ্যক) মাহৰ পৰা গণিত বিকাশৰ সম্পাদকৰ দায়িত্ব দিয়া হয় পংকজ জ্যোতি মহন্তক আৰু কাৰ্যবাহী সম্পাদকৰ দায়িত্বত থাকে ডঃ মঞ্জিল প্ৰতীম শইকীয়া। সম্পাদনা সমিতিত থাকে বীৰব্ৰত দাস চৌধুৰী, ডঃ জ্ঞানজ্যোতি শৰ্মা আৰু প্ৰাঞ্জল দাস। এই সংখ্যাৰ আলোচনীতে ছমহীয়া আলোচনীখন তিনিমহীয়া হোৱাৰ ঘোষণা এনেদৰে উল্লেখ আছে, "অসম গণিত শিক্ষায়তনে ২০২১ চনৰ পৰা তিনিমহীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আলোচনীখনৰ পৰৱৰ্তী সংখ্যাটো অহা জানুৱাৰী মাহৰ প্ৰথমভাগত প্ৰকাশ পাব"।[9] কাৰ্যবাহী সম্পাদক ডঃ মঞ্জিল প্ৰতীম শইকীয়া আৰু সম্পাদক পংকজ জ্যোতি মহন্তৰ তত্ত্বাৱধানত ২০২১ চনৰ পৰা গণিত বিকাশ তিনিমাহৰ মূৰে মূৰে[10] অনলাইন যোগে প্ৰকাশ হৈ আহিছে। শেহতীয়া সংখ্যাৰ সম্পাদনা সমিতিত থকা সদস্যসকল হ'ল- বীৰব্ৰত দাস চৌধুৰী, প্ৰাঞ্জল দাস, প্ৰিয়াংকুশ ডেকা, প্ৰেয়াংশী শইকীয়া, অনামিকা বড়া, ডঃ জ্ঞানজ্যোতি শৰ্মা আৰু ডঃ আশীষ পাল।[11] গণিত বিষয়ক প্ৰতিযোগিতাৰ আয়োজনশিক্ষায়তনে প্ৰতি বছৰৰ মে’ মাহত মেথলেটিক্স প্ৰতিযোগিতা আৰু ছেপ্তেম্বৰ মাহত গণিত অলিম্পিয়াড(Regional Mathematical Olympiad, RMO) অনুষ্ঠিত কৰে। পিছলৈ এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা পৰীক্ষা-কেন্দ্ৰৰ সংখ্যা ৪৬টালৈ বৃদ্ধি পায় । ১৯৮৭ চনৰ ১১ জুন তাৰিখে মুঠ আঠটা কেন্দ্ৰত প্ৰথমবাৰৰ বাবে গণিত অলিম্পিয়াড পতা হৈছিল। তেতিয়া মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩৭২ জন। [4] শিক্ষায়তনে প্ৰদান কৰা বঁটাশিক্ষায়তনে পতা গণিত অলিম্পিয়াডৰ চতুৰ্থ শাখাত (একাদশ-দ্বাদশ শ্ৰেণী) প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক ড॰ সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদক-এৰে পুৰস্কৃত কৰা হয়। গণিত আলিম্পিয়াডৰ তৃতীয় শাখাত (নৱম-দশম শ্ৰেণী) প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক ৰাজেন দাস স্মাৰক বঁটা আৰু দ্বিতীয় স্থান পোৱা প্ৰতিযোগীগৰাকীক প্ৰাঞ্জল তালুকদাৰ স্মাৰক বঁটাৰে পুৰস্কৃত কৰা হয়। গণিত আলিম্পিয়াডৰ প্ৰতিটো শাখাত প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীক দুৰ্গেশ্বৰ দাস স্মৰক বঁটাৰে পুৰস্কৃত কৰা হয়। মেথলেটিক্স প্ৰতিযোগিতাৰ প্ৰতিটো শাখাত প্ৰথম হোৱা দলটোক বাপুকৃষ্ণ চৌধুৰী বঁটাৰে পুৰস্কৃত কৰা হয়। ৰাজ্যিক ভিত্তিক কুইজ প্ৰতিযোগিতাৰ তৃতীয় শাখাত (নৱম-দশম শ্ৰেণী) প্ৰথম হোৱা দলটোক ড॰ অমলা বেজবৰুৱা স্মাৰক বঁটা প্ৰদান কৰা হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হোৱা দ্বাদশ শ্ৰেণীৰ (বিজ্ঞান আৰু কলা শাখা) পৰীক্ষাত গণিতত সৰ্বোচ্চ নম্বৰ পোৱাৰ লগতে সৰ্বোচ্চ গড় নম্বৰ পোৱাজনক হলিৰাম দত্ত স্মাৰক স্বৰ্ণ-পদক প্ৰদান কৰা হয়।[4] বৰ্তমানলৈকে শিক্ষায়তনৰ সভাপতিসকল
বৰ্তমানলৈকে গণিত বিকাশৰ সম্পাদকসকল
শিক্ষায়তনৰ প্ৰধান-সম্পাদকসকল
ড॰ সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদক প্ৰাপ্তড॰ সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদক প্ৰাপ্তসকল হ’ল[12]
লগতে চাওকIndian National Mathematical Olympiad তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia