অমলেন্দু গুহ
ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।[1][2] তেওঁ দৰং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল আৰু দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।[3] জন্ম আৰু শিক্ষাঅমলেন্দু গুহ পূৰ্বপুৰুষ আছিল পূৰ্ববংগমূলৰ। তেওঁলোকৰ পাঁচ পিড়ি ঊৰ্ধ্বতন পুৰুষ ৰঘুনাথ গুহই ঢাকাৰ পৰা আহি মাণিকগঞ্জৰ শিমুলিয়াত বসবাস কৰিবলৈ লয়। তেওঁৰ পৰিনাতি ৰামসুন্দৰ গুহই ময়মনসিং জিলাৰ নাৰানদিয়ালৈ ঘৰজোঁৱাই হিচাপে আহি তাতে থিতাপি লয়। এওঁলোক আছিল তালুকদাৰ। তালুকদাৰ ৰামসুন্দৰৰ জ্যেষ্ঠপুত্ৰ গৌড় সুন্দৰৰ দ্বিতীয় পুত্ৰগৰাকীয়ে হ’ল ড॰ গুহৰ দেউতাক যামিনী সুন্দৰ গুহ।[3] যামিনী সুন্দৰ গুহ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান শিক্ষক আছিল। মাকৰ নাম আছিল জ্ঞানদা সুন্দৰী। যামিনী সুন্দৰ গুহ আৰু জ্ঞানদা সুন্দৰীৰ এঘাৰজন সন্তানৰ ছজন পুত্ৰ সন্তান আৰু পাঁচজনী কন্যা। অমলেন্দু গুহ আছিল ভাই-ভনীসকলৰ অষ্টমজন ।[3]১৯২৪ চনৰ ৩০ জানুৱাৰীত ইম্ফলত অমলেন্দু গুহৰ জন্ম হয়।[4] স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলত। ইম্ফলৰ বেঙ্গলী স্কুলৰ পৰা এম.ই. উত্তীৰ্ণ হয়। দেউতাকৰ অৱসৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুচি আহে। তাত তেখেতে চিলভাৰ জুবিলী এংলো বেঙ্গলী স্কুলৰ পৰা (বৰ্তমান পল্টনবজাৰ বেঙ্গলী উঃমাঃ বিদ্যালয়) ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজত আই.এ.ত নাম ভৰ্তি কৰি এবছৰ পঢ়ি পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজলৈ বদলি হৈ যায়। তাৰপৰাও বদলি হৈ তেখেতে মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজত নামভৰ্তি কৰি আই.এ.পৰীক্ষাত ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেন্সি কলেজত পঢ়া-শুনা কৰে। ১৯৪৫ত তেখেতে অৰ্থনীতিত সন্মানসহ স্নাতক হয়। ১৯৪৭ত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উত্তীৰ্ণ হৈ ১৯৪৮ত তেখেতে তেজপুৰৰ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।[5] তেখেতে দিল্লীৰ স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজত বিংশ শতিকাৰ আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।[1][3] তেখেতে পুনেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলন আৰু শিৱসাগৰত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।[2] পাৰিবাৰিক জীৱন১৯৬০ চনত ড॰ গুহই ধুবুৰীৰ জীয়ৰী অনিমা গুহক (পূৰ্বত অনিমা দাস[5]) বিয়া কৰায়। অনিমা গুহও অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেখেতসকলৰ একমাত্ৰ সন্তান সুপ্ৰতীক গুহ আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।[4] সাহিত্যিক কৰ্মৰাজিড॰ গুহৰ ইতিহাস গৱেষণাৰ বিশাল ক্ষেত্ৰখন আছিল অসম। মাৰ্স্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা ব্ৰিটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বঙালী ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বঙালী কবিতা পুথি 'লুইত পাৰেৰ গাথা'ৰ বেটুপাত আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই।[4][1][2]
সন্মান আৰু স্বীকৃতিঅসম সাহিত্য সভাই গুহক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল।[1] তেখেতে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।[2] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia