ৰেচুল পুকুট্টি
প্ৰাথমিক জীৱনভাৰতৰ কেৰেলাৰ কোল্লামৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত আঞ্চলৰ সমীপৰ ভিলাক্কুপাৰাত এটা পৰিয়ালত ৰেচুল পুুকুট্টিৰ জন্ম হৈছিল। তেওঁ আঠটা সন্তানৰ ভিতৰত কনিষ্ঠ আছিল। দেউতাক ব্যক্তিগত বাছৰ টিকট নিৰীক্ষক আছিল। পুকুট্টিয়ে ৬ কিলোমিটাৰ খোজ কাঢ়ি ওচৰৰ বিদ্যালয়খনলৈ গৈ কেৰাচিন লেম্পৰ পোহৰত পঢ়িবলগীয়া হৈছিল কাৰণ তেওঁৰ গাঁৱত বিদ্যুৎ নাছিল।[11][12] ১৯৮৭–১৯৯০ চনত তেওঁ কায়ামকুলামৰ মিলাদ-ই-শ্বেৰিফ মেম'ৰিয়েল কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[13] তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী আইন মহাবিদ্যালয়ত আইনৰ স্নাতক (এল এল বি) ডিগ্ৰী অধ্যয়নৰ বাবে যোগদান কৰে, অৱশ্যে সেই ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯৯৫ চনত পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বাকী থকা এলএলবি পৰীক্ষা সম্পূৰ্ণ কৰি তেওঁ ২০১২ চনত অধিবক্তাৰ সাজ পিন্ধে। পুকুট্টিয়ে কয় যে তেওঁক অধিবক্তা হিচাপে গঢ়ি তোলাটো তেওঁৰ পিতৃৰ ইচ্ছা আছিল।[14] কৰ্মজীৱনস্নাতক হোৱাৰ পিছত পুকুট্টি মুম্বাইলৈ গুচি যায়। তেওঁ ইয়াক "প্ৰতিষ্ঠানৰ স্নাতক হিচাপে স্বাভাৱিক অনুপ্ৰৱেশ" বুলি অভিহিত কৰে। তেওঁ আঙুলিয়াই দিছিল যে "মুম্বাই চলচ্চিত্ৰ উদ্যোগৰ ৯৫ শতাংশ কাৰিকৰী বিদ্যাবিদ এফ টি আই আই, পুনেৰ প্ৰাক্তন ছাত্ৰ।"[4] পুকুট্টিয়ে ১৯৯৭ চনত পৰিচালনা কৰা প্ৰাইভেট ডিটেক্টিভ: টু প্লাছ টু প্লাছ ৱান ছবিৰ জৰিয়তে শব্দ ডিজাইনত আত্মপ্ৰকাশ কৰে। ছবিখনৰ পৰিচালক আছিল ৰজত কাপুৰ৷ ২০০৫ চনত সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত সমালোচকৰ প্ৰশংসিত ছবি ব্লেকৰ জৰিয়তে তেওঁ গুৰুত্বপূৰ্ণ পৰিচিতি লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মুছাফিৰ (২০০৪), জিন্দা (২০০৬), ট্ৰেফিক চিগনেল (২০০৭), গান্ধী, মাই ফাদাৰ (২০০৭), সাৱৰিয়া (২০০৭), দুছ কাহানিয়ান, কেৰেলা বৰ্মা পাঝাছি ৰাজা (২০০৯) আৰু এন্থিৰান (২০০৭) আদি ছবিত ধ্বনি অভিযন্তা হিচাপে কাম কৰে।[3] ব্যক্তিগত জীৱনপুকুট্টিৰ সহধৰ্মিনী হৈছে ছাদিয়া৷ তেওঁলোকৰ দুটা সন্তান আছে।[15] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia