ৰুণুমী (চলচ্চিত্ৰ)
ৰুণুমী (ইংৰাজী: Runumi) অসমীয়া ভাষাত নিৰ্মিত নৱমখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন সুৰেশ চন্দ্ৰ গোস্বামীয়ে পৰিচালনা কৰিছিল আৰু ১৯৫২ চনত মুক্তিলাভ কৰিছিল। চলচ্চিত্ৰখন হেনৰিক ইবছেনৰ ৰচিত নাটক "দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড" (The Warriors at Helgeland) ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল[1][2][3]। জয়মতী চলচ্চিত্ৰৰ পাছত এইখন দ্বিতীয় অসমীয়া চলচ্চিত্ৰ যিখন ষ্টুডিঅ’ৰ বাহিৰত চিত্ৰগ্ৰহণ কৰা হৈছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰসমূহত কনকলতা শইকীয়া, নেয়ীমুদ্দিন আহমেদ, সুৰেশ গোস্বামী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, হিৰণ্ময়ী দেৱী আদিয়ে অভিনয় কৰিছিল। চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ ঠাই আছিল অসম আৰু নাগালেণ্ড (তেতিয়াৰ অসমৰ নাগা পাহাৰ)।[1][3] কাহিনীৰ সাৰাংশ'ৰুণুমী' হ'ল একে চেহেৰাৰ, সমবয়সীয়া, নাচে-গানে পাৰ্গত দুজনী ছোৱালীৰ কাহিনী। এজনীৰ জন্ম পাহাৰত, নাম ৰুণুমী। আনজনীৰ জন্ম ভৈয়ামত, নাম ৰেণু। ৰুণুমীক ভাল পায় পাহাৰৰ পাহোৱাল ডেকা গৰণে। আনহাতে চাহ বাগানৰ স্বত্বাধিকাৰীৰ জীয়ৰী ৰেণুক ভাল পায় এজন ধনাধ্য যুৱক মুৰুলীধৰে। এনেতে আহে বৰভূঁইকুপ। প্ৰলয়ঙ্কৰী বৰভূঁইকুপত ঘটনাক্ৰমে পাহাৰৰ ৰুণুমী ভৈয়ামৰ ৰেণুহঁতৰ ঘৰ পায় আৰু ভৈয়ামৰ ৰেণু পাহাৰৰ ৰুণুমীহঁতৰ চাং পায়গৈ। কিন্তু দুয়োজনীয়ে স্মৃতিশক্তি হেৰুৱাই পেলোৱা বাবে দুয়োজনীৰ প্ৰকৃত পৰিচয় উলিওৱাত সমস্যাৰ সৃষ্টি হয়। ৰেণুৰ সন্ধানত তাইৰ প্ৰেমিক মুৰুলীধৰ আৰু ৰেণুহঁতৰ লগুৱা ভদাই পাহাৰত পালে। তাত গৈ তেওঁলোক নিশ্চিত হ’ল যে স্থানীয় পাহাৰীয়া সমাজে ৰুণুমী বুলি ভবাজনী প্ৰকৃততে ভৈয়ামৰ ৰেণুহে। ইফালে ৰেণুয়ো স্মৃতিশক্তি ঘূৰাই পায়। গৰণেও নিশ্চিত হয় যে তেওঁ যিজনীক ৰুণুমী বুলি ভাবি আছে, তাই প্ৰকৃত ৰুণুমী নহয়। গৰণে তাইক বিচাৰি ৰেণুহঁতৰ ঘৰ পালে। ৰেণুক লৈ মুৰুলীধৰ আৰু ভদায়ো ভৈয়ামলৈ নামি আহে। ৰেণুহঁতৰ ঘৰত ৰুণুমী আৰু গৰণৰ পুনৰ্মিলন হয় আৰু চাঙলৈ উভতি যায়।[4] অভিনয় শিল্পীৰুণুমী আৰু ৰেণুৰ সৰুকালৰ চৰিত্ৰত অভিনয় কৰিছিল পৰিচালক গোস্বামীৰ জীয়ৰী ডলী বৰপুজাৰীয়ে। দ্বৈত ভূমিকাযুক্ত এইখন প্ৰথম অসমীয়া ছবি। পৰিচালকগৰাকীয়ে নিজেও আন এজন নায়ক গৰণৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] ছবিৰ প্ৰধান প্ৰধান ভূমিকাত অভিনয় কৰা শিল্পীসকল হ'ল[4]-
কলা-কুশলী ইত্যাদি
১৯৫২ চনত নিষিদ্ধ১৯৫২ চনত ৰুণুমী কথাছবিখন যোৰহাটৰ আৰতি টকীজত মুক্তি দিয়া হৈছিল। চলচ্চিত্ৰখনে দৰ্শকৰ সঁহাৰি পাইছিল[1] যদিও কেইমাহ মানৰ পাছতে তেতিয়াৰ বিষ্ণু ৰাম মেধি নেতৃত্বাধীন চৰকাৰে হঠাত ছবিখন নিষিদ্ধ ঘোষণা কৰে। চৰকাৰে চলচ্চিত্ৰখন নিষিদ্ধ কৰাৰ একো দৰ্শোৱা নাছিল। পিছলৈ ছবিখনৰ পৰিচালক প্ৰয়াত গোস্বামীৰ পৰিয়ালে অসম চৰকাৰলৈ ছবিখন নিষিদ্ধ কৰাৰ কাৰণ ৰাজহুৱা কৰিবলৈ, লগতে ছবিখনৰ পুনৰুদ্ধাৰৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছিল।[1][2] চলচ্চিত্ৰখন আহৰণনিষিদ্ধ কৰাৰ পাছত, গোস্বামীৰ সম্পৰ্কীয় ভাতৃ লক্ষ্মীনাথ বৰঠাকুৰে চলচ্চিত্ৰখনৰ কপি আনি কিছুমান চাহ বাগানত অবৈধভাৱে প্ৰদৰ্শন কৰে আৰু তাৰ পাছত পৰা বৰঠাকুৰৰ ঘৰৰ এটা ট্ৰাংকত বহুদিন থৈ দিয়ে। প্ৰায় চাৰি দশকৰ পাছত ২০১০ চনত বৰঠাকুৰৰ পুত্ৰ অমিয় বৰঠাকুৰে গোস্বামীৰ পুত্ৰী গুৱাহাটী নিবাসী ডলী বৰপূজাৰীৰ হাতত অৰ্পণ কৰে। ছবিখনৰ তেৰটা ৰীলেই মূল 'কেন' (can)-ৰ ভিতৰতে আছে। প্ৰাৰম্ভিক পৰীক্ষাত ছবিখনৰ বহুলাংশ উদ্ধাৰ কৰিব পৰা যাব বুলি ভবা হয়। ৰীলসমূহ থকা কেন-বোৰৰ কিছুমান মামৰ লগাৰ উপৰিও দুটামান কেনৰ ফাট মেলা দেখা গৈছিল। সুৰেশ গোস্বামীৰ নাতি চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰীয়ে ছবিখনৰ উদ্ধাৰৰ বাবে মুম্বাই স্থিত বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰে।[1][2] ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰাহালয়ে (NFAI) ছবিখনৰ ভিডিঅ' আৰু অডিঅ'খিনি উদ্ধাৰ কৰে। যদিও ৰীলৰ অৱস্থা অতিশয় বেয়া আছিল, তথাপি ছবিখনৰ ৮৫ শতাংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেৰটা ৰীলৰ দুটা সম্পৰ্ণৰূপে নষ্ট হৈ গৈছিল। এই গোটেই কামটোত ৬.৫ লাখ টকা খৰচ হয়।[5] সঙ্গীতৰুণুমীৰ সঙ্গীত পৰিচালনা কৰিছিল দৰ্পনাথ শৰ্মাই। গাইছিল আইভি বৰুৱা, শেৱালী শৰ্মা, স্বৰ্ণ দেৱী আৰু প্ৰফুল্ল বৰুৱাই।[6]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|