ৰীতা গাংগুলীৰীতা গাংগুলী (ইংৰাজী: Rita Ganguly) ভাৰতীয় ধ্ৰুপদী কলাৰ এগৰাকী সাধক। তেওঁ এগৰাকী নিপুণ নৃত্যশিল্পী, সংগীতজ্ঞ আৰু কণ্ঠশিল্পী আৰু ২০০০ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ [1] আৰু ২০০৩ চনত “পদ্মশ্ৰী’’ সন্মান লাভ কৰে৷[2] তেওঁ অভিনেত্ৰী মেঘনা কোথাৰীৰ মাতৃ আৰু ৰবীন্দ্ৰ সংগীত গায়িকা গীতা ঘটকৰ কনিষ্ঠ ভগ্নী। জীৱনীৰীতা গাংগুলীৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ লক্ষ্নৌত এটা বঙালী ব্ৰাহ্মণ পৰিয়ালত৷ তেওঁৰ পিতৃৰ নাম আছিল কে.এল.গাংগুলী, আৰু মাতৃৰ নাম মীনা গাংগুলী। কে এল গাংগুলী আছিল এজন স্বাধীনতা সংগ্ৰামী আৰু কংগ্ৰেছ দলৰ সদস্য। ১৯৩৮ চনত জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰা কাকত “দ্যা নেশ্বনেল হেৰাল্ড’’ কাকতৰ প্ৰথম সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল৷ [3] কাকতখন লক্ষ্নৌৰ পৰা প্ৰকাশিত হৈছিল৷ সেয়েহে ৰীতাই ডাঙৰ-দীঘল হৈছিল লক্ষ্নৌত৷ তেওঁ তাত ১২ বছৰ বয়সৰ পৰাই গোপেশ্বৰ বেনাৰ্জীৰ অধীনত[1] ৰবীন্দ্ৰসংগীত শিকিবলৈ আৰম্ভ কৰে। পিছত তেওঁ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত যোগদান কৰে, ডাঙৰ ভনীয়েকৰ সৈতে , গীতা ঘটক কলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি কথাকলি আৰু মণিপুৰীৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপ অধ্যয়ন কৰিছিল। তেওঁলোকৰ গুৰু আছিল, গুৰু কুঞ্চু কুৰুপ আৰু চন্দু পান্নিকৰ৷[4]আৰু তেওঁ নিউয়ৰ্কৰ “মাৰ্থা গ্ৰেহাম স্কুল’’ত আধুনিক নৃত্যৰ প্ৰশিক্ষণ লাভ কৰে।[3] তেওঁ ৰাছিয়াৰ “বলশ্বোই থিয়েটাৰ’’কে ধৰি বিভিন্ন মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি পিছত নৃত্যৰ অধ্যাপক হিচাপে “নেচনেল স্কুল অৱ ড্ৰামা’’ (এন এছ ডি)ত যোগদান কৰে আৰু তাত তেওঁ “Movement and Mime’’ নামে এটি নতুন পাঠ্যক্ৰম আৰম্ভ কৰে৷[3][5] ৰীতা গাংগুলীয়ে এন এছ ডিত ত্ৰিশবছৰ কাল কাম কৰিছিল[5] আৰু তাত থকা সময়ছোৱাত তেওঁ প্ৰডাকচন আৰু সাজ-পোছাক ডিজাইনত অৰিহণাও যোগাইছিল বুলি জনা যায়। ধ্ৰুপদী থিয়েটাৰৰ বিনোদন আৰু Vikrishta Madhyam Auditorium নিৰ্মাণৰ প্ৰচেষ্টাৰ বাবেও তেওঁক কৃতিত্ব দিয়া হয়। এন এছ ডিৰ তত্বাৱধানত তেওঁ অষ্ট্ৰেলিয়া, ইংলেণ্ড, শ্ৰীলংকা আৰু ইজৰাইলৰ দৰে বহু দেশ ভ্ৰমণ কৰি ভাৰতীয় ধ্ৰুপদী থিয়েটাৰৰ ওপৰত অভিনয় উপস্থাপন কৰাৰ লগতে কৰ্মশালা অনুষ্ঠিত কৰে। পঞ্চাশৰ দশকত দিল্লীত এটা অনুষ্ঠানৰ সময়ত গান গোৱাৰ বাবে পোৱা সুযোগে তেওঁৰ জীৱনৰ গতি সলনি কৰি দিলে আৰু তেওঁ গায়ন-বায়নত অধিক মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিলে।[3]অধিক উৎসাহিত হৈ তেওঁ বিখ্যাত কথক শিল্পী শম্ভু মহাৰাজ, গুৰু সিদ্ধেশ্বৰী দেৱী- এগৰাকী পৰিচিত শাস্ত্ৰীয় গায়িকাৰ সৈতে ভাৰতৰ বহু ঠাইত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ধৰে।[3]এই অনুষ্ঠান পৰিৱেশনৰ সময়তে এই পৰিবেশনসমূহে, বিখয়াত হিন্দুস্থানী শাস্ত্ৰীয় সংগীত গায়িকা বেগম আখতাৰৰ দৃষ্টি তেওঁৰ ওপৰত পৰে আৰু ৰীতা গাংগুলীক তেওঁ শিষ্য হিচাপে লয়।[3] ১৯৭৪ চনত বেগম আখতাৰৰ মৃত্যুৰ আগলৈকে তেওঁলোকৰ মাজত এই সম্পৰ্ক অটুট আছিল। ২০০০ চনত সংগীতৰ বাবে ৰীতা গাংগুলীয়ে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷[1] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia