ৰা (সূৰ্যদেৱতা)
ৰা বা ৰে (ইংৰাজী: Ra) হৈছে প্ৰাচীন মিছৰীয় সূৰ্য দেৱতা। খ্ৰীষ্টপূৰ্ব ২৫ আৰু ২৪ শতিকাত পঞ্চম ৰাজবংশৰ দ্বাৰা তেওঁ প্ৰাচীন ইজিপ্টীয় ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা হৈ পৰিছিল। তেওঁক প্ৰধানতঃ দুপৰীয়া ৰ'দৰ সৈতে সংযুক্ত কৰা হয়। ৰাই সৃষ্টি হোৱা বিশ্বৰ সকলো অংশতে অৰ্থাৎ আকাশ, পৃথিৱী আৰু পাতালপুৰী শাসন কৰে বুলি বিশ্বাস কৰা হয়।[1] তেওঁ হৈছে সূৰ্য, শৃংখলা, ৰজাসকল আৰু আকাশৰ দেৱতা। ৰাক শেন চৰাই হিচাপে চিত্ৰিত কৰা হয় আৰু আকাশৰ দেৱতা হ'ৰাছৰ সৈতে তেওঁৰ বৈশিষ্ট্যগত সাদৃশ্য দেখা যায়। কোনো কোনো সময়ত দুয়োজন দেৱতাকে ৰা-হোৰাখটি অৰ্থাৎ "ৰা, যি দুই দিগন্তৰ হ'ৰাছ" হিচাপে একত্ৰিতভাৱে উপস্থাপন কৰা হয়। নতুন ৰাজ্য বা নিউ কিংডমত দেৱতা আমুনে খ্যাতি লাভ কৰিছিল, তেতিয়া তেওঁক ৰাৰ সৈতে একত্ৰিত কৰি আমুন-ৰা বুলি অভিহিত কৰা হৈছিল। ৰাৰ এক ৰূপ মেনেভিছ ষাঁড়ৰ এক পন্থা প্ৰচলিত আছিল আৰু ইয়াৰ কেন্দ্ৰস্থল আছিল হেলিঅ'পলিছ। সেই চহৰখনৰ উত্তৰে বলি দিয়া ষাঁড়বোৰৰ বাবে এক আনুষ্ঠানিক সমাধিস্থল আছিল। ৰা সকলো জীৱৰে সৃষ্টিকৰ্ত্তা বুলি বিশ্বাস কৰা হৈছিল। কোনো কোনো আখ্যানৰ মতে ৰাৰ চকুপানী আৰু ঘামৰ পৰা মানুহৰ সৃষ্টি হয়। সেয়েহে মিছৰ নিবাসীসকলে নিজকে "ৰাৰ পশু" বুলি কয়। মহাজাগতিক গৰুৰ (celestial cow) আখ্যানত মানৱজাতিয়ে কেনেকৈ ৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল আৰু কেনেকৈ তেওঁ মানৱ জাতিক শাস্তি দিবলৈ তেওঁ নিজৰ চকুহালক দেৱী চেখমেট হিচাপে প্ৰেৰণ কৰিছিল তাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভূমিকাসৃষ্টিকৰ্তা হিচাপেসূৰ্য হৈছে জীৱনদায়িনী, যি মানুহে কৰা শস্যৰ পূৰঠ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে। সূৰ্যৰ জীৱনদায়িনী গুণৰ বাবে ইজিপ্টৰ লোকসকলে সূৰ্যক দেৱতা হিচাপে উপাসনা কৰিছিল। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু জীৱনদাতা হিচাপে সূৰ্য অৰ্থাৎ ৰায়ে জীৱন, উষ্ণতা আৰু বিকাশক প্ৰতিনিধিত্ব কৰে। যিহেতু মানুহে ৰাক এজন প্ৰধান দেৱতা, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু জীৱনৰ উৎস হিচাপে গণ্য কৰিছিল, তেওঁ মানৱ সমাজৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পেলাইছিল যাৰ ফলত তেওঁক সকলো মিছৰীয় দেৱতাৰ ভিতৰতে আটাইতকৈ বেছি উপাসনা কৰা হৈছিল আৰু আনকি তেওঁক ঈশ্বৰৰ ৰজা বুলিও গণ্য কৰা হৈছিল। ইজিপ্টৰ ইতিহাসৰ প্ৰাৰম্ভিক সময়ত তেওঁৰ প্ৰভাৱ সমগ্ৰ দেশতে বিয়পি পৰিছিল আৰু ইয়াৰ ফলত একাধিক ৰূপ আৰু নামেৰে ৰাক প্ৰতিনিধিত্ব কৰা হৈছিল। সচৰাচৰ দেখা পোৱা ৰূপসমূহ হৈছে আটুম (তেওঁৰ মানৱ ৰূপ), খেপৰি (এবিধ পতংগ) আৰু হোৰাছ (শেন চৰাই)। সাধাৰণতে তেওঁ যি ৰূপত দেখা যায় সেয়া হৈছে শেন চৰাইৰ শিৰ থকা এজন মানুহৰ যি আকাশৰ দেৱতাসমূহৰ অন্যতম হোৰাছৰ সৈতে তেওঁৰ এক সংমিশ্ৰিত ৰূপ। তেওঁ মূৰৰ ওপৰত এটা ফেঁটীসাপৰ সৈতে সৌৰচক্ৰ ধাৰণ কৰে যি বহুতো কিংবদন্তিত ৰাৰ চকুটোক প্ৰতিনিধিত্ব কৰে। সময়ৰ আদিতে যেতিয়া বিশৃংখলতাৰ বাহিৰে আন একো নাছিল তেতিয়া জলমগ্ন বিশ্বব্ৰহ্মাণ্ডত কেৱল সূৰ্য-দেৱতা ৰা বিদ্যমান আছিল।[2] আটুমে মানৱ ৰূপত বিশৃংখলতাৰ পৰা সকলো সৃষ্টি কৰে আৰু ৰায়ে তাৰ পিছত পৃথিৱী শাসন কৰিবলৈ আৰম্ভ কৰে।[2] এই পৃথিৱীত মানুহ আৰু ঐশ্বৰিক জীৱসমূহে সহাৱস্থান কৰিছিল। তেওঁ বায়ুৰ দেৱতা শ্বু আৰু আৰ্দ্ৰতাৰ দেৱী টেফনাটৰ সৃষ্টি কৰে।[3] তেওঁলোকে মানুহৰ দুটা সৰ্বজনীন নীতি ক্ৰমে জীৱন আৰু অধিকাৰক (ন্যায়) প্ৰতিনিধিত্ব কৰিছিল। ৰায়ে তেওঁলোকৰ গোপন নাম দুটা উচ্চাৰণ কৰি সকলো ধৰণৰ জীৱৰ সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। কিছুসংখ্যক কিংবদন্তিৰ মতে ৰাৰ চকুপানী আৰু ঘামৰ পৰা মানুহৰ সৃষ্টি হয়।[2] এক আখ্যানমতে সূৰ্য দেৱতা ৰাই অনন্ত জলৰ পৰা পৃথিৱীৰ প্ৰথম অংশটোৰ আহ্বান কৰি ইয়াক সৃজন কৰিছিল। মহাজাগতিক গৰুৰ আখ্যানত (এই আখ্যানত আকাশক এক বিশালাকায় গৰু অৰ্থাৎ দেৱী মেহত-উৰ্ট বুলি ভবা হৈছিল) এই কথা বৰ্ণনা কৰা হৈছে যে কেনেদৰে মানৱজাতিয়ে[3] ৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল আৰু কেনেকৈ তেওঁলোকক শাস্তি দিবলৈ তেওঁ দেৱী চেখমেট হিচাপে তেওঁৰ নিজৰ চকু প্ৰেৰণ কৰিছিল। পাতালপুৰীতৰায়ে দুখন সৌৰ বাহন বা আটেটত ভ্ৰমণ কৰে বুলি বিশ্বাস কৰা হৈছিল। ইয়াৰে প্ৰথমখন হৈছে মেনজেট (লক্ষ বছৰৰ নাও) বা পুৱাৰ নাও আৰু আনখন হৈছে মেছেখেট বা সন্ধিয়াৰ নাও। এই নাও দুখনে ৰাক আকাশ আৰু ডুয়েট অৰ্থাৎ নিশাৰ ১২ ঘণ্টাৰ (ইজিপ্টৰ পাতালপুৰী) মাজেৰে কঢ়িয়াই লৈ ফুৰে। মেছেখেটত আৰোহণ কৰা অৱস্থাত ৰাই ৰাম ছাগলীৰ শিৰযুক্ত ৰূপ লয়। এই সৌৰ নাও দুখনত ভ্ৰমণ কৰোঁতে ছিয়া (ধাৰণা), হু (আদেশ) আৰু হেকা (মায়াৱী শক্তি) আদি দেৱ-দেৱীয়ে ৰাক সংগ দিয়ে। কেতিয়াবা এনাডৰ সদস্যসকলে তেওঁক তেওঁৰ যাত্ৰাত সহায় কৰে। ইয়াৰ ভিতৰত অন্যতম হৈছে ছেট যি এপ'ফিছ নামৰ সৰ্পক পৰাভূত কৰে, আৰু মেহেন, যি পাতালপুৰীৰ দানৱবোৰৰ বিৰুদ্ধে প্ৰতিৰক্ষা কৰে।[4] এপ'ফিছ আছিল এক বিশাল সৰ্পৰূপী বিশৃংখলতাৰ দেৱতা যি প্ৰতি নিশা সৌৰ নাৱৰ যাত্ৰা সম্মোহনী দৃষ্টিৰে ৰখাই বা ইয়াক ভক্ষণ কৰি বন্ধ কৰিবলৈ চেষ্টা কৰে। মিছৰীয়সকলে বিশ্বাস কৰিছিল যে সন্ধিয়াৰ সময়ত ৰা আটুম বা ৰাম ছাগলীৰ ৰূপত মূৰ্তমান হয়। নিশাৰ নাওখনে তেওঁক পাতালপুৰীৰ মাজেৰে তেওঁৰ পুনৰ্জন্মৰ প্ৰস্তুতিৰ বাবে পূৱ দিশলৈ লৈ যায়। ৰাৰ এই কিংবদন্তিসমূহে আকাশৰ দেৱী নাটৰ দ্বাৰা সূৰ্যৰ পুনৰ্জন্ম হিচাপে প্ৰতিটো পুৱা নতুনকৈ উদীয়মান সূৰ্যটোক প্ৰতিনিধিত্ব কৰে। এনেদৰে পুনৰ্জন্ম আৰু নৱীকৰণৰ ধাৰণাটোৱে সৃষ্টিকৰ্তা দেৱতা হিচাপে ৰাৰ ভূমিকাক শক্তিশালী কৰে।[5] যেতিয়া ৰা পাতালপুৰীত থাকে তেতিয়া তেওঁ মৃতকসকলৰ দেৱতা অচাইৰিছৰ সৈতে একত্ৰিত হয়।[4] চিত্ৰায়নসূৰ্যদেৱতা ৰাক বিভিন্ন ৰূপত চিত্ৰায়িত কৰা হৈছিল। সচৰাচৰ দেখা ৰূপটো আছিল এজন মানুহ যাৰ শিৰ আছিল শেন চৰাইৰ আৰু ইয়াৰ ওপৰত আছিল। সৌৰচক্ৰ। এই সৌৰচক্ৰৰ চাৰিওফালে কুণ্ডলীবদ্ধ সৰ্পই অৱস্থান কৰিছিল।[4] তেওঁৰ অন্যান্য সাধাৰণ ৰূপবোৰ হৈছে এক পতংগৰ শিৰযুক্ত বা ৰাম ছাগলীৰ শিৰযুক্ত মানুহ। ইয়াৰোপৰি ৰাক এটা সম্পূৰ্ণ দেহৰ ৰামছাগলী, পতংগ, ফিনিক্স, বগলী, সৰ্প, ষাঁড়, মেকুৰী বা সিংহ হিচাপেও চিত্ৰিত কৰা হৈছিল। [6] পাতালপুৰীত তেওঁক সচৰাচৰ ৰাম ছাগলীৰ শিৰৰ সৈতে চিত্ৰায়িত কৰা হৈছিল। এই ৰূপত ৰাক "পশ্চিমৰ ৰাম" বা "হাৰেমৰ দায়িত্বত থকা ৰাম" বুলি বৰ্ণনা কৰা হৈছে।[4] কিছুমান সাহিত্যত ৰাক সোণালী মাংস, ৰূপালী হাড় আৰু নীলকান্তমণিৰ চুলি থকা এজন বৃদ্ধ ৰজা হিচাপে বৰ্ণনা কৰা হৈছে।[4] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia