ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (ইংৰাজী: National Mission for Secondary Education) হৈছে সমগ্ৰ ভাৰতৰ ৰাজহুৱা বিদ্যালয়সমূহত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতাৰ এখন আঁচনি (centrally sponsored scheme)। ২০০৯ চনৰ মাৰ্চ মাহত ইয়াৰ কাৰ্যাৰম্ভ কৰা হয়। সকলোৰে বাবে সমতা, বৃদ্ধি আৰু বিকাশৰ হেতু চুক্তিৰ ব্যৱস্থা কৰিবলৈ ২০০৯-২০১০ ৰ পৰা আঁচনিখনৰ কাৰ্যকৰীকৰণ আৰম্ভ হয়। আঁচনিখনে এক বহুমুখী গৱেষণা, প্ৰযুক্তিগত আলোচনা, বিভিন্ন কাৰ্যকৰীকৰণ আৰু পুঁজিৰ সাহায্যক সামৰি লয়।[1]
মাধ্যমিক শিক্ষাৰ গুণগত বিকাশ আৰু নামভৰ্তিৰ শতকৰা হাৰ পাঁচ বছৰত (অৰ্থাৎ ২০০৯-২০১৪) ৫২% (২০০৫-২০০৬ অনুসৰি)ৰ পৰা ৭৫% লৈ বৃদ্ধি কৰা ইয়াৰ মুখ্য উদ্দেশ্য।[2] ১৫-১৬ বছৰীয়া শিশুৰ সৰ্বজনীন শিক্ষাৰ বাবেও এই অভিযানে লক্ষ্য বান্ধে।[3] কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পুঁজিৰে ৰাজ্য চৰকাৰৰ যোগেদি বিভিন্ন কাৰ্যকৰী এজেন্সী স্থাপিত হয়।[4] একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত (২০০২-২০০৭) আবণ্টিত সম্পূৰ্ণ বাজেট আছিল ২০১২ বিলিয়ন।[5]
উদ্দেশ্য
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ উদ্দেশ্যেসমূহ এনেধৰণৰ:[3]
- সকলো মাধ্যমিক বিদ্যালয় নিৰ্ধাৰিত সাধাৰণ মানৰ সৈতে মিলাই মাধ্যমিক স্তৰত শিক্ষাৰ গুণগত মান উন্নত কৰা।
- লিংগবৈষম্য,আৰ্থ সামাজিক বৈষম্য আৰু অক্ষমতাৰ বাধাসমূহ দূৰ কৰা।
- দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষৰ ফালে অৰ্থাৎ ২০১৭ চনৰ ভিতৰত মাধ্যমিক শিক্ষাৰ সৰ্বজনীনকৰণ।
- ২০২০-ৰ ভিতৰত শিক্ষা সম্পূৰ্ণ নকৰা শিশুৰ সংখ্যা নাইকিয়া কৰা।
মাধ্যমিক শিক্ষাৰ বাবে পৰিকল্পনা
পচ্ছাদপৎ
- নৱম পৰিকল্পনাৰ সময়ত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা আঁচনি ৰ প্ৰৱৰ্তনেও মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থাত বিশেষ পৰিবৰ্তন আনিব পৰা নাছিল।
- এই পৰিকল্পনাই বিভিন্ন বাধা আঁতৰাই বৃত্তিমূলক শিক্ষা আৰু নিয়োগ জনিত পঠন সামগ্ৰী পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাত গুৰুত্ব আৰোপ কৰিছিল। লগতে মুক্ত শিক্ষা ব্যৱস্থা,শিক্ষকৰ প্ৰশিক্ষণ আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিদ্যা (ICT)ৰ প্ৰসাৰ আৰু বৈচিত্ৰ্যকৰণত গুৰুত্ব দিছিল। ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা আৰু ছাত্ৰীনিবাসৰ সুবিধা কৰা আৰু বিশেষভাৱে সক্ষম সকলৰ বাবে সংহত শিক্ষাৰ ব্যৱস্থা কৰাকো গুৰুত্ব দিছিল।[6]
ব্যক্তিগত খণ্ডৰ অংশীদাৰীত্ব
- বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাকে আদি কৰি ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি হৈছিল। সম্প্ৰতি প্ৰায় ৫১% মাধ্যমিক বিদ্যালয় আৰু ৫৮% উচ্চতৰ মাধ্যমিক বিদ্যালয় ব্যক্তিগত খণ্ডৰ হাতত আছে।
- বিভিন্ন যোগাযোগ কেন্দ্ৰ আৰু মাল্টিমিডিয়া পেকেজৰ সহায় লৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মুক্ত বিদ্যালয়ৰ যোগেদি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰা শিশুসকলক সা-সুবিধা প্ৰদান কৰা হৈছিল।
- শিক্ষণৰ প্ৰক্ৰিয়া, বিষয়বস্তু আৰু মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰাও আৰ্থিক সাহায্য দিয়া হৈছিল। বিশেষকৈ পৰিৱেশ শিক্ষা, বিজ্ঞান শিক্ষা, গণিত শিক্ষা আৰু কম্পিউটাৰ শিক্ষাক প্ৰাধান্য দিয়া হৈছিল।
- সংশোধিত এন.পি.ই. নীতি, ১৯৯২ (Revised NPE policy,1992) ৰ অধীনত পাঠ্যক্ৰমৰ সংশোধন, মূল্যবোধ শিক্ষাৰ কাৰণে সংস্থান কেন্দ্ৰ স্থাপন, নেশ্যনেল চেণ্টাৰ ফ'ৰ কম্পিউটাৰ - এইডেড এডুকেশ্যন (National Center for Computer-aided Education) স্থাপন আদি পদক্ষেপ লোৱা হৈছে।
- পৰ্যাপ্ত মানৱ সম্পদৰ অভাৱ, একাডেমিক বাধ্যবাধকতা ইত্যাদি কাৰণত শিক্ষাক বৃত্তিমুখী কৰি তোলাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই। সেয়ে ২০০০ চনলৈকে ২৫% ৰ বিপৰীতে কেৱল ১০% ছাত্ৰকহে বৃত্তিমুখী শিক্ষাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে।
বিশেষ প্ৰয়োজন অনুভৱ কৰা শিশু (CWSN)-ৰ বাবে পৰিকল্পনা
- প্ৰতিবন্ধী আইন, ১৯৯৫ ৰ প্ৰণয়নৰ লগে লগে এই বিশেষ শ্ৰেণীৰ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰখনলৈও কিছুমান নতুন পৰিৱৰ্তন অনা হয়। এই আইনে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত কিছুমান বিশেষ দায়িত্ব অৰ্পণ কৰে। উদাহৰণ স্বৰূপে এই শিশুসকলৰ কাৰণে বিনামূলীয়া শিক্ষা সহজলভ্য কৰি তোলা, নিৰ্দিষ্ট কিছুমান কাৰ্যপন্থা ৰূপায়ণৰ হেতু প্ৰয়োজন অনুসৰি ভূমি প্ৰদানৰ ব্যৱস্থা কৰা, বৈষম্যহীন পৰিবহণ ব্যৱস্থা, গৱেষণা কাৰ্যত উৎসাহ যোগাবৰ কাৰণে আৰ্থিক অনুদান আগবঢ়োৱা ইত্যাদি।
- আঁচনিখনৰ অধীনত এই শিশুসকলৰ লগত জড়িত শিক্ষকসকলৰ দৃষ্টিভঙ্গীৰ পৰিৱৰ্তন আৰু কৰ্মদক্ষতা বৃদ্ধিৰ কাৰণেও কাৰ্যসূচী হাতত লোৱা হৈছে।[7]
চাৰিটা মুখ্য শিতান
গুণগত বিকাশ
বিদ্যালয়বোৰত বিজ্ঞান পৰীক্ষাগাৰ স্থাপন, পৰিৱেশ শিক্ষা, যোগশিক্ষা, কেন্দ্ৰীয় চৰকাৰৰ অনুদানপুষ্ট জনশিক্ষা প্ৰকল্পৰ আঁচনিবোৰৰ ৰূপায়ণ, আন্তৰ্জাতিক গণিত আৰু বিজ্ঞান অলিম্পিয়াড আদি বিষয়ত গুৰুত্ব দিয়া হৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ দিয়া হয় আৰু উপযুক্ত আন্তঃগাঁথনিৰ ব্যৱস্থা লোৱা হয়।
তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT)
কেন্দ্ৰীয় চৰকাৰৰ অনুদানপুষ্ট কিছুমান আঁচনি ICTয়ে সামৰি লৈছে। ইয়াৰ ভিতৰত বিদ্যালয় পৰ্যায়ত কম্পিউটাৰ শিক্ষা আৰু সাক্ষৰতা (Computer Education and Literacy in Schools - CLASS) আঁচনি, শৈক্ষিক প্ৰযুক্তি (Educational Technology- ET) ইত্যাদি আঁচনি অন্যতম। বৰ্তমান পৃথিৱীত তথ্য প্ৰযুক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এনে আঁচনিবোৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বিদ্যালয়বোৰত অন্তৰ্ভুক্ত কৰা একত্ৰিত ICT আঁচনিৰ উপাংশবোৰ হৈছে:
- কম্পিউটাৰ শিক্ষাৰ কাৰণে পুঁজি প্ৰদান
- ৰাজ্যিক শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰৰ (State Institutes of Education and Training- SIET) কৰ্মীসকলৰ দক্ষতা বৰ্ধন আৰু পুনৰভিযোজন,
- বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাবোৰৰ সহযোগত SIETৰ দৃশ্য আৰু শ্ৰাৱ্য কেছেটবোৰৰ ডিজিটেলকৰণ,
- SIETৰ তত্ত্বাৱধানত ইণ্টাৰনেট আধাৰিত শিক্ষাৰ তদাৰকীকৰণ।[7]
উপলক্ষতা আৰু সমদৰ্শন
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে কেৱল অনুসূচীত জাতি-জনজাতি,সংখ্যালঘু ছোৱালী আৰু CWSN শিশুৰ মাধ্যমিক শিক্ষা প্ৰদানতে গুৰুত্ত্ব দিয়ে এনে নহয়, মাধ্যমিক শিক্ষা স্তৰত আৰ্থ-সামাজিক আৰু লিঙ্গ বৈষম্য দূৰীকৰণতো গুৰুত্ত্ব প্ৰদান কৰে।
এনে স্পৰ্শকাতৰ/ অনগ্ৰসৰ শ্ৰেণীৰ শিশুসকলৰ বাবে মাধ্যমিক শিক্ষা বিনামূলীয়া আৰু সহজলভ্য কৰি তোলাৰ উদ্দেশ্যে কিছুমান বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। এই পদক্ষেপসমূহ তলত উল্লেখ কৰা হ'ল:
- অনগ্ৰসৰ শ্ৰেণীৰ চিনাক্তকৰণ: এই চিনাক্তকৰণ প্ৰক্ৰিয়াৰ কাৰণে কিছুমান বিশেষ শৈক্ষিক সূচক যেনে : বিদ্যালয়ত নামভৰ্তি কৰা সৰ্বমুঠ ছাত্ৰৰ অনুপাত (Gross Enrollment Ratio-GER), অৱশিষ্ট নামভৰ্তি কৰা ছাত্ৰৰ অনুপাত (Net Enrollment Ratio-NER), শিক্ষা সমাপ্ত নকৰাকৈ স্কুল এৰি যোৱা ছাত্ৰৰ হাৰ (Drop out rate), একেখন শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ অব্যাহত ৰখা ছাত্ৰৰ হাৰ (Retention rate), লিঙ্গ সমতাৰ সূচক (Gender Parity Index - GPI), লিঙ্গ বৈসাদৃশ্য (Gender gap) আদি বিশ্লেষণ কৰা হয়।
- মূল্যায়নৰ প্ৰয়োজনীয়তা: স্থানীয় সদস্য, শিক্ষক, সমাজ আদি সকলোৰে সহযোগত এই শিশুসকলৰ শিক্ষাত হেঙাৰ হোৱা বিষয়সমূহ আলোচনা কৰি প্ৰস্তুত কৰা এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
- Strategising for the addressing gaps: এই ক্ষেত্ৰত পক্ষপাত মূলক আচৰণৰ বিভিন্ন কাৰক পৰিলক্ষিত হোৱাত বহুদিশসম্পন্ন কাৰ্যসূচীৰ কৌশল বা আঁচনিৰ প্ৰয়োজন।
- প্ৰকল্প-ভিত্তিক প্ৰস্তাৱ: প্ৰকল্প ভিত্তিক কাৰ্যক্ৰমণিকাৰ বিকাশে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানক স্পষ্ট আৰু ফলপ্ৰসূ কাৰ্যসূচী তৈয়াৰ কৰাত সহায় কৰিছে।[8]
বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে সংহত শিক্ষা আঁচনি (IEDC)
শাৰীৰিক আৰু মানসিক দিশৰ পৰা বিশেষভাৱে সক্ষম শিশুসকলৰ সকলো প্ৰয়োজন ব্যাপকভাৱে পূৰাব পৰাকৈ এক সামগ্ৰিক, বহুমুখী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই আঁচনিবোৰ পৃথক কেন্দ্ৰীয় চৰকাৰৰ অনুদানপুষ্ট আঁচনি হিচাপে চলি আছে। বিশেষভাৱে সক্ষম শিশুসকলৰ বিকাশৰ কাৰণে সময়োচিত প্ৰাৰম্ভিক পদক্ষেপ হিচাপে গৃহীত সংহত শিশু বিকাশ সেৱাসমূহ, প্ৰাথমিক পৰ্যায়ত এই বিশেষ শ্ৰেণীৰ শিশুসকলৰ বাবে সৰ্বশিক্ষা অভিযান আৰু বিশেষভাৱে প্ৰস্তুত বিদ্যালয়সমূহ এই আঁচনিৰ আওতালৈ অনা হৈছে।
বিনিয়োগ পদ্ধতি
মানৱ সম্পদ উন্নয়ন বিভাগে পোনপটীয়াকৈ ৰাজ্য চৰকাৰসমূহক পুঁজিৰ যোগান ধৰে। ৰাজ্য চৰকাৰসমূহে তেওঁলোকৰ দ্বাৰা অনুমোদিত সংস্থা আৰু প্ৰতিষ্ঠানবোৰলৈ পুঁজি আগবঢ়ায়। একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুসৰি মুঠ পুঁজিৰ ৭০% কেন্দ্ৰীয় চৰকাৰে আৰু ২৫% ৰাজ্য চৰকাৰে আগবঢ়াইছিল। অৱশ্যে তুলনামূলকভাৱে অনগ্ৰসৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু ছিকিমৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আগবঢ়াব লগা পুঁজিৰ পৰিমাণ মুঠ পুঁজিৰ ১০%।[9][10]
সফলতা
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ২০১৫-১৬ ৰ ৰিপ'ৰ্ট আধাৰিত[11] সফলতাসমূহ হৈছে
- ১১,৫৭৭খন নতুন মাধ্যমিক শিক্ষাৰ বিদ্যালয়ৰ অনুমোদন; ১০,০৮২খন কাৰ্যকৰী
- ৫২,৭৫০ অতিৰিক্ত শ্ৰেণীকোঠাৰ অনুমোদন; ২০,৮৩৯ সম্পূৰ্ণ আৰু ১৬,৭৭৪ নিৰ্মীয়মান
- ২৫,৯৪৮ বিজ্ঞান পৰীক্ষাগাৰ অনুমোদন; ১০,১০৭ সম্পূৰ্ণ; ৮,৫৩২ নিৰ্মীয়মান
- ২১,৮৬৪ কম্পিউটাৰ কোঠাৰ অনুমোদন; ৬৯২০ সম্পূৰ্ণ; ৬,২৯৭ নিৰ্মীয়মান
- ২৭,৪২৮ পুথিভঁৰালৰ অনুমোদন; ১০,১৩৩ সম্পূৰ্ণ; ৮,৯২৯ নিৰ্মীয়মান
- ৩১,৪৫৩ হস্তকলাৰ কোঠা অনুমোদন; ১২,০৬২ সম্পূৰ্ণ; ৯,৬৮৬ নিৰ্মীয়মান
- ১২,৩২৭ খোৱা পানী যোগান ব্যৱস্থাৰ অনুমোদন; ৭০৯৬ সম্পূৰ্ণ; ২,৫০৭ নিৰ্মীয়মান
- ৫,৪০৮ শিক্ষকৰ কোৱাৰ্টাৰ অনুমোদন; ৬২৩ সম্পূৰ্ণ; ৫০৯ নিৰ্মীয়মান
- ২,৯৭৫ প্ৰয়োজনীয় মেৰামতিৰ অনুমোদন; ১,৩১৩ সম্পূৰ্ণ; ২৭১ নিৰ্মীয়মান
উন্নতি
মাধ্যমিক শিক্ষাৰ গুৰুত্ব বাঢ়িছে কিন্তু বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ'লেও ভৌগোলিক ভাৱে ইয়াৰ সমবিতৰণ হৈ উঠা নাই। লিংগবৈষম্য হ্ৰাস পাইছে। দশম পৰিকল্পনাত সকলো পৰ্যায়তে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।[7]
পৃথকীকৰণ
২০১৮ চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান সৰ্বশিক্ষা অভিযানৰ সৈতে সমগ্ৰ শিক্ষা অভিযানৰ পৰা পৃথক কৰা হয়।
তথ্যউৎস
বাহ্যিক সংযোগ