ৰাজিয়া চুলতানা
ৰাজিয়া চুলতানা ১০ অক্টোবৰ ১২৩৬-ৰ পৰা ১৪ অক্টোবৰ ১২৪০-লৈ দিল্লীৰ চুলতান আছিল। তেওঁ দিল্লীৰ মামলুক ৰাজবংশৰ পৰিয়ালৰ আছিল আৰু দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা শাসিকা আছিল। শৈশৱ আৰু কৰ্মজীৱনৰাজিয়া চুলতানাৰ পিতৃ আছিল চামছুদ্দিন ইলতুৎমিছ[1] যি তুৰ্ক দাস হিচাপে জীৱনৰ আৰম্ভণি কৰিছিল।[2] ইলতুৎমিছ তেওঁৰ গৰাকী তথা দিল্লীৰ প্ৰথম চুলতান কুতুবুদ্দিন আইবাকৰ প্ৰিয়পাত্ৰ আছিল আৰু কুতুবুদ্দিনৰ একমাত্ৰ জীয়ৰী কুতুব বেগমক(বা তুৰ্কান খাতুন) বিয়া কৰাইছিল যাৰ গৰ্ভত ৰাজিয়া চুলতানাৰ জন্ম হৈছিল।[3][4] ৰাজিয়াৰ নাছিৰুদ্দিন মাহমুদ নামৰ এগৰাকী ভাতৃ আছিল।[5] শাসকীয় পৰিয়ালৰ সদস্যা হোৱা হেতুকে ৰেজিয়া এটা আগবঢ়া পৰিৱেশত ডাঙৰ দীঘল হৈছিল।লগতে হেৰেম(য’ত তেওঁৰ মাতৃৰ আধিপত্য চলিছিল) আৰু দৰবাৰৰ নিকট সান্নিধ্য পাইছিল।দৰবাৰত তেওঁ মাতামহ আৰু পিতৃ দুয়োৰেই প্ৰিয় হৈ পৰিছিল। ৰাজিয়াৰ পাঁচবছৰ বয়সত কুতুবুদ্দিন আইবাকৰ মৃত্যু হয় আৰু ইলতুৎমিছ সিংহাসনত আৰোহণ কৰে।ৰেজিয়া পিতৃৰ প্ৰিয় হোৱা হেতুকে বিভিন্ন শাসন সংক্ৰান্তীয় কামত পিতৃৰ আশেপাশে থকাৰ সুবিধা পাইছিল।পিছলৈ ৰাজিয়াক আন ৰাজকুমাৰীৰ দৰেই প্ৰয়োজন হ’লে ৰাজকাৰ্য চলাব পৰাকৈ উপযুক্ত প্ৰশিক্ষণ দিয়া হৈছিল।[6]।তেওঁৰ দক্ষতা আৰু কষ্টসহিষ্ণুতাত নিজৰ মাতৃৰ ফালৰ ৰাজকীয় গুণ ফুটি উঠিছিল।ৰাজিয়াৰ নেতৃত্ব গুণক সম্ৰাট ইলতুৎমিছে প্ৰশংসাৰ চকুৰে চাইছিল। ইপিনে ইলতুৎমিছৰ বৰপুত্ৰ নাছিৰুদ্দিন মাহমুদকো ভৱিষ্যতে সম্ৰাট হব পৰাকৈ উপযুক্ত কৰি তোলা হৈছিল। কিন্ত ১২২৯খ্ৰীষ্টাব্দত নাছিৰুদ্দিন আহমেদৰ আকস্মিক বিয়োগ ঘটে।যাৰফলত সম্ৰাট ইলতুৎমিছে এগৰাকী উপযুক্ত উত্তৰাধিকাৰী হেৰুৱায় কিয়নো সম্ৰাটৰ বাকীকেইগৰাকী পত্নীৰ ফালৰ সন্তানসমূহ সম্ৰাটৰ দৃষ্টিত ৰজা হোৱাৰ উপযুক্ত নাছিল।[2] ১২৩০ খ্ৰীষ্টাব্দত গোৱালিয়ৰৰ বিৰুদ্ধে এটা অভিযান চলাবলৈ ইলতুৎমিছে ৰাজধানী এৰে। তেখেতৰ অনুপস্থিতিত ৰেজিয়াই সম্ৰাটৰ বিশ্বাসী মন্ত্ৰীৰ সৈতে ৰাজকাৰ্যত অংশ লয়। গোৱালিয়ৰক পৰাভূত কৰি ১২৩১ খ্ৰীষ্টাব্দত চুলতান দিল্লীলৈ ঘূৰি আহে আৰু সেইসময়তে সিংহাসনৰ উত্তৰাধিকাৰী সম্পৰ্কে চিন্তা-চৰ্চা আৰম্ভ কৰে। তাৰপিছত ইলতুৎমিছে নিজৰ পুত্ৰী ৰেজিয়া চুলতানাক পৰৱৰ্ত্তী সাম্ৰাজ্ঞী হিচাপে মনোনীত কৰে। ইলতুৎমিছেই আছিল প্ৰথমগৰাকী শাসক যিয়ে এগৰাকী মহিলাক সিংহাসনৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কৰিছিল। কিন্তু ১২৩৬ চনৰ ৩০ এপ্ৰিলত চুলতানৰ মৃত্যুৰ পিছত ৰেজিয়াৰ সতীয়া ভ্ৰাতৃ ৰুকুনুদ্দিন ফিৰোজে ৰাজপাটত বহে। ৰুকুনুদ্দিনৰ শাসনকাল খুবেই চুটি আছিল। ইলতুৎমিছৰ বিধৱা পত্নী শ্বাহ তুৰ্কানে প্ৰ্কৃততে শাসনভাৰ চলাই আছিল। ইপিনে ৰুকুনুদ্দিন কেৱল আমোদ প্ৰমোদতেই ব্যস্ত আছিল। ১২৩৬ চনৰ ৯ নৱেম্বৰৰ দিনা ৰুকুনুদ্দিন আৰু শ্বাহ তুৰ্কানক হত্যা কৰা হয়। তাৰ পিছত অমাত্যবৰ্গই ৰাজিয়াক শাসনভাৰ চলাবলৈ অনুমতি দিয়ে।[7][8] ৰাজিয়া এগৰাকী দক্ষ শাসক আছিল আৰু ৰজা হোৱাৰ আটাইবোৰ গুণেই তেওঁৰ গাত আছিল। পাৰ্ছিয়ান বুৰঞ্জীবিদ মিনহাজ-ই-চিৰাজৰ মতে ৰেজিয়া আছিল ‘ন্যায়পৰায়ণ,পৰোপকাৰী,শিক্ষাৰ অনুগামী,নিজৰ বিষয়ৰ প্ৰতি আন্তৰিকতা,যুদ্ধনিপুণ আৰু ৰজা হোৱাৰ প্ৰয়োজনীয় সকলো গুণেৰে বিভূষিতা। তদুপৰি ৰাজিয়া নিজৰ প্ৰেমিক আৰু পৰৱৰ্ত্তী পতি মালিক-ইখতিয়াৰ-উদ-দিন-আলতুৱাৰ সৈতে প্ৰণয়মূলক সম্পৰ্ক বৰ্ত্তাই ৰাখিছিল"।[9] ব্যক্তিগত জীৱনৰাজিয়া আৰু বাথিন্দাৰ গভৰ্ণৰ মালিক-ইখতিয়াৰ-উদ-দিন-আলতুৱা শৈশৱৰে পৰাই বন্ধু আছিল। কিছুমানৰ মতে তেওঁলোক দুয়ো শৈশৱৰে পৰাই সুতীব্ৰ প্ৰেমৰ আকৰ্ষণেৰে বান্ধ খাই পৰিছিল। আলতুনিয়া বাথিন্দাত থকাৰ সময়ত কিছুমানে ৰেজিয়াৰ জামাল-উদ-দিন-য়াকুটৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি উৰাবাতৰি উলিয়াই দিছিল। ইয়াতে ক্ষুদ্ধ হৈ আলতুনিয়াই ৰাজিয়াৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে[10] আৰু পিছলৈ ৰেজিয়াই আলতুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মৃত্যুপাৰ্ছিয়ান বুৰঞ্জীবিদ মিনহাজ-ই-চিৰাজে তেওঁৰ গ্ৰন্থ তবকত-ই-নাছিৰিত উল্লেখ কৰিছে, "তেওঁলোক দুয়ো (ৰাজিয়া আৰু আলতুৱা) সৈন্য-সামন্তসহিতে দিল্লীলৈ বাহৰাম শ্বাহক ৰাজপাটৰ পৰা খেদিবলৈ যাত্ৰা কৰে। কিন্তু নতুন চুলতানে ৰেজিয়া আৰু আলতুৱাক পৰাভূত কৰিবলৈ সক্ষম হয়। দুয়োৰে সৈতে অহা সৈন্যসমূহ পলাই যায় আৰু দুয়োকে বন্দী কৰি ১৪ অক্টোবৰ ১২৪০ৰ দিনা হত্যা কৰা হয়।"[11] আন এগৰাকী পাৰ্ছিয়ান বুৰঞ্জীবিদ ফেৰিষ্টাই তেখেতৰ তাৰিখ-ই-ফেৰিষ্টা নামৰ গ্ৰন্থত বৰ্ণনা কৰা মতে ৰাজিয়াই নিজৰ ভ্ৰাতৃৰ সৈন্যৰ সৈতে হাৰি বাথিন্দালৈ পলাই যায় যদিও পুনৰ সৈন্য-সামন্তৰে সজ্জিত হৈ দিল্লীলৈ আগবাঢ়ে। কিন্তু তেখেতক কাইথালত মালিক ই বুজবানে পৰাভূত কৰে। ৰেজিয়াক তেওঁৰ স্বামীৰ সৈতে বন্দী কৰি হত্যা কৰা হয়। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia