ৰাজনাথ সিং
ৰাজনাথ সিং (ইংৰাজী: Rajnath Singh; জন্ম ১০ জুলাই ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ইয়াৰ আগতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কৃষিমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ভাৰতৰ ৰক্ষামন্ত্ৰী হোৱাৰ আগতে তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰথম মন্ত্ৰীসভাত গৃহমন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ ২০০৫ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০১৩ চনৰ পৰা ২০১৪ চনলৈ দুবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ আছিল। তেওঁ কৰ্মজীৱন প্ৰথমে এজন পদাৰ্থ বিজ্ঞান অধ্যাপক হিচাপে আৰম্ভ কৰিছিল। তেওঁ দীৰ্ঘদিন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল। পিছলৈ তেওঁৰ ইয়াৰ সহায়ত জনতা পাৰ্টিত যোগদান কৰিছিল। প্ৰাৰম্ভিক জীৱন১৯৫১ চনৰ ১০ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ চান্দডাউলি জিলাৰ এখনি সৰু গাঁও ভাভৌৰাৰ এক ক্ষত্ৰীয় ৰাজপুত পৰিয়ালত ৰাজনাথ সিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাম বদন সিং আৰু মাতৃ গুজৰাটী দেৱী। খেতিয়কৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সিঙে পিছলৈ বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ গোৰখনাথ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিল। তেওঁ ১৯৬৪ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈছিল। ১৩ বছৰ বয়সৰ পৰা মিৰ্জাপুৰত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক পদত নিযুক্তি লাভ কৰা সময়লৈকে তেওঁ সংঘৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। ১৯৭৪ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জনতা সংঘৰ মিৰ্জাপুৰ শাখাৰ সচিব পদত নিৰ্বাচিত হৈছিল।[1] ৰাজনৈতিক জীৱন১৯৭৫ চনত ২৪ বছৰ বয়সত ৰাজনাথ সিং জন সংঘৰ জিলা অধ্যক্ষ হিচাপে নিযুক্ত হয়। ১৯৭৭ চনত তেওঁ মিৰ্জাপুৰ বিধানসভা সমষ্টিৰ পৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৮৪ চনত তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হয়। তাৰপিছত তেওঁ ইয়াৰ ১৯৮৬ চনত ৰাষ্ট্ৰীয় সাধাৰণ সচিব আৰু ১৯৮৮ ৰাষ্ট্ৰীয় অধ্যক্ষ পদ লাভ কৰে। তেওঁ উত্তৰ প্ৰদেশ বিধান পৰিষদৰো সদস্য নিৰ্বাচিত হৈছিল।[1] ১৯৯১ চনত উত্তৰ প্ৰদেশৰ প্ৰথম বিজেপি চৰকাৰত তেওঁ শিক্ষা মন্ত্ৰীৰ পদ লাভ কৰিছিল।[2][3] ১৯৯৪ চনৰ এপ্ৰিলত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ৰাজ্যসভাত তেওঁ উদ্যোগ উপদেষ্টা কমিটি, কৃষি মন্ত্ৰালয়ৰ উপদেষ্টা কমিটি, বাণিজ্য উপদেষ্টা কমিটি, গৃহ কমিটি আৰু মানৱ সম্পদ উন্নয়ন কমিটিৰ সদস্য আছিল।[1] ১৯৯৭ চনৰ ২৫ মাৰ্চ তাৰিখে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত তেওঁ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত পথ পৰিবহণৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰিছিল।[1] ২০০০ চনত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। তেওঁ ২০০১ আৰু ২০০২ হাইদৰগড় বিধানসভা সমষ্টিৰ পৰা দুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।[2] ২০০৩ চনত তেওঁ অটল বিহাৰী বাজপেয়ীৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰত প্ৰথমে কৃষি মন্ত্ৰী আৰু পিছলৈ খাদ্য সংসাধন মন্ত্ৰীৰ পদৱী লাভ কৰিছিল।[4] তেওঁৰ কাৰ্যকালত কিচান কল চেণ্টাৰ আৰু ফাৰ্ম ইনকাম বীমা আঁচনি আৰম্ভ কৰিছিল।[5] তেওঁ কৃষিঋণৰ সূতৰ হাৰ কমাইছিল আৰু কৃষি পৰিষদ গঠনত আগভাগ লৈছিল। তেওঁ ২০০৫ চনৰ পৰা ৩১ ডিচেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ নিৰ্বাচিত হয় আৰু ২০০৯ চনৰ ১৯ ডিচেম্বৰ লৈকে তেওঁ এই পদত অধিষ্ঠিত থাকে। ২০০৯ চনৰ মে মাহত তেওঁ গাজিয়াবাদ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।[6] ২০১৩ চনৰ ২৪ জানুৱাৰীত নীতিন গাডকাৰীয়ে বিজেপিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁ পুনৰাই ৰাষ্ট্ৰীয় অধ্যক্ষ পদ গ্ৰহণ কৰে।[7] তেওঁ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।[8] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia