হৰিশংকৰ ব্ৰহ্ম
হৰিশংকৰ ব্ৰহ্ম (ইংৰাজী: Harishankar Brahma; জন্ম: ১৯ এপ্ৰিল ১৯৫০)[1] ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া। তেওঁ এগৰাকী অন্ধ্ৰ প্ৰদেশ কেডাৰৰ পৰা অৱসৰপ্ৰাপ্ত ১৯৭৫ বেটছৰ আই এ এছ বিষয়া।[2] হৰিশংকৰ ব্ৰহ্মই ২০১১ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে।[3] ব্ৰহ্ম নিৰ্বাচন আয়োগত ২০১৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ১৬ জানুৱাৰীত তেখেতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে[4] আৰু ২০১৫ চনৰ ১৮ এপ্ৰিল পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰে। জে এম লিংডোৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত হোৱা হৰিশংকৰ ব্ৰহ্ম দ্বিতীয় গৰাকী ব্যক্তি।[2] প্ৰাথমিক জীৱন আৰু শিক্ষা১৯৫০ চনৰ ১৯ এপ্ৰিলত অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বড়ো পৰিয়ালত জন্মগ্ৰহণ কৰা তেখেতে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি শ্বিলঙৰ ছেইণ্ট এডমাণ্ড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটীৰ ডন বস্কো স্কুলৰ পৰাই স্কুলীয়া শিক্ষা কৰিছিল। ১৯৭৫ চনত তেওঁ অন্ধ্ৰ প্ৰদেশ কেডাৰৰ পৰা অহা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।[5][6][7] কৰ্মজীৱননিৰ্বাচন আয়ুক্তৰ পদৰ পূৰ্বে হৰিশংকৰ ব্ৰহ্মই ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হৈ আহিছে। শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ লোৱাৰ পূৰ্বে শ্ৰী ব্ৰহ্মই চাৰি বছৰতকৈ অধিক সময় যুটীয়া সম্পাদক(সীমা ব্যৱস্থাপনা)ৰ দৰে পদত অধিষ্ঠিত হৈ ভাৰত-পাক – ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰায় সকলো সীমান্ত বেৰিং আৰু অন্যান্য সীমান্ত আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ কৰিছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (গৃহ পৰিক্ৰমা মন্ত্ৰালয়)ত বিশেষ সচিব আৰু অতিৰিক্ত সচিব হিচাপেও কাম কৰিছিল। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ সদস্য-সচিব হিচাপে কাম কৰিছিল আৰু লগতে তেওঁ কাম কৰিছিল:-
২০১০ চনৰ আগষ্ট মাহত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে। তেওঁ প্ৰতিখন ৰাজ্যতে দুটা লোকসভা নিৰ্বাচন (২০১৪) আৰু অন্ততঃ এটা ৰাউণ্ডৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ তদাৰক কৰিছে।[8]
২০১২ চনৰ অসমৰ হিংসাত্মক ঘটনা সম্পৰ্কে অভিমত২০১২ চনৰ ২৮ জুলাই তাৰিখে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এটা নিৱন্ধত ব্ৰহ্মই অসমত সংঘটিত সংঘৰ্ষৰ বাবে বাংলাদেশৰ পৰা হৈ থকা অনুপ্ৰৱেশক দোষাৰোপ কৰে।[9] ব্ৰহ্মই এইবুলিও উল্লেখ কৰিছিল যে, নিৰ্বাচন আয়োগৰ সম্মুখতো এই অনুপ্ৰৱেশ এক সমস্যা হিচাপে দেখা দিছে। তেওঁ এইদৰে লিখিছিল-
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia