হৃদযন্ত্ৰহৃদযন্ত্ৰ (ইংৰাজী: Heart) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীৰ জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। হৃদযন্ত্ৰ হৃদয়াৱৰণ () ৰ দ্বাৰা আবৃত হৈ থাকে। হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে। ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে। এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰটো ৪টা কোঠালিযুক্ত। নিম্নখাপৰ মেৰুদণ্ডী প্ৰাণীৰ পৰা ক্ৰমে উচ্চখাপৰ প্ৰাণীলৈ ইয়াৰ জটিলতা বৃদ্ধি পায়। বিভিন্ন মেৰুদণ্ডী প্ৰাণীৰ হৃদযন্ত্ৰ![]() স্তন্যপায়ী প্ৰাণী(মানুহ)ৰ হৃদযন্ত্ৰ
মৎস্যমৎস্যবোৰৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত। ইয়াৰে এটা অলিন্দ (auricle) আৰু আনটো নিলয় (ventricle)। মৎস্যৰ হৃদযন্ত্ৰই কেৱলমাত্ৰ অশুদ্ধ তেজ বহন কৰে। দেহৰ বিভিন্ন অংশৰপৰা অহা তেজ প্ৰথমতে পাতল বেৰযুক্ত ছাইনাছ ভেন'ছাছ বা শিৰাকোটৰ (sinus venosus) নামৰ কোঠালিত জমা হয় আৰু তাৰ পৰা ছাইনু অলিন্দ ৰন্ধ্ৰ (sinu auricular aperture) ৰ দ্বাৰা অলিন্দলৈ আহে। অলিন্দৰ সংকোচনৰ ফলত তেজ নিলয় লৈ আহে আৰু ইয়াৰ পৰা এই অশুদ্ধ তেজখিনি অন্তৰ্বাহী ধমনীৰ জৰিয়তে ফুল বা জলক্লোমলৈ আহে। এনে ধৰণৰ হৃদযন্ত্ৰক ব্ৰেংকিয়েল হৃদযন্ত্ৰ (branchail heart) বোলে। উভচৰউভচৰৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত। ইয়াৰে দুটা অলিন্দ আৰু এটা নিলয়। অলিন্দ দুটা আন্তঃঅলিন্দ পৰ্দা (inter auricular septum) ৰ দ্বাৰা এটা আনটোৰ পৰা পৃথক হৈ থাকে। সোঁ অলিন্দই ছাইনাছ ভেন'ছাছৰ যোগেদি দূষিত তেজ আৰু বাঁও অলিন্দই ক্লোম শিৰা (pulmonary vein) ৰ যোগেদি শুদ্ধ তেজ গ্ৰহণ কৰে। অলিন্দ দুটা অলিন্দ-নিলয় ৰন্ধ্ৰৰ দ্বাৰা নিলয়ৰ লগত সংযুক্ত। উভচৰৰ হৃদযন্ত্ৰত মিশ্ৰিত তেজ থাকে। নিলয়ৰ পৰা ধমনীকাণ্ড (trunchus arteriosus) ৰ জৰিয়তে তেজ ধমনীৰে শৰীৰৰ বিভিন্ন প্ৰান্তলৈকে প্ৰৱাহিত হয়। সৰীসৃপসৰীসৃপৰ হৃদযন্ত্ৰ অসম্পূৰ্ণভাৱে চাৰিটা কোঠালিত বিভক্ত। ইয়াৰ দুটা অলিন্দ আৰু সম্পূৰ্ণকৈ বিভাজিত নোহোৱা এটা নিলয় থাকে (কাছ আৰু ঘঁৰিয়ালৰ ক্ষেত্ৰত হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত-দুটা অলিন্দ আৰু দুটা নিলয়)।[1] তথ্য সংগ্ৰহবাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia