নিউ'ট্ৰফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ বহুখণ্ডযুক্ত। ইয়াৰ চাইট'প্লাজম দানাযুক্ত আৰু অম্ল তথা ক্ষাৰযুক্ত দুবিধ ৰঞ্জৰদ্বাৰা গঠিত। এইবোৰ কোষে শৰীৰ আক্ৰমণকাৰী বীজাণু কোষীয় গ্ৰাস বা ফেগ'চাইট'ছিছ (phagocytosis) প্ৰক্ৰিয়াৰ দ্বাৰা বিনাশ কৰে আৰু দেহক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।[7] এই কোষবোৰ ৰসায়ন সংবেদী অৰ্থাৎ এই কোষবোৰে দেহৰ কোনো স্থানত জীবাণুৱে উৎপন্ন কৰা অনিষ্টকাৰী দ্ৰব্যৰ উপস্থিতিৰ উমান অতি সহজে পায় আৰু সংক্ৰমিত স্থানলৈ গৈ জীবাণুবোৰ ধ্বংস কৰে। এনে কাৰ্য কৰিবলৈ নিউট্ৰ'ফিল কোষোৰ তেজৰ কৈশিক নলীৰ বেৰৰ অতি সৃক্ষ্ম বিন্ধাবোৰেদি আকৃতিৰ পৰিবৰ্তন ঘটাই আন্তঃকোষীয় স্থানলৈ ওলাই আহে। এই পৰিঘটনাক ডায়েপেডেছিছ (diapedesis) বোলা হয়।
ইয়'ছিন'ফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ দ্বিখণ্ডযু্ক্ত। অম্লযুক্ত ৰঞ্জকেৰে ইয়'ছিন'ফিলৰ কোষৰ দানাবোৰ ৰঞ্জিত হয়। শৰীৰত কোনো পৰজীৱিয়ে প্ৰৱেশ কৰি থিতাপি ললে ইয়'ছিন'ফিল অপৰ্যাপ্ত পৰিমাণে উৎপন্ন হয় আৰু পৰজীৱিয়ে উৎপন্ন কৰা কলাসমূহলৈ যায়। পৰজীৱি বোৰ অন্তঃভক্ষণ কৰিবলৈ ডাঙৰ হোৱা বাবে ইয়'ছিন'ফিলবোৰে পৰজীৱিৰ গাত লাগি ধৰি কেতবোৰ দ্ৰব্য উৎপন্ন কৰি এৰি দিয়ে আৰু এই দ্ৰব্যবোৰেই পৰজীৱিক মৃত্যু ঘটায়। ইয়'ছিন'ফিলৰ আৰু এটা বৈশিষ্ট্য যে কোনো কলাত যদি কোনো প্ৰকাৰৰ এলাৰ্জিৰ বাবে বিক্ৰিয়া ঘটে তেন্তে সিহঁতে সেই ঠাইত জুম বান্ধেগৈ।[8]
বেছ'ফিল: এইবিধ শ্বেত ৰক্তকণিকাৰ কোষকেন্দ্ৰ ত্ৰিখণ্ডযুক্ত। ইহঁতৰ দানাযুক্ত চাইট'প্লাজম ক্ষাৰযুক্ত ৰঞ্জকেৰে ৰঞ্জিত হয়। তেজত থকা বেছ'ফিলকণা আৰু তাৰ লগতে কেতবোৰ ৰক্তকেশিকাৰ বাহিৰফালে থকা মাষ্টকোষে হেপাৰিণ (heparin) নামৰ এবিধ দ্ৰব্য প্ৰস্তুত কৰে। বেছ'ফিল আৰু মাষ্টকোষ এই দুয়োবিধ কোষে প্ৰস্তুত কৰা হেপাৰিণ তেজৰ দ্বাৰা প্ৰৱাহিত হৈ থাকে। এই হেপাৰিণৰ বাবেই ৰক্তপ্ৰৱাহৰ ভিতৰত তেজ গোট নামাৰে বা চেকুৰা নাবান্ধে। তদুপৰি কোনো ৰক্তবাহিকাৰ বেৰত কোনো স্নেহকণা লাগি থাকিলে তাক সহজে এৰোৱাই পুনৰ তেজৰ সোঁতত যাব পৰা কৰে। কিছুমাণ এলাৰ্জিৰ ক্ষেত্ৰত বেছ'ফিল আৰু মাষ্টকোষবোৰে গুৰোত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায়। যি ধৰণৰ এণ্টিবডিৰ উপস্থিতিত সেই বিশেষ এলাৰ্জি হয় তেনে এণ্টিবডিবোৰ এই দুবিধ শ্বেতকণাৰ লগত বান্ধখাই পৰাৰ প্ৰৱণতা দেখা যায়। এই প্ৰৱণতাই শৰীৰক এক বিশেষ ধৰণৰ অসংক্ৰমণতাৰ সুৰক্ষা দিয়ে।[9]
দানাবিহীন শ্বেত ৰক্তকণিকা
এইবিধ শ্বেত ৰক্তকণিকাৰ চাইট'প্লাজমত কোনো ধৰণৰ দানা নাথাকে। দানাবিহীন শ্বেত ৰক্তকণিকাবোৰ দুই প্ৰকাৰৰ: 'মন'চাইট' (Monocyte) আৰু 'লিম্ফ'চাইট' (Lymphocyte)।
খৃঃ ১৯০০-ত কাৰ্ল লেণ্ডিয়াৰ নামৰ অষ্ট্ৰীয়াৰ এগৰাকী চিকৎসাবিদে তেজ সংৰচনাৰ (blood transfusion) সময়ত দেখা দিয়া আঁহোৱাহসমূহ দূৰ কৰিবৰ বাবে চলোৱা পৰীক্ষা-নীৰিক্ষাত তেজৰ গ্ৰুপসমূহ আৱিস্কৃত হয়।[13]
তেজৰ গ্ৰুপ চাৰিটা- A, B, AB আৰু O। গাইগুটীয়াভাৱে সকলো মানুহৰ তেজৰ গ্ৰুপ এই চাৰিটাৰ ভিতৰত যিকোনো এটা হয়। তেজত দুই প্ৰকাৰৰ প্ৰ'টিন থাকে। এই প্ৰ'টিনে তেজ সংৰচনাৰ সময়ত বিশেষ ভূমিকা পালন কৰে। এই দুবিধ প্ৰ'টিনক এণ্টিজেন আৰু এণ্টিবডি বোলা হয়। ৰক্ত সংৰচনাৰ মূল ভেটি এয়ে যে একে এণ্টিজেন-এণ্টিবডি একেলগে থাকিব নোৱাৰে অৰ্থাৎ এণ্টিজেন A আৰু এণ্টিবডি A, এণ্টিজেন B আৰু এণ্টিবডি B একেলগে থাকিব নোৱাৰে। ৰক্ত সংৰচনাৰ সময়ত দাতা আৰু গ্ৰহীতাৰ মাজত এনে ধৰণৰ বিসংগতি যাতে নহয় তাক চোৱাটোৱেই ৰক্তদলৰ মূল উদ্দেশ্য। বিভিন্ন ৰক্তদলৰ তেজত এণ্টিজেন-এণ্টিবডিৰ উপস্থিতি এনে ধৰণৰ:[14]
A ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- A আৰু ইয়াৰ প্লাজমাত এণ্টিবডি-B থাকে।
B ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- B আৰু ইয়াৰ প্লাজমাত এণ্টিবডি-A থাকে।
AB ৰক্তদলৰ লোহিতকণাত এণ্টিজেন-A আৰু এণ্টিজেন-B দুয়োবিধ থাকে কিন্তু ইয়াৰ প্লাজমাত কোনো এণ্টিবডি নাথাকে।
O ৰক্তদলৰ লোহিতকণাত কোনো এণ্টিজেন নাথাকে কিন্তু ইয়াৰ প্লাজমাত এণ্টিবডি-A আৰু এণ্টিবডি-B দুয়োবিধেই থাকে।
ৰক্তদানৰ ক্ষেত্ৰত O গ্ৰুপে সকলোকে, A আৰু B গ্ৰুপে AB গ্ৰুপক ৰক্ত দান কৰিব পাৰে। অৰ্থাৎ O গ্ৰুপে কেৱল O গ্ৰুপৰ, A গ্ৰুপে O আৰু A গ্ৰুপৰ আৰু B গ্ৰুপে O আৰু B গ্ৰুপৰ, AB গ্ৰুপে A, B, AB আৰু O গ্ৰুপৰ তেজ গ্ৰহণ কৰিৰ পাৰে।
ৰোগ
তেজৰ ৰোগ, যাক ৰক্তজনিত বিকাৰ বুলিও কোৱা হয়, ই বহুতো অৱস্থা সামৰি লয় যিয়ে তেজৰ উপাদানৰ গঠন, কাৰ্য্য বা উৎপাদনত প্ৰভাৱ পেলায়। এই বিকাৰবোৰে ব্যক্তিৰ স্বাস্থ্যত যথেষ্ট ক্ষতি কৰিব পাৰে। কিছুমান সাধাৰণ তেজৰ ৰোগ হৈছে:-
ৰক্তহীনতা: ৰক্তহীনতা হৈছে লোহিত ৰক্তকণিকা (RBC)ৰ অভাৱ বা অক্সিজেন কঢ়িয়াই নিয়াৰ বাবে দায়বদ্ধ আইৰণ সমৃদ্ধ প্ৰ'টিন হিম’গ্লবিনৰ মাত্ৰা কম হোৱা এটা প্ৰচলিত তেজৰ বিকাৰ। পুষ্টিৰ অভাৱ, দীৰ্ঘদিনীয়া ৰোগ, জিনীয় কাৰক আদি বিভিন্ন কাৰণত ৰক্তহীনতা হ’ব পাৰে। সাধাৰণ লক্ষণসমূহ হ’ল ভাগৰুৱা, দুৰ্বলতা, ছাল শেঁতা পৰা, উশাহ লোৱাত কষ্ট পোৱা। চিকিৎসা অন্তৰ্নিহিত কাৰণৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ ভিতৰত খাদ্য পৰিৱৰ্তন, আইৰণৰ পৰিপূৰক বা তেজ দিয়া আদি থাকিব পাৰে।[15]