শৰ্কৰা![]() শৰ্কৰা বা কাৰ্ব'হাইড্ৰেট (ইংৰাজী: carbohydrate) হৈছে কাৰ্বন (C), হাইড্ৰ'জেন (H) আৰু অক্সিজেন (O) পৰমানুৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ জৈৱিক অনু, সাধাৰণতে হাইড্ৰ'জেন-অক্সিজেন পৰমানুৰ অনুপাত হৈছে ২:১ (পানীৰ নিচিনা); অন্য শব্দেৰে কবলৈ গলে, Cm(H2O)n (য'ত mৰ মান nতকৈ পৃথক) সাধাৰণ সংকেত বিশিষ্ট অনুবোৰ।[1] কিছুমান ব্যতিক্ৰমো আছে; উদাহৰণ স্বৰূপে, ডিঅক্সিৰাইব'জ, ডিএনএত থকা এক প্ৰকাৰৰ শৰ্কৰা,[2] ইয়াৰ ৰাসায়নিক সংকেত হৈছে C5H10O4।[3] কৌশলগত ভাৱে শৰ্কৰাবোৰ কাৰ্বনৰ জলযোজী (হাইড্ৰেট);[4] গঠনৰ ফালৰ পৰা সিহঁতক পলিহাইড্ৰ'ক্সি এলডিহাইড আৰু কিট'নৰ ৰূপত স্পষ্টকৈ দেখা পোৱা যায়।[5] ই জৈৱ ৰসায়নৰ এটি সাধাৰণ পদ, ইয়াৰ আন এটা সমাৰ্থক হৈছে ছেকেৰাইড, যি চেনি, স্বেতসাৰ, আৰু চেলুল'জ আদিকলৈ গঠিত এটা গোট। শৰ্কৰাসমূহক চাৰিটা ৰাসায়নিক গোটত ভাগ কৰা হৈছে: একশৰ্কৰা, দ্বিশৰ্কৰা, অল্পশৰ্কৰা, আৰু বহুশৰ্কৰা। সাধাৰণতে একশৰ্কৰা আৰু দ্বিশৰ্কৰাক, যিবোৰ ক্ষুদ্ৰাকাৰ (কম আনৱিক ভৰ বিশিষ্ট) কাৰ্ব'হাইড্ৰেট, প্ৰায়েই চেনি বুলি উল্লেখ কৰা হয়।[6] ইংৰাজী ছেকেৰাইড (saccharide) শব্দটো গ্ৰীক শব্দ σάκχαρον (ছাক্ষাৰণ), অৰ্থাৎ "চেনি"ৰ পৰা আহিছে। শৰ্কৰাৰ বৈজ্ঞানিক নামকৰণ অতি জটিল যদিও, একশৰ্কৰা আৰু দ্বিশৰ্কৰাৰ নামৰ শেষত প্ৰায়ে -অ'জ (-ose) পদাংশ যোগ কৰা হয়। উদাহৰণ স্বৰূপে, আঙুৰৰ ৰস হৈছে একশৰ্কৰা গ্লুক'জ, কুঁহিয়াৰৰ ৰস হৈছে দ্বিশৰ্কৰা ছুক্ৰ'জ, আৰু গাখীৰত থকা চেনি হৈছে দ্বিশৰ্কৰা লেক্ট'জ। জীৱৰ ওপৰত শৰ্কৰাই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। বহুশৰ্কৰাসমূহে শক্তিৰ ভঁৰাল (যেনে স্বেতসাৰ আৰু গ্লাইক'জেন) আৰু গাঠনীয় উপাদান (যেনে উদ্ভিদৰ চেলুল'জ আৰু সন্ধিপদীৰ কাইটিন) হিচাপে কাম কৰে। ৫-কাৰ্বন একশৰ্কৰা ৰাইব'জ হৈছে সহ-উৎসেচকৰ এক গুৰুত্বপূৰ্ণ উপাদান (যেনে এটিপি, এফএডি আৰু এনএডি) তথা আৰএনএ নামেৰে জনাজাত জিনীয় অনুৰ মূল উপাদান। ওচৰ সমন্ধীয় ডিঅক্সিৰাইব'জ হৈছে ডিএনএৰ এটা উপাদান। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia