সোণ বাঢ়ৈটোকা (ইংৰাজী : Black-rumped Flameback , বৈজ্ঞানিক নাম-Dinopium benghalense ) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু উৰাৰ ধৰণ৷ দেহৰ পৃষ্ঠ অংশত সোণালী আৰু ক'লা ডিঙি থকা ইয়েই একমাত্ৰ বাঢ়ৈটোকাৰ প্ৰজাতি৷[ 2]
বিৱৰণ
কলকাতা ত সোণ বাঢ়ৈটোকা
সোণ বাঢ়ৈটোকা তুলনামূলকভাৱে এবিধ ডাঙৰ আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৬-২৯ ছে:মি:৷ ইয়াৰ দেহৰ আকৃতি অন্যান্য প্ৰজাতিৰ বাঢ়ৈটোকাৰ আকৃতিৰ দৰেই৷ ইয়াৰ সোণালী-হালধীয়া ডেউকা স্পষ্টকৈ দেখা পোৱা যায়৷ দেহৰ পিছফালে নেজৰ ওপৰৰ অংশ (rump) ক'লা বৰণৰ আৰু তলৰ অংশ বগা হয়৷ ইয়াৰ ডিঙিত ক'লা বাগা আঁচ থাকে৷ মূৰ অংশ বগা তথা চকুৰ ওপৰৰ অংশ মুগা বৰণৰ৷[ 2] [ 3]
পূৰ্ণবয়স্ক মতা সোণ বাঢ়ৈটোকাৰ মূৰত ৰঙা ৰঙৰ মুকুট (crown) থাকে৷ অ্যহাতে মাইকী সোণ বাঢ়ৈটোকাৰ ক'লা ৰঙৰ মুকুট থকা দেখা যায়৷ পোৱালী সোণ বাঢ়ৈটোকা চৰাই মাইকীজনীৰ দৰে হয়, কেৱল ইহঁতৰ গাৰ বৰণ শেঁতা হয়৷[ 2]
অন্যান্য প্ৰজাতিৰ বাঢ়ৈটোকা চৰাইৰ দৰেই ইয়াৰো ঠোঁট শক্তিশালী আৰু জোঙা হয়৷[ 4]
টেক্স'নমি
শ্ৰীলংকা ত পোৱা সোণ বাঢ়ৈটোকাৰ উপ-প্ৰজাতি
সোণ বাঢ়ৈটোকাৰ কেইবাবিধো উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে প্ৰধান উপ-প্ৰজাতিসমূহ তলত উল্লেখ কৰা হ'ল-
Dinopium benghalense -মূল প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰততে সাগৰ পৃষ্ঠৰ পৰা ১০০০ মিটাৰ পৰ্যন্ত দেখা পোৱা যায়৷
Dinopium benghalense dilutum -এই উপ-প্ৰজাতিটো প্ৰধানকৈ উত্তৰ-পশ্চিম ভাৰত তথা পাকিস্তান ত দেখা পোৱা যায়৷ ইয়াৰ দেহৰ ওপৰঅংশ পাতল হালধীয়া আৰু তল অংশ মূল প্ৰজাতিতকৈ বেছী বগা বৰণৰ হোৱা দেখা যায়৷
Dinopium benghalense puncticolle - দক্ষিণ আৰু মধ্যভাৰতত এই উপ-প্ৰজাতিটো দেখা পোৱা যায়৷ ইয়াৰ ক'লা ডিঙিত সৰু সৰু বগা দাগ থকা দেখা যায়৷ দেহৰ ওপৰ অংশ উজ্জ্বল সোণালী-আলধীয়া বৰণৰ৷
Dinopium benghalense tehminae -এই উপ-প্ৰজাতিটো ভাৰত ৰ দাক্ষিণাত্য (Western Ghats) অঞ্চলত দেখা যায়৷ ইয়াৰ দেহৱ ওপৰ অংশত সেউজ বৰণ থাকে আৰু ক'লা ডিঙিটো দাগ থাকে৷
Dinopium benghalense psarodes - শ্ৰীলংকা ত এই উপ-প্ৰজাতিটো দেখা যায়৷ ইয়াৰ পৃষ্ঠ অংশ গাঢ় ক'লা৷[ 2] [ 5]
বিতৰণ তথা বাসস্থান
সোণ বাঢ়ৈটোকা প্ৰধানকৈ সমতল ভূমিৰ পৰা ১২০০ মি: উচ্চতালৈকে পাকিস্তান , ভাৰত ৰ হিমালয় , অসম , মেঘালয় ৰ পৰা বাংলাদেশ , শ্ৰীলংকা লৈকে বিস্তৃত হৈ আছে৷ ই বনাঞ্চল তথা খেতি-পথাৰত বাস কৰে৷ গছ-গছনি থকা নগৰীয়া অঞ্চলতো বসবাস কৰিবৰ বাবে ই বিশেষভাৱে অভ্যস্ত৷[ 4] অৱশ্যে ৰাজস্থান ৰ দৰে শুকান অঞ্চল সমূহত ইয়াক কাচিৎহে দেখা পোৱা যায়[ 6]
আচৰণ
মাইকী সোণ বাঢ়ৈটোকা চৰাই
সোণ বাঢ়ৈটোকা প্ৰধানকৈ যোৰকৈ বা সৰু গোটত চৰা দেখা যায়৷[ 7]
খাদ্য
ইহঁতে মাটিৰ পৰা গছৰ ওপৰৰ অংশ (canopy)লৈকে যিকোনো স্থানতে খাদ্যৰ সন্ধান কৰিব পাৰে৷ ই প্ৰধানকৈ গছৰ গাত থকা পোক-পতংগ খাই জীয়াই থাকে৷[ 8] [ 9] মানুহৰ দ্বাৰা কৃত্ৰিমভাৱে নিৰ্মিত স্থানতো ই বাহ সাজি বা অন্য কামৰ বাবে ব্যৱহাৰ কৰিবলৈ ইহঁত অভিযোজিত৷[ 10]
প্ৰজনন
সোণ বাঢ়ৈটোকাৰ প্ৰজনন কাল সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা জুলাই পৰ্যন্ত হ'ব পাৰে আৰু বতৰৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে৷ প্ৰজনন কালত ইহঁতে ঘনাই মাত মাতে৷[ 11] ই গছৰ খোৰোঙত বাহ সাজে৷ [ 12] এবাৰত তিনিটাকৈ কণী পাৰে৷ কণীৰ বৰণ উজ্জ্বল বগা আৰু আকৃতি অলপ দীঘলীয়া হয়৷[ 4] [ 13] ১১ দিন উমনি দিয়াৰ পিছত কণী ফুটি পোৱালি জগে৷ ২০ দিনৰ ভিতৰত পোৱালিয়ে বাহ এৰিব পৰা হয়৷[ 14]
আলোকচিত্ৰৰ ভঁৰাল
তথ্যসূত্ৰ
↑ BirdLife International (2012). "Dinopium benghalense " . IUCN Red List of Threatened Species. Version 2012.1 . International Union for Conservation of Nature . http://www.iucnredlist.org/apps/redlist/details/100600738 । আহৰণ কৰা হৈছে: 16 July 2012 .
↑ 2.0 2.1 2.2 2.3 Rasmussen, PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2 . Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 289.
↑ Blanford, WT (1895). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 3 . Taylor and Francis, London. পৃষ্ঠা. 58–60. http://www.archive.org/stream/faunaofbritishin03oate#page/58/mode/2up/search/brachypternus .
↑ 4.0 4.1 4.2 Whistler, Hugh (1949). Popular handbook of Indian birds (4 সম্পাদনা). Gurney and Jackson, London. পৃষ্ঠা. 285–287. ISBN 1-4067-4576-6 . http://www.archive.org/stream/popularhandbooko033226mbp#page/n332/mode/1up/ .
↑ Ali S & Ripley SD (1983). Handbook of the Birds of India and Pakistan. Volume 4 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 196–201.
↑ Himmatsinhji,MK (1979). "Unexpected occurrence of the Goldenbacked Woodpecker Dinopium benghalense (Linnaeus) in Kutch". J. Bombay Nat. Hist. Soc. খণ্ড 76 (3): 514–515.
↑ Kotagama, SW & E Goodale (2004). "The composition and spatial organisation of mixedspecies flocks in a Sri Lankan rainforest" . Forktail খণ্ড 20 : 63–70. Archived from the original on 2011-06-10. https://web.archive.org/web/20110610175037/http://www.orientalbirdclub.org/publications/forktail/20pdfs/Kotagama-Flocks.pdf । আহৰণ কৰা হৈছে: 2013-04-10 .
↑ Chakravarthy,AK (1988). "Predation of Goldenbacked Woodpecker, Dinopium benghalense (Linn.) on Cardamom Shoot-and-Fruit Borer, Dichocrocis punctiferalis (Guene)". J. Bombay Nat. Hist. Soc. খণ্ড 85 (2): 427–428.
↑ Balasubramanian,P (1992). "Southern Goldenbacked Woodpecker Dinopium benghalense feeding on the nectar of Banana Tree Musa paradisiaca ". J. Bombay Nat. Hist. Soc. খণ্ড 89 (2): 254.
↑ Rajan,S Alagar (1992). "Unusual foraging site of Goldenbacked Woodpecker Dinopium benghalense (Linn.)". J. Bombay Nat. Hist. Soc. খণ্ড 89 (3): 374.
↑ Neelakantan,KK (1962). "Drumming by, and an instance of homo-sexual behaviour in, the Lesser Goldenbacked Woodpecker (Dinopium benghalense )". J. Bombay Nat. Hist. Soc. খণ্ড 59 (1): 288–290.
↑ Santharam,V (1998). "Nest usurpation in Woodpeckers". J. Bombay Nat. Hist. Soc. খণ্ড 95 (2): 344–345.
↑ Hume, AO (1890). The nests and eggs of Indian birds. Volume 2 (2 সম্পাদনা). R H Porter, London. পৃষ্ঠা. 309–311. http://www.archive.org/stream/nestseggsofindia02humerich#page/308/mode/2up/ .
↑ Osmaston, BB (1922). "Woodpecker occupying nesting box". J. Bombay Nat. Hist. Soc. খণ্ড 28 (4): 1137–1138.
বাহ্যিক সংযোগ