সোণালী কুলকাৰ্ণী

সোণালী কুলকাৰ্ণী

কুলকাৰ্ণী ২০১৭ চলত
জন্ম ০৩ নৱেম্বৰ, ১৯৭৪ (৫০ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেতা
  • প্ৰযোজক
  • লেখক
সক্ৰিয় হৈ থকা সময় ১৯৯২-বৰ্তমান
দাম্পত্যসঙ্গী
  • নাচিকেত পন্তবৈদ্য (বি. ২০১০)
সন্তান
আত্মীয়-স্বজন অমৃতা সুভাষ (ভনীয়েক)
বঁটা, সন্মান, পুৰস্কাৰ আদি Full list

সোণালী কুলকাৰ্ণী (ইংৰাজী: : Sonali Kulkarni ; জন্ম: ৩ নৱেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু লেখিকা। তেওঁ মূলতঃ মাৰাঠী, হিন্দী আৰু কিছু সংখ্যক তামিল ছবিত অভিনয় কৰিছে। কুলকাৰ্ণীক মাৰাঠী চিনেমাৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।[1][2] তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, চাৰিটা ফিল্মফেয়াৰ মাৰাঠী বঁটা আৰু চাৰিটা মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।[3] ২০১০ চনত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক ভি শান্তৰাম বিশেষ অৱদান বঁটাৰে সন্মানিত কৰে।[4]

সোনালীয়ে প্ৰায় ৭০ খনতকৈও অধিক ছবিত কাম কৰিছে। মাৰাঠী অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। পুনেৰ মধ্যবিত্তীয় মহাৰাষ্ট্ৰীয় পৰিয়ালত জন্মগ্ৰহণ কৰা সোনালী কুলকাৰ্ণীয়ে সৰুতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু সত্যদেৱ ডুবেৰ অভিনয় কৰ্মশালাত অংশ লৈছিল। ১৮ বছৰ বয়সত হিন্দী ছবি চেলুভি (১৯৯২)ত আধা গছ অৰ্ধ মানুহ ৰ চৰিত্ৰত অভিনয় কৰি চিনেমাৰ জগতত আত্মপ্ৰকাশ কৰে।এই চলচ্চিত্ৰৰ পিছতে, তেওঁ সমালোচকসকলে প্ৰশংসা কৰা ডোগি (১৯৯৫), দায়রা (১৯৯৬), আৰু ঘৰবাহেৰ (১৯৯৯) চলচ্চিত্ৰত অভিনয় কৰিছিল। ডোগি ছবিখনৰ বাবে তেওঁ মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ মৰাঠি বঁটা লাভ কৰিছিল।

ইয়াৰ পিছত তেওঁ হিন্দী চলচ্চিত্ৰ মিছন কাশ্মীৰ (২০০০), ডঃ বাবাসাহেব আম্বেদকাৰ (২০০০), প্যায়াৰ টুনে কিয়া কিয়া (২০০১), দিল চাহতা হ্যায় (২০০১), টেক্সি নম্বৰ ৯২১১ (২০০৬), আৰু সিংঘম (২০১১) উল্লেখযোগ্য। তেওঁ চৈত্র (২০০২) নামৰ এখন মৰাঠি-ভাষাৰ ছট চলচ্চিত্ৰত এগৰাকী শক্তিশালী মহিলা চৰিত্ৰ ৰূপায়ণ কৰি অধিক প্ৰশংসা লাভ কৰিছিল আৰু তাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

কুলকাৰ্ণীয়ে দেউল (২০১১), পুনে ৫২ (২০১৩), দ্য গুড ৰোড (২০১৩), গুলাবজাম (২০১৮), আৰু অনি... ড° কাশীনাথ ঘনেকাৰ (২০১৮) ছবিৰে আৰু অধিক সফলতা লাভ কৰে। তদুপৰি জীৱনী, ড° প্ৰকাশ বাবা আমতে-দ্য ৰিয়েল হিৰো (২০১৪), আৱেগিক নাটক কচ্চা লিম্বু (২০১৭), আৰু ছাৰ্ভাইভেল নাটক পেঞ্চন (২০২১)ত অভিনয় কৰি তিনিটা ফিল্মফেয়াৰ মাৰাঠী বঁটা লাভ কৰে।

অভিনয়ৰ উপৰিও কুলকাৰ্ণীয়ে পূৰ্বে মাৰাঠী দৈনিক কাকত লোকছাত্তৰ পৰিপূৰক সো কুল শীৰ্ষক সাপ্তাহিক স্তম্ভ লিখিছিল। ২০১০ চনত তেওঁৰ প্ৰবন্ধ গ্ৰন্থ ছ’ কুল প্ৰকাশ কৰে। তেখেতে মাৰাঠী আৰু ইংৰাজী নাটক WhiteLily & Night Rider প্ৰযোজনা কৰিবলৈ So kul Productions গঠন কৰে।[5]

প্ৰাৰম্ভিক জীৱন

কুলকাৰ্ণীৰ জন্ম হৈছিল ১৯৭৪ চনৰ ৩ নৱেম্বৰত[6] মহাৰাষ্ট্ৰৰ পুনেত। তেওঁৰ দেউতাক এজন অভিযন্তা, আৰু তাইৰ দুজন ডাঙৰ ভাই সন্দীপ আৰু সন্দেশ। তেওঁ অভিনৱ বিদ্যালয়ত পঢ়ি ফাৰ্গুচন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ৰাজনীতি বিজ্ঞানত মেজৰ ডিগ্ৰী লাভ কৰি উঠি মাৰাঠী সাহিত্যত বৃত্তি লাভ কৰে। এঘাৰ বছৰ ভৰতনাট্যমত আৰু চাৰি বছৰ ধৰি শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল। অভিনয়ৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ সত্যদেৱ ডুবেৰ কৰ্মশালাত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত তেওঁ আৰু সন্দেশ সহযোগত সমন্বয় নামৰ এটা নাট্যগোষ্ঠী গঠন কৰে। [7]

অনান্য কৰ্ম

থিয়েটাৰ আৰু প্ৰডাকচন

কুলকাৰ্ণীয়ে বছৰ বছৰ ধৰি কেইবাখনো নাটকত অভিনয় কৰি আহিছে। বিজয় তেণ্ডুলকাৰৰ আটাইতকৈ বিতৰ্কিত নাটক সখৰাম বিন্দৰত তেওঁ লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন নাটক তেওঁৰ ভাতৃ সন্দেশ কুলকাৰ্ণীয়ে পৰিচালনা কৰিছিল আৰু শিৰোনাম চৰিত্ৰ হিচাপে ছায়াজী শিণ্ডে অভিনয় কৰিছিল।[8]

২০১৪ চনত কুলকাৰ্ণীয়ে তেওঁৰ প্ৰডাকচন কোম্পানী সকুল প্ৰতিষ্ঠা কৰে আৰু মাৰাঠী আৰু হিংগলিছ ভাষাত হোৱাইট লিলি এণ্ড নাইট ৰাইডাৰ নাটক প্ৰযোজনা আৰু অভিনয় কৰে।[9][10] পিছলৈ বাবা আমতেৰ শতবাৰ্ষিকীত তেওঁ কৰুণোপনিছেড নামৰ এটা বিশেষ অনুষ্ঠান উপস্থাপন কৰে।[11]

লেখিকা হিচাবে

Kulkarni in 2011

২০১১ চনত কুলকাৰ্ণী কুলকাৰ্ণীয়ে ২০০৫ চনৰ জুন মাহত মাৰাঠী দৈনিক কাকত লোকসত্তাৰ পৰিপূৰক ভিভাত লিখিবলৈ আৰম্ভ কৰে আৰু ২০০৭ চনৰ মে' মাহলৈকে লিখিছিল।[12] তেওঁ প্ৰতি সপ্তাহত ছ’ কুল নামৰ এটা স্তম্ভ লিখিছিল। আধুনিক মহাৰাষ্ট্ৰীয় ভদ্ৰমহিলাগৰাকীৰ লেখাই বছৰ বছৰ ধৰি যথেষ্ট চৰ্চা লাভ কৰিছে। কাকতখন আৰু ৰাজহন্স প্ৰকাশনে সেই লেখাসমূহ একত্ৰিত কৰি ২০১০ চনত এখন কিতাপ So kul... মুকলি কৰে। নানা পাটেকাৰে গ্ৰন্থখন উন্মোচনৰ সময়ত কয়, "যেতিয়াই মই তেওঁৰ লেখাবোৰ পঢ়ো, তেতিয়াই অনুভৱ কৰো যে তেওঁ মোৰ লগত কথা পাতিছে। তেওঁৰ লেখাত ইমান সৰলতা আছে।"[13]

ব্যক্তিগত জীৱন

চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ মুৰব্বী নাচিকেত পন্তবৈদ্যৰ সৈতে কিছু দিন সম্পৰ্ক থকাৰ পিছত ২০১০ চনত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[14][15] এই দম্পতীহালৰ ২০১১ চনত এগৰাকী কন্যা সন্তান জন্ম হয় ।[16]

মিডিয়া ইমেজ

কুলকাৰ্ণীক মাৰাঠী চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।[2][17][18] কাচ্চা লিম্বুত তেওঁৰ অভিনয়ক ফিল্ম কম্পেনিয়নে "দশকৰ ১০০টা শ্ৰেষ্ঠ অভিনয়"ৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।[19] ২০১৮ চনত তেওঁ বছৰৰ লোকমত মহাৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[20] ইনষ্টাগ্ৰামত আটাইতকৈ বেছি অনুসৰণ কৰা মাৰাঠী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম।[21] ২০২৪ চনত কুলকাৰ্ণীয়ে LGBTQ চলচ্চিত্ৰ মহোৎসৱ KASHISH Pride Film Festival ত জুৰীৰ সদস্য হিচাপে কাম কৰে।[22]

তথ্য সূত্ৰ

  1. "Top 5 Actresses:सर्वात जास्त मानधन घेणाऱ्या मराठी अभिनेत्री कोण माहितीये काय?" (mr-IN ভাষাত). eSakal - Marathi Newspaper. 5 May 2022. https://www.esakal.com/image-story/know-highly-paid-top-five-actresses-in-marathi-film-industrypriya-bapatsai-tamhankarsonali-kulkarniamruta-khanvilkarsrr99। আহৰণ কৰা হৈছে: 2023-06-19. 
  2. 2.0 2.1 "Highest paid Marathi actors and actresses". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/marathi/movies/photofeatures/highest-paid-marathi-actors-and-actresses/photostory/64568455.cms. 
  3. "Sonali Kulkarni's take on life to be unveiled today". The Indian Express (Mumbai). 2 March 2010. http://archive.indianexpress.com/news/sonali-kulkarni-s-take-on-life-to-be-unveile/585865/. 
  4. "Maharashtra government announces annual film awards" (en-IN ভাষাত). The Hindu. 2015-04-27. ISSN 0971-751X. https://www.thehindu.com/news/national/maharashtra-government-announces-annual-film-awards/article7147328.ece. 
  5. "Sonali Kulkarni's most fashionable photos on Instagram". The Times of India. 2020-01-07. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/sonali-kulkarnis-most-fashionable-photos-on-instagram/photostory/67753412.cms. 
  6. "Happy Birthday Sonali Kulkarni: Five noteworthy performances of the actress". The Times of India. 3 November 2021. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/happy-birthday-sonali-kulkarni-five-noteworthy-performances-of-the-actress/photostory/87495818.cms। আহৰণ কৰা হৈছে: 8 June 2022. 
  7. "Sonali Kulkarni pens a heartwarming message for Satyadev Dubey on Guru Purnima, shares throwback pics – Times of India". 13 July 2022. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/sonali-kulkarni-pens-a-heartwarming-message-for-satyadev-dubey-on-guru-purnima-shares-throwback-pics/articleshow/92854308.cms. 
  8. (en ভাষাত) Sakharam Binder, https://mubi.com/films/sakharam-binder, আহৰণ কৰা হৈছে: 2022-09-21 
  9. "Sonali Kulkarni's Marathi production of WHITE LILY AND NIGHT RIDER, now in a 'Hinglish' version at Prithvi Theatre". www.mumbaitheatreguide.com. https://www.mumbaitheatreguide.com/dramas/Articles/14/apr/08-sonali-kulkarnis-marathi-production-white-lilly-and-night-rider-now-in-hinglish-version.asp#। আহৰণ কৰা হৈছে: 2022-09-21. 
  10. "White Lily And Night Rider - Times of India" (en ভাষাত). 4 July 2014. https://timesofindia.indiatimes.com/entertainment/hindi/theatre/white-lily-and-night-rider/articleshow/37710578.cms. 
  11. "Karunopanished: A program about Baba Amte's literary tradition" (en-US ভাষাত). Marathistars. 2014-12-20. Archived from the original on 2022-09-21. https://web.archive.org/web/20220921093139/https://marathiactress.com/news/karunopanished-program-baba-amtes-literary-tradition/। আহৰণ কৰা হৈছে: 2022-09-21. 
  12. "'My readers loved the name So Kul'" (en ভাষাত). Rediff. https://movies.rediff.com/slide-show/2010/mar/09/slide-show-1-sonali-kulkarni-on-her-book-so-kul.htm। আহৰণ কৰা হৈছে: 2022-09-21. 
  13. "Sonali Kulkarni releases compilation of articles as book" (en ভাষাত). India Forums. https://www.indiaforums.com/article/sonali-kulkarni-releases-compilation-of-articles-as-book_16938। আহৰণ কৰা হৈছে: 2022-09-21. 
  14. "चंद्रकांत कुलकर्णी यांना घटस्फोट दिल्यानंतर सोनालीनं थाटलाय दुसरा संसार" (mr ভাষাত). Maharashtra Times. 24 May 2016. https://maharashtratimes.com/entertainment/entertainment-news/bollywood-news/marathi-actress-sonali-kulkarni-marriage-and-divorce/articleshow/76107356.cms। আহৰণ কৰা হৈছে: 2022-09-08. 
  15. "Sonali Kulkarni ties knot with Fox TV Studios MD-Nachiket Pantvaidya". Bollywood Hungama. 25 May 2010. https://www.bollywoodhungama.com/news/bollywood/sonali-kulkarni-ties-knot-with-fox-tv-studios-md-nachiket-pantvaidya/। আহৰণ কৰা হৈছে: 23 January 2013. 
  16. "Kaveri is my most precious and special gift: Sonali Kulkarni". Hindustan Times. 2 November 2018. https://www.hindustantimes.com/regional-movies/kaveri-is-my-most-precious-and-special-gift-sonali-kulkarni/story-8YbtjHE5yrJOkOAaVCIpvO.html। আহৰণ কৰা হৈছে: 23 June 2021. 
  17. "Sonali Kulkarni: From Dil Chahta Hai to Bharat, here are 5 of her best performances". News18. 3 November 2019. https://www.news18.com/news/movies/happy-birthday-sonali-kulkarni-from-dil-chahta-hai-to-bharat-here-are-5-of-her-best-roles-2371811.html। আহৰণ কৰা হৈছে: 23 September 2022. 
  18. "'या' 'टॉप १०' मराठी अभिनेत्रींनी केली वर्षभरात दमदार कामगिरी" (Marathi ভাষাত). Lokmat. 9 September 2021. https://www.loksatta.com/photos/entertainment-gallery/2350360/top-10-marathi-actress-of-2020-asy-88/। আহৰণ কৰা হৈছে: 25 January 2023. 
  19. "100 Greatest Performances of the Decade" (en ভাষাত). Film Companion. https://filmcompanion.in/best-of-the-decade/100-best-performances-indian-cinema.html। আহৰণ কৰা হৈছে: 14 November 2020. 
  20. "Lokmat Maharashtrian Of The Year 2018: 'लोकमत'तर्फे महाराष्ट्रातील कर्तृत्ववानांचा सन्मान" (Marathi ভাষাত). Lokmat. 10 April 2018. https://www.lokmat.com/mumbai/lokmat-maharashtrian-year-2018-award-ceremony-live-updates/amp/। আহৰণ কৰা হৈছে: 21 December 2020. 
  21. "Sonali Kulkarni to Hruta Durgule: Marathi stars with Instagram followers in millions". News18. 19 April 2022. https://www.news18.com/news/movies/hruta-durgule-to-shreyas-talpade-marathi-stars-with-instagram-followers-in-millions-5013619.html। আহৰণ কৰা হৈছে: 11 September 2022. 
  22. "10 films directed by trans filmmakers to be screened at Kashish Pride Film Festival 2024". The Times of India. 9 May 2024. https://timesofindia.indiatimes.com/city/mumbai/kiran-rao-sonali-kulkarni-applaud-the-films-slated-to-be-shown-at-kashish-this-year/articleshow/109970727.cms। আহৰণ কৰা হৈছে: 29 June 2024. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia