সাধনা সৰগম
সাধনা সৰগম (ইংৰাজী: Sadhana Sargam ; জন্ম: ৭ মাৰ্চ ১৯৬৯) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ মূলতঃ হিন্দী, বঙালী, নেপালী, তেলেগু আৰু তামিল ভাষাৰ ছবিৰ নেপথ্য কণ্ঠৰ বাবে পৰিচিত।[3] ২০০২ চনত তামিল ছবি আঝাগিত পাট্টু চোলি শীৰ্ষক গীতটো গাই শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[4] লাভ কৰে। ইয়াৰ উপৰিও তেওঁৰ কৃতিত্বৰ তালিকাত এটা ফিল্মফেয়াৰ বঁটা (দক্ষিণ), পাঁচটা মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, চাৰিটা গুজৰাট ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু এটা উৰিষ্যা ৰাজ্যিক চলচ্চিত্ৰ বঁটা অন্তৰ্ভূক্ত হৈছে। প্ৰাৰম্ভিক জীৱনমহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ বন্দৰ চহৰ ডাভোলত এটা মাৰাঠী সংগীতজ্ঞ পৰিয়ালত সাধনাই জন্মগ্ৰহণ কৰিছিল। মাতৃ নীলা ঘানেকাৰ এগৰাকী শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু সংগীত শিক্ষয়িত্ৰী আছিল। কল্যাণজী-আনন্দজীৰ সংগীত ব্যৱস্থাপনা কৰা অনিল মহিলে তেওঁক সংগীত পৰিচালক যুটীটোৰ সৈতে চিনাকি কৰাই দিছিল আৰু জি পি চিপ্পীৰ তৃষ্ণাত(১৯৭৮) কিশোৰ কুমাৰে গোৱা পম পৰম্পম, বলে জীৱন কি সৰগমত তেওঁ শিশু কোৰাছ শিল্পী হিচাপে সুযোগ লাভ কৰিছিল। ৪ বছৰ বয়সতে তেওঁ সৱাই গন্ধৰ্ব সংগীত মহোৎসৱত কণ্ঠদান কৰে। ৬ বছৰ বয়সতে দূৰদৰ্শনত এক অনেক ঔৰ একতা গীতটো গাইছিল; যিটো গীতত বসন্ত দেশায়ে সুৰাৰোপ কৰিছিল। গীতটো গোৱাৰ স্মৃতিৰ বিষয়ে সৰগমে কয়, “মোৰ মা-দেউতাই মোক ৰেকৰ্ডিঙৰ বাবে লৈ গৈছিল। তাৰবাদে মোৰ বেছি মনত নাই। এতিয়া শুনিলে ই সপোন সপোন যেন লাগে।[5]” সৰগমে মুম্বাইৰ গোৰেগাঁৱৰ এ বি গোৰেগাঁওকাৰ ইংলিছ স্কুলত অধ্যয়ন কৰিছিল। ১০ বছৰ বয়সত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বৃত্তি লাভ কৰে আৰু পণ্ডিত যছৰাজৰ অধীনত ৭ বছৰ সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। সৰুৰে পৰা তেওঁ বসন্ত দেশাইৰ তথ্যচিত্ৰ, শিশু ছবি আৰু মঞ্চ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। মাকে তেওঁক লঘু গায়কীৰ ক্ষেত্ৰখনত বিচৰণ কৰাটো বিচাৰিছিল। সেয়েহে দেশাই মাকক পৰামৰ্শ দিছিল যে সৰগম শাস্ত্ৰীয় আৰু লঘু সংগীত দুয়োটাই আয়ত্ব কৰিব পৰাকৈ দক্ষ আৰু দুয়োটাৰে সৈতে সম্পৰ্ক ৰখা উচিত। দেশায়েই তেওঁ পণ্ডিত যশৰাজৰ অধীনত শিকিবলৈ পৰামৰ্শ দিছিল। কৰ্মজীৱনগুজৰাটী ছবি কাংকু পাগলীত প্ৰথম তেওঁ নেপথ্য কণ্ঠশিল্পী ৰূপে আত্মপ্ৰকাশ কৰে। তেওঁৰ প্ৰথম হিন্দী গীত আছিল ৰুস্তম ছবিৰ দুৰ নেহী ৰেহনা। কিন্তু ৰুস্তমৰ মুক্তি যথেষ্ঠ বিলম্বিত হয় আৰু ১৯৮৫ চনতহে মুক্তি পায়। সেয়েহে সৰগমৰ প্ৰথম মুক্তি পোৱা হিন্দী ছবি আছিল সুভাষ ঘাইৰ বিধাতা (১৯৮২); য’ত তেওঁ অভিনেত্ৰী পদ্মিনী কোহলাপুৰীৰ বাবে সাত সহেলীয়াঁ শীৰ্ষক গীতটো গাইছিল।[6] কল্যাণজী-আনন্দজীয়ে সংগীত পৰিচালনা কৰা এই গীতটোত কিশোৰ কুমাৰ আৰু অলকা য়াগনিকৰ কণ্ঠও আছিল। তেওঁ তকদীৰ, পিঘলতা আসমান, ৰাজ তিলক, কৰিশ্মা কুদৰত কা আদি ছবিত গীত গায়। কিন্তু জানবাজ (১৯৮৬) ছবিৰ হৰ কিচিকো নেহী মিলতা গীতটোৰ যোগেদিহে তেওঁ চকুত পৰিছিল। খুদগৰ্জৰ পিছত তেওঁ খূন ভৰী মাংগ্ত (১৯৮৮) কণ্ঠদান কৰে। তাৰপৰা তেওঁ অনু মালিক, ৰাহুল দেৱ বৰ্মন, আনন্দ মিলিন্দৰ দৰে আন পৰিচালকৰ বাবে আৰু কম পৰিমাণে লক্ষ্মীকান্ত–প্যাৰেলালৰ অধীনত গান গাবলৈ আৰম্ভ কৰে। সংগীত পৰিচালক ৰাজেশ ৰোশনৰ অধীনত তেওঁ বহু কেইটা হিট গান উপহাৰ দিযে, যাৰ ভিতৰত আছে জব কয় বাত বিগড় যায়ে (জুৰ্ম), ৰাধা বিনা হায় (কিষণ কানহাইয়া), আৰু দৰিয়া দিল। বি.আৰ. চোপ্ৰাৰ জনপ্ৰিয় দূৰদৰ্শন ধাৰাবাহিক মহাভাৰতৰ (১৯৮৮) বহু কেইটা গীত তেওঁ গাইছে।[7] She got a boost from Tridev (Kalyanji – Anandji – Viju Shah) in 1989 in which she worked on "Main Teri Mohabbat Mein" and "Gajar Ne Kiya Hai Ishara".[8] ১৯৮৯ চনত কল্যাণজী-আনন্দজীয়ে সংগীত পৰিচালনা কৰা ত্ৰিদেৱ ছবিয়ে তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিছিল। ইয়াত তেওঁ মেঁই তেৰী মুহব্বত মেঁ আৰু গজৰ নে ক্যা হ্যায় ইছাৰাত কণ্ঠ দিছিল।[8] তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia