সাংস্কৃতিক বিপ্লৱ
সাংস্কৃতিক বিপ্লৱ (ইংৰাজী: Cultural Revolution), আনুষ্ঠানিকভাৱে মহান সৰ্বহাৰা সাংস্কৃতিক বিপ্লৱ (ইংৰাজী: Great Proletarian Cultural Revolution), আছিল ১৯৬৬ চনৰ পৰা ১৯৭৬ চনলৈ গণপ্ৰজাতন্ত্ৰী চীনত চলা এক সামাজিক তথা ৰাজনৈতিক আন্দোলন। এই বিপ্লৱটো আৰম্ভ কৰিছিল চীনৰ কমিউনিষ্ট দলৰ সভাপতি মাও জেদঙে। সাংস্কৃতিক বিপ্লৱৰ মূল লক্ষ্য আছিল চীনা সমাজৰ পৰা পুঁজিবাদী আৰু প্ৰাচীনকালৰ ধ্যান-ধাৰণা নিৰ্মূল কৰি চীনা সাম্যবাদক ৰক্ষা কৰাৰ লগতে মাও জেদঙৰ মতাদৰ্শক (যি মাওবাদ নামেৰে পৰিচিত) প্ৰতিষ্ঠা কৰা। সাংস্কৃতিক বিপ্লৱৰ পাঁচ বছৰ পূৰ্বৰ গ্ৰেট লিপ ফৰৱাৰ্ড (Great Leap Forward) অভিযানৰ সময়ৰ বামপন্থী নীতিৰ ফলত দেশখনৰ ৩ কোটি লোক দুৰ্ভিক্ষত পৰি মৃত্যু মুখত পৰিছিল। জেদঙৰ পূৰ্বৰ গ্ৰেট লিপ ফৰৱাৰ্ডৰ ব্যৰ্থতা পাছত এয়া আছিল জেদঙৰ পুণৰ ক্ষমতালৈ অহাৰ পাছত চলোৱা অভিযান। সাংস্কৃতিক বিপ্লৱে চীনৰ অৰ্থনীতিক ক্ষতিগ্ৰস্থ কৰিছিল আৰু আনুমানিক প্ৰায় ৫০০,০০০ পৰা ২,০০,০০০ জন লোকৰ মৃত্যু ঘটিছিল।[1] মাও জেদঙে ১৯৬৬ চনৰ মে' মাহত এই আন্দোলন আৰম্ভ কৰে। তেওঁ তৰুণ প্ৰজন্মক "সদৰস্থানসমূহত বোমাবৰ্ষণ" কৰাৰ আহ্বান জনাছিল আৰু "বিদ্ৰোহী হোৱা ন্যায়সঙ্গত" বুলি ঘোষণা কৰিছিল। মাওৱে অভিযোগ কৰিছিল যে বুৰ্জোৱা উপাদানসমূহে পুঁজিবাদী পুনৰুদ্ধাৰ কৰাৰ স্বাৰ্থত চৰকাৰ আৰু সমাজত অনুপ্ৰবেশ কৰিছেহি। পিপলছ লিবাৰেশ্বন আৰ্মিৰ (পিএলএ) প্ৰধান লিন বিয়াও (Lin Biao)-ক মাওৰ উত্তৰসূৰি হিচাপে সংবিধানত লিখা হৈছিল। লিনে "লিটল ৰেড বুক" নামৰ কিতাপ এখনত মাওৰ নিৰ্বাচিত উক্তিবোৰ সংকলিত কৰিছিল, যি পাছলৈ গৈ মাওৰ ব্যক্তিত্বৰ অনুগামীসকলৰ মাজত এক পবিত্ৰ গ্ৰন্থ ৰূপে স্থান লাভ কৰিছিল। চীনৰ কমিউনিষ্ট দল (চিপিচি)-ৰ ভিৰতৰ প্ৰতিদ্বন্দ্বীবোৰৰ লগতে স্কুল, কাৰখানা আৰু চৰকাৰী প্ৰতিষ্ঠানবোৰৰ পৰা প্ৰতিদ্বন্দ্বীবোৰক নিৰ্মূল কৰাৰ হৈছিল। চীনৰ যুৱ প্ৰজন্মই দেশজুৰি ৰেড গাৰ্ড গ্ৰুপ গঠন কৰে প্ৰতিক্ৰিয়া জনায়ছিল, তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বী দলৰ সৃষ্টি হৈছিল আৰু এই দলবোৰে উন্মুক্ত যুদ্ধত লিপ্ত হয়। শিক্ষানুষ্ঠানসমূহ বন্ধ আছিল। নগৰকৰ্মীসকলেও একেদৰেই উপদলত বিভক্ত হৈ পৰিছিল আৰু আইনা-শৃঙ্খলা পুণৰুদ্ধাৰৰ বাবে পিএলএ-ক নিয়োজিত কৰিব লগা হৈছিল। উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকলক নিৰ্বাসিত কৰা হৈছিল। লাখ-লাখ লোকক সোঁপন্থী হোৱাৰ অভিযোগ কৰা হৈছিল আৰু তেওঁলোকৰ ওপৰত নিৰ্যাতন কৰা হৈছিল। তেওঁলোক ৰাজহুৱা মনাহানি, কাৰাবন্দী, নিৰ্যাতন, কঠোৰ পৰিশ্ৰম, সম্পত্তি দখল, মৃত্যুদণ্ড নাইবা আত্মহত্যা কৰিবৰ বাধ্য কৰোৱা হৈছিল। চহৰৰ বুদ্ধিজীবী যুৱকসকলক গ্ৰামাঞ্চলৈ প্ৰেৰণ কৰা হৈছিল। ৰেড গাৰ্ডসকলে ঐতিহাসিক স্থান আৰু বস্তুবোৰৰ লগতে সাংস্কৃতিক আৰু ধৰ্মীয় স্থানসমূহ ধ্বংস কৰিছিল। মাওৱে আনুষ্ঠানিকভাবে ১৯৬৯ চনত সাংস্কৃতিক বিপ্লৱে সমাপ্তিৰ ঘোষণা কৰিছিল, পিছে আন্দোনটো সক্ৰিয়ভাবে ১৯৭১ চনলৈ চলিছিল, সেয়া আছিল মাওকে ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰেৰ অভিযোগৰ পাছত লিন বিয়াও পলায়ান কৰি বিমান দুৰ্ঘটনাত মৃত্যুমুখত পৰাৰ সময়লৈকে। ১৯৭৬ চনত মাও জেদঙৰ মৃত্যুৰ পাছত দেশখনৰ পৰবৰ্তী শাসক দেং জিয়াওপিঙে লাহে লাহে সাংস্কৃতিক বিপ্লৱৰ সৈতে জড়িত মাওবাদী নীতিসমূহ বাতিল কৰিছিল। ১৯৮১ চনত চীনৰ কমিউনিষ্ট দলে ঘোষণা কৰে যে চীনত গণপ্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছৰে পৰা দলটোলৈ, দেশখনলৈ তথা জনসাধাৰণলৈ হোৱা সকলোতকৈ বেছি ক্ষয়-ক্ষতিৰ বাবে সাংস্কৃতিক বিপ্লৱ দায়ী।[2] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia