শীলা ভাটিয়া |
---|
জন্ম |
১ মাৰ্চ ১৯১৬ শিয়ালকোট, ব্ৰিটিছশাসিত ভাৰত |
---|
মৃত্যু |
১৭ ফেব্ৰুৱাৰী ২০০৮ ভাৰত |
---|
পেচা |
কবি, নাট্যকাৰ, থিয়েটাৰ কৰ্মী |
---|
জনা যায় |
পঞ্জাবী অ'পেৰা |
---|
বঁটা, সন্মান, পুৰস্কাৰ আদি |
পদ্মশ্ৰী সংগীত নাটক একাডেমী বঁটা পঞ্জাবী একাডেমী পৰম সাহিত সৰকাৰ সন্মান দিল্লী প্ৰশাসন বঁটা গালিব বঁটা পঞ্জাবী কলা সংসদ বঁটা ডিএ শ্ৰেষ্ঠ পৰিচালক বঁটা ঊৰ্দু একাডেমী বঁটা কালিদাস সন্মান পৰম সাহিত চৰকাৰ সন্মান |
শীলা ভাটিয়া (ইংৰাজী: Sheila Bhatia) আছিল এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ,[1] থিয়েটাৰ কৰ্মী[2][3] আৰু দিল্লী আৰ্ট থিয়েটাৰৰ প্ৰতিষ্ঠাতা, যি হৈছে ভাৰতীয় কলাৰ প্ৰসাৰৰ বাবে দিল্লীস্থ এক অনুষ্ঠান।[4] "পঞ্জাবী অ'পেৰা" নামৰ ভাৰতীয় নৃত্য-নাটিকাৰ এক বিশেষ শৈলী যি অপেৰাসদৃশ শৰীৰ-সঞ্চালনৰ ওপৰত আধাৰিত; কোৱা হয় যে সেইটো শৈলী শীলা ভাটিয়াই সৰ্বপ্ৰথম আৰম্ভ কৰিছিল।[5][6][7][8] ১৯৭১ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানীত কৰে।[9] এটা দশকৰ পাছত, ১৯৮২ চনত, থিয়েটাৰ পৰিচালনাৰ বাবে তেখেতে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।[10] ১৯৯৭ চনত তেখেতে লাভ কৰে "কালিদাস" সন্মান।[11]
জীৱনী
১৯১৬ চনৰ ১ মাৰ্চত শীলা ভাটিয়াৰ জন্ম হৈছিল।[5] জন্মস্থান আছিল ব্ৰিটিছশাসিত ভাৰতৰ শিয়ালকোটত (বৰ্তমানৰ পাকিস্তানত)[11] কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত, তেখেতে শিক্ষাত স্নাতক(BT) ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত লাহোৰত গণিতৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। সমান্তৰালভাৱে ভাৰতীয় স্বাধীনতা আন্দোলনতো তেখেতে অংশগ্ৰহণ কৰে।[4] পৰৱৰ্তী সময়ত তেখেত দিল্লীলৈ ঘূৰি আহে আৰু দিল্লী আৰ্ট থিয়েটাৰ আৰম্ভ কৰে।[5][12] তেখেতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয় বিভাগৰ মুৰব্বী হিচাপে কৰ্মনিৰ্বাহ কৰে।[11]
তেখেতৰ প্ৰথমটো প্ৰযোজনা আছিল উপত্যকাৰ আহ্বান (Call of the Valley), যি আছিল এক গীতিনাট্য।[4][5] ইয়াৰ পাছত তেখেতে ৬০টাকৈও অধিক প্ৰযোজনা কৰে-[1] যেনে- "হীৰ ৰাঁজা"(১৯৫৭), "দৰ্দ আয়েগা দবে পাৱ" (১৯৭৯), "ছুলগাড়া দাৰয়া" (১৯৮২), "ওমৰ খায়াম" (১৯৯০),"নচীব"; ( ১৯৯৭)[13] গালিব কৌন থা, আৰু "নাদীৰ শ্বাহ" হৈছে পঞ্জাবী ভাষাত আৰু "কিচ্চা য়েহ ঔৰত কা" (১৯৭২), "হাৱা চে হিপ্পি টক"(১৯৭২), "য়েহ ইস্ক নহী আছা"(১৯৮০) হৈছে উৰ্দু ভাষাত।[5][11][12] ফেইজ আহমেদ ফেইজৰ তেখেত অনুগামী আছিল।[14][15]পাৰ্লো কে ঝক্কাৰ(১৯৫০) নামৰ কবিতা-সংগ্ৰহখনকে ধৰি তেখেতে মুঠ দহখন গ্ৰন্থ প্ৰকাশন কৰিছে।[11]
বঁটা আৰু সন্মান
- ১৯৭১ চনত পদ্মশ্ৰী সন্মান। ভাৰত চৰকাৰৰ তৰফৰ পৰা।[9]
- ১৯৮২ চনত "শ্ৰেষ্ঠ পৰিচালনা"ৰ বাবে সংগীত নাটক একাডেমী বঁটা।[10]
- পৰৱৰ্তী বছৰত, ১৯৮৩ চনত "গালিব" বঁটা আৰু পঞ্জাবী কলা সংসদ বঁটা।[11]
- ১৯৮৬ চনত দিল্লী প্ৰশাসনৰ পৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আৰু ১৯৯৭ চনত "কালিদাস" সন্মান।[11]
- ২০০০ চনত উৰ্দু একাডেমী[11] আৰু পৰম সাহিত চৰকাৰ সন্মান, পঞ্জাবী একাডেমীৰ পৰা।[16]
মৃত্যু
২০০৮ চনৰ ১৭ ফেব্ৰুৱাৰি তাৰিখে ৯১ বছৰ বয়সত শীলা ভাটিয়াৰ দেহাৱসান ঘটে।[5]
তথ্যসংগ্ৰহ
গ্ৰন্থ সংযোগ
- Susie J. Tharu, Ke Lalita (1993). Women Writing in India: The twentieth century. Feminist Press. পৃষ্ঠা. 688. ISBN 9781558610293.
- Ananda Lal (ed.) (2004). The Oxford Companion to Indian Theatre. Oxford University Press. ISBN 9780195644463.