শান্তনু তামূলী
শান্তনু তামূলী (ইংৰাজী: Santanoo Tamuly; জন্ম: ১৯৪৮-) অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেখেত মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক। তেখেতৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেওঁৰ ছদ্মনামহে। তেখেতে অসমীয়া শিশু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰে। জন্ম আৰু বংশ পৰিচয়শান্তনু তামূলীৰ জন্ম হয় ১৯৪৮ চনৰ ১ মাৰ্চ তাৰিখে গোলাঘাট নগৰৰ কাষৰ বেঙেনাখোৱা অঞ্চলত। দেউতাকৰ নাম ডিম্বেশ্বৰ তামূলী আৰু মাতৃৰ নাম ডালিমী তামূলী।[1] তেখেতৰ দেউতাকৰ চাকৰিসূত্ৰে বেঙেনাখোৱাৰ পৰা বৰকাঠনি চাহ বাগিচালৈ পৰিয়ালবৰ্গৰ সৈতে উঠি আহে। তেখেতৰ বাল্যকালটো বৰকাঠনি চাহবাগিচা আৰু কোৱাৰ্টাৰত পাৰ হৈছিল। শিক্ষা জীৱনবৰকাঠনি চাহবাগিচাত থকা প্ৰাথমিক বিদ্যালয়খনতে তেখেতৰ স্কুলীয়া শিক্ষাৰ শুভাৰম্ভ ঘটে। সেই বিদ্যালয়খনৰ পৰা তৃতীয় শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে ১৯৫৭ চনত ঢেকীয়াল চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুলত নামভৰ্তি কৰে আৰু সেই স্কুলখনৰ পৰাই দশম শ্ৰেণী উত্তীৰ্ণ হয়।[1] তেখেতে বিজ্ঞান শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল ১৯৬৮ চনত। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ত্ব বিষয়ত এম. এছ. ছি. (M. Sc.) প্ৰথম বিভাগত উত্তীৰ্ণ হয় ১৯৭০ চনত। ২০০০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট মেনেজমেণ্ট (R&D Management) বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ২০০৪ চনত Journalism & Mass Communication বিষয়ত PGT J.M.C ডিগ্ৰী লাভ কৰে। কৰ্মজীৱনশান্তনু তামূলীয়ে ১৯৭৫ চনত Regional Research Laboratory, Jorhat, CSIRত Senior Scientist Asst. পদত যোগদান কৰে। ২০০৮ চনত সেই চাকৰিৰ পৰা Scientist 'G' হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতে শিশু সাহিত্যৰ উন্নতিৰ হকে যথেষ্ট কাম কৰি আহিছে। তেখেতে দুখন শিশু আলোচনী ক্ৰমে মৌচাক আৰু নতুন আৱিষ্কাৰৰ সম্পাদনা কৰাৰ লগতে হেৰিটেজ আছাম নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত থাকি 'অসম গ্ৰন্থ মহোৎসৱ' নামেৰে যোৰহাট জিলাত দুবছৰৰ মূৰে মূৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। তদুপৰি অসমৰ ১০০খন চাহবাগিচাৰ শিশুসকলৰ ’লেংগুৱেজ স্কিল ডেভেলপমেণ্ট’ৰ বাবে ইউনিচেফ (UNICEF) নামৰ সংস্থাৰ পৃষ্ঠপোষকতাত বিশেষকৈ চাহবাগিচাৰ শিশুসকলৰ ভাষাৰ বিকাশৰ ক্ষেত্ৰত ২০০৯ চনৰ পৰা আত্মনিয়োগ কৰি আহিছে। সাহিত্যিক অৱদানতেখেতে বহুকেইখন আলোচনীৰ সম্পাদকৰ কাম কৰিছিল যদিও বৰ্তমান মৌচাক আৰু নতুন আৱিষ্কাৰৰ সম্পাদকৰ দায়িত্বত থাকি শিশু সাহিত্যৰ ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰি তুলিছে। মৌচাক আলোচনীখন তেখেতে ৩৪ বছৰে সম্পাদনা কৰি আহিছে[2] আৰু তেখেতৰ সম্পাদনাতেই আলোচনীখনে অসমীয়া শিশু সাহিত্যৰ ধাৰাটোত এটা নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন] নতুন আৱিষ্কাৰ আলোচনীখনো তেখেতে বিগত ৩০ বছৰ ধৰি সম্পাদনা কৰি আহিছে। এই দুখন আলোচনীৰ উপৰিও পূৰ্বতে সম্পাদনা কৰা আন কেইখনমান আলোচনী হৈছে 'ত্ৰিশূল', 'ভূমিকা' ইত্যাদি।[1] এতিয়ালৈকে তেখেতৰ প্ৰায় ৪০টাতকৈ অধিক শিশুৰ কোৱা আৰু খেলা সম্পৰ্কীয় প্ৰবন্ধ প্ৰকাশ পাইছে। NCSTC, Department of Science & Technology (Ministry of Science & Technology, Govt. of India, 1994, and on behalf of Assam Scienceৰ আৰ্থিক অনুদানৰ সহায়ত তেখেত গৱেষকৰূপে 'Preparation of anAnnotated Bibliography of Popular Science Books in Assamese Lenguage' নামৰ এখন ৰাষ্ট্ৰীয় প্ৰকল্প প্ৰতিবেদনৰ কাম সম্পন্ন কৰিছিল।[3] উপন্যাস আৰু কল্পবিজ্ঞান গ্ৰন্থ
জনপ্ৰিয় বিজ্ঞান গ্ৰন্থ
অনুবাদ গ্ৰন্থ
ভ্ৰমণ কাহিনী
সংকলন আৰু সম্পাদনা
শিশু সাহিত্য সম্পৰ্কীয় সংকলন
আলোচনামূলক গ্ৰন্থ
সন্মানীয় আসন
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia